Elephant-human conflict is on the rise in assam:
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। ক’ৰবাত যদি হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু হৈছে বা ঘৰ-বাৰী ধ্বংস হৈছে, মানুহৰ আক্ৰমণতো হাতীয়ে কৰুণ মৃত্যুক আঁকোৱালি লৈছে; কিন্তু খাদ্যৰ সন্ধানৰ লগতে সুৰক্ষিত স্থান বিচাৰি বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ লগত মানুহৰ এই সংঘাতক লৈ আজিকোপতি কোনো ধৰণৰ সমাধান সূত্র উলিয়াবলৈ সক্ষম নহ’ল বিয়াগোম বন বিভাগে। যাৰ ফলত ৰাজ্যৰ বিভিন্ন প্রান্তত সংঘটিত এনে ঘটনাত কিশোৰৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে বহুজনে প্রাণ হেৰুৱাইছে।
উল্লেখ্য যে বিগত পাঁচ বছৰত হাতীৰ আক্ৰমণত ৰাজ্যখনত ৩৮৩ জনে প্রাণ হেৰুৱাইছে। কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রণালয়ে প্রকাশ কৰা তথ্য অনুসৰি, ২০১৯-২০ত অসমত হাতীৰ আক্ৰমণত ৭৫ জন, ২০২০- ২১ত ৯১ জন, ২০২১-২২ত ৬৩ জনে, ২০২২-২৩ ত ৮০ জনে আৰু ২০২৩- ২৪ত হাতীৰ আক্রমণত ৭৪ জন লোকে প্রাণ হেৰুৱাইছে।
আনহাতে, ২০০১ৰ পৰা ২০২২ লৈকে ৰাজ্যখনত বিভিন্ন কাৰণত প্রায় ১৩শটা বনৰীয়া হাতীব মৃত্যু হৈছে। ইয়াৰ ভিতৰত ৫০৯টা প্রাকৃতিক কাৰণত, ২০২টা বৈদুতিক, ১০২টা ৰে’ল দুর্ঘটনা আৰু ৬৫টা হাতী বিষাক্ত দ্রব্য সেৱন, ৪০টা চোৰাং চিকাৰী আৰু ১৬টা হাতীৰ গৰমৰ বাবে মৃত্যুমুখত পৰিছে। উল্লেখ্য যে হাতী-মানুহৰ সংঘাতে কে’বাখনো জিলাত ভয়াবহ বৰূপ ধাৰণ কৰিছে। বিশেষকৈ গোৱালপাৰাত বিগত তিনি বছৰত অর্থাৎ ২০২১ৰ পৰা ২০২৩লৈ ৬৬ জন লোকে হাতীৰ আক্ৰমণত প্রাণ হেৰুৱাইছে।
একেদৰে যোৰহাটৰ মৰিয়ণীত ২০২১-২২ৰ পৰা ২০২৩- ২৪লৈকে হাতীৰ আক্রমণত সাতজন লোকে প্রাণ হেৰুৱাৰ লগতে ৬৩ জন লোক আহত হৈছে। অঞ্চলটোৰ প্রায় ১৬১টা বাসগৃহ ধ্বংস কৰিছে হাতীয়ে। বিপৰীতে এই সংঘাত দূৰ কৰিবলৈ সংশ্লিষ্ট অঞ্চলত বন বিভাগৰ তৰফৰ পৰা বিনামূলীয়া টর্চ লাইট, কেৰাচিন, ফটকা আদি বিতৰণ কৰিয়েই এই গুৰুতৰ বিষয়টোৰ পৰা গা এৰা দিয়া দেখা গৈছে। ইফালে, হাতী-মানুহৰ সংঘাত যদি প্ৰতিকাৰ কৰা নহয়, ভবিষ্যতে ই অধিক ভয়াৱহ হৈ পৰিব বুলি মন্তব্য কৰিছে হাতী বিশেষজ্ঞই।
