Goalpara Accident :
গোৱালপাৰাৰ ৰংজুলী ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি ৷ শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল মাতৃ-পুত্ৰ সহ একেই পৰিয়ালৰ তিনি গৰাকী ৷
প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে গুৱাহাটী অভিমুখী যাত্ৰীভৰ্তি আলট্ৰা বাছ বাছ আৰু দুধনৈ অভিমুখী ফ’ৰ্ড ফিগো বাহনৰ মাজত ৰংজুলিৰ দোসীমাৰ ৰাষ্ট্ৰীয় ঘাইপথত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত থিতাতে নিহত হয় ফিগো বাহন খনৰ আৰোহী মীনা ৰাভা ৰায় (৪৫), কৃতো ৰায় (১৪) আৰু মঞ্জু ৰায় (৫৫ )৷ মীনা ৰাভা ৰায় আৰু কৃতো ৰায় মাতৃ-পুত্ৰ ৷ আনহাতে মঞ্জু ৰায় কৃতো ৰায়ৰ খুড়ীয়েক ৷ নিহত আটাইকেইজনৰ ঘৰ দুধনৈত ৷
আনহাতে ঘটনাস্থলীত বহু পলমকৈহে আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত দুৰ্ঘটনাত বিধ্বস্ত চাৰিচকীয়া বাহন খনৰ ভিতৰৰ পৰা উলিয়াই মৃতদেহ তিনিটা ৷ এই দুৰ্ঘটনাটোত যাত্ৰীবাহী আল্ট্ৰা বাছ খনৰ কে’বাজনো যাত্ৰী আংশিকভাবে আহত হয় ৷ আহত সকলক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় ৰংজুলী স্বাস্থ্য কেন্দ্ৰলৈ ৷
আল্ট্ৰা বাছৰ দৌৰাত্ম্যৰ ফলতে দুৰ্ঘটনাটি সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ আনহাতে একে পৰিয়ালৰ তিনিজন লোকৰ অকাল মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে দুধনৈত ৷