Chandrapur Rash Festival Open Gambling:
পবিত্ৰ ৰাস উৎসৱৰ অচিলা লৈ গুৱাহাটীৰ কেইবাটাও স্থানত চলিছে জুৱা তথা ঝান্দি -মুণ্ডা মুকলি আড্ডা। আৰক্ষীৰ মেনেজ কৰি মহানগৰীৰ পাশ্বৱৰ্তী চন্দ্ৰপুৰ ৰাসস্থলীটো জুবাৰ মুকলি বেহা চলি থকাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে ৪৪ সংখ্যক বৰ্ষত ভৰি দিয়া চন্দ্ৰপুৰ আঞ্চলিক ৰাস উৎসৱ সমিতিৰ উদ্যোগত যোৱা ১৫ নৱেম্বৰৰ পৰা ১১ দিনীয়া কাৰ্যসূচীৰে চলি আছে ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱৰ ‘আনন্দ মেলা’ত প্ৰথম দিনৰ পৰা বীৰদৰ্পে কুৰি খনৰো অধিক জুৱা খেলৰ মুকলি বেহা চলি থকাৰ পিছতো ৰহস্যজনক ভাবে নিৰ্বিকাৰ হৈ আছে আৰক্ষী-প্ৰশাসন।
জুৱা চক্ৰই স্থানীয় আৰক্ষীক মেনেজ কৰি সৰ্বনাশী জুৱা খেল পতাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । লক্ষণীয় কথা এই যে সন্ধিয়াৰ পৰা নিশাৰ ভাগলৈ অবাধে জুৱা তথা ঝান্দি -মুণ্ডাৰ মুকলি বেহা চলি থকাৰ পিছতো ৰাস স্থলীৰ নিচেই ওচৰত থকা প্ৰাগজ্যোতিষপুৰ থানা কিন্তু নিৰ্বিকাৰ । স্থানীয় আৰক্ষীৰ এনে ভূমিকাক সহজভাৱে লব পৰা নাই চন্দ্ৰপুৰৰ সচেতন ৰাইজে।
মন কৰিবলগীয়া যে চন্দ্ৰপুৰ ৰাসস্থলীত চলি থকা মুকলি জুৱাৰ সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰমাণ সহকাৰে একাধিক বাতৰি প্ৰকাশ হোৱাৰ পিছতো