সৰুৰে পৰা হাতীৰ স’তে সহাৱস্থান কৰি অহা তথা এই ক্ষেত্ৰত কাম কৰি অহা দেশভক্ত তৰুণৰাম ফুকনৰ নাতি মনোজৰাম ফুকনে হাতী-মানুহৰ সংঘাতৰ সন্দৰ্ভত কয়, ‘এই সংঘাত দূৰ কৰিবলৈ হ’লে প্রথমে বনাঞ্চল ৰক্ষা কৰিব লাগিব। এতিয়া অসমৰ ক্ষেত্ৰত দেখা গৈছে যে যোৱা ২০ বছৰত প্রায় এক লাখ ৬৯ হেজাৰ হেক্টৰ বনাঞ্চল ধ্বংস হৈছে। কথাবিলাক চৰকাৰক কোৱা হৈছে: কিন্তু ফলাফল একো নাই।’ দ্রুতগতিত বৃদ্ধি পোৱা এই সংঘাতৰ বাবে হাতীৰ দোষ নাই, মানুহৰে দোষ বুলি তেওঁ উল্লেখ কৰি পুনৰ কয়, ‘আমি বনাঞ্চল কাটি শেষ কৰি পেলাইছো। যেতিয়ালৈকে বনাঞ্চল ৰক্ষণাবেক্ষণ দিয়া নহয়, তেতিয়ালৈকে হাতী-মানুহৰ সংঘাত শেষ কৰা কঠিন।
এটা সময়ত এনেকুৱা আহিব যে হাতীক গুলীয়াই মৰিব লাগিব। তাৰ বাহিৰে আমাৰ হাতত কোনো উপায় নাথাকিব। গতিকে এতিয়াও সময় আছে। যদি বন বিভাগটো অলপ সক্রিয় হয়, তেতিয়াহ’লে এই সমস্যা কিছু হ’লেও সমাধান হ’ব।’ অসমত ঘৰচীয়া হাতৰ সংখ্যা অস্বাভাৱিক হাৰত হ্রাস পোৱা বুলি তেওঁ উল্লেখ কৰি কয়, ‘আজি যদি পর্যাপ্ত পৰিমাণৰ ঘৰচীয়া হাতী থাকিলেহেঁতেন বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ সুবিধা থকিলেহেঁতেন। কাৰণ ঘৰচীয়া হাতী থাকিলে, সেই স্থানলৈ বনৰীয়া হাতী নাহে আৰু আহিলেও খেদিবলৈ সহজ হয়। ঘৰচীয়া হাতী থাকিলে সাময়িকভাবে এই সংঘাত কিছু হ’লেও ৰোধ কৰিব পৰা গ’লহেঁতেন বুলি ফুকনে মন্তব্য কবি লগতে কয়, ‘আজিৰ দিনত চাহ বাগিচাসমূহলৈ যদি চায় হাতীৰ ওপৰত কি অত্যাচাৰ চলে। শিলগুটি দলিয়াই, বিদ্যুৎ চক দিয়ে।
এইবোৰ কৰোতে কৰোতে হাতীসমূহ খঙাল হৈ গৈছে। হাতীক মৰম কৰিবলৈ আমি শিকিব লাগিব। অত্যাচাৰ বন্ধ কৰিব লাগিব। আমাৰ যিদৰে বানপানীৰ লগত সহাৱস্থান কৰাৰ বাহিৰে আন কোনো পথ নাই, হাতীৰ লগতো আমি এতিয়া সহাৱস্থানেই কৰিব লাগিব।’ বহু অঞ্চলত হাতীক গুলীওৱা হয় আৰু কে’বাটাও গুলি খোৱা হাত আছে বুলি উল্লেখ কৰি তেওঁ যাৰ ফলত ভয়ত হাতীসমূহ পাহাৰৰ পৰা তললৈ নামি আহি ঘৰ-দুৱাৰ ভাঙে বুলি কয়।
ইয়াৰ উপৰি তেওঁ দীঘলীয়া সময়ৰ বাবে এই সংঘাত কিদৰে প্ৰতিৰোধ কৰিব পৰা যায়, এই ক্ষেত্ৰত চৰকাৰী হাত বিশেষজ্ঞসকলে নতুন দিশ উদ্ভাৱন কৰিব লাগিব বুলিও মন্তব্য কৰে। সমান্তৰালভাৱে তেওঁ বন বিভাগৰ বিৰুদ্ধে সৰৱ হৈ কয়, ‘এসময়ত অসমৰ মুখা বন সংৰক্ষক পদত জেকব, স্ট্রেচি নামৰ দুজন বিষয় আছিল।
তেওঁলোকে মাহত এবাৰ এসপ্তাহৰ কাৰণে অতব্য অৰণ্যৰ মাজত গৈ কেম্প কৰে। শিবিৰতে থাকি সমগ্রিক অঞ্চলৰ প্রাথমিক খবৰ সংগ্ৰহ কৰে। ফলত প্রথম শাৰীৰ বনকর্মীসকল সক্রিয় হৈ থাকে। কাৰণ শীর্ষ বিষয়া কেতিয়া আহে ঠিক নাই। আজিকালিতো কোনো বনাঞ্চললৈ নাযায়। মুখ্য বন সংৰক্ষক বাদ দিয়ক, ডিএফঅ’ এজনেই নাযায়। বনাঞ্চললৈ গ’লে তাত কি চলি আছে খবৰ পোৱা যায়। যদি কিবা ধ্বংসযজ্ঞ চলিছে, তাৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্রহণ কৰিব পাৰে। আজিকালি নাযায় কাৰণে ক’ত কি হৈ আছে গমেই নাপায়। ক’ত হাতী মৰি আছে, স্থানীয় লোকে খবৰ দিলেহে গম পায়। ক্ষেত্র ভিত্তিক অভিযান একেবাৰে নাই।’ বন বিভাগৰ বিষয়াসকলক আজিৰ দিনত পথৰ ওপৰতহে দেখা যায় বুলি তেওঁ উল্লেখ কৰি পুনৰ কয়, ‘তেওঁলোকে বনাঞ্চলত থাকিব লাগে। বনাঞ্চল কিদৰে বৃদ্ধি কৰিব পাৰি, তাত গুৰুত্ব দিব লাগে।
যেতিয়ালৈকে বিভাগীয় মুৰব্বীয়ে একেবাবে ভিতকরা অঞ্চললৈকে নাযায়, বনাঞ্চলৰ মাজত গৈ বাহৰ পাতি যদি অধ্যয়ন নকৰে, এই সমস্যা সমাধান নহয়। হাতী-মানুহৰ সংঘাত বুলি কৈ থকিলেতো নহ’ব; কি সমস্যাত তেওঁলোক ওলাই আহিছে সেই দিশ উদ্ভাৱন কৰি ব্যৱস্থা গ্রহণ কৰিব লাগিব।’ ইয়াৰ উপৰি এলিফেন্ট টাস্ক ফার্চ নামৰ এখন সমিতি চৰকাৰে গঠন কৰিছিল আৰু আজিলৈকে এখন আলোচনা, বৈঠক নহ’ল বুলি তেওঁ ক্ষোভ প্রকাশ কৰি কয়, ‘কাৰোৱে এই ক্ষেত্রত মনোযোগ নাই। এটা বিভাগ থকাৰ পাছত ইমান ডাঙৰ সমস্যা এটা কিমান মানুহ মৰিছে, কিমান হাতীক হত্যা কৰা হৈছে, সমাধানৰ কোনো চিন্তা নাই।’
উল্লেখ্য যে এনে সমস্যাসমূহৰ বিপৰীতে আজি দিনত বিয়াগোম বন বিভাগৰ বিষয়াসকলক কৰ সংগ্রহতে অধিক ব্যস্ত হৈ থকা দেখা যায়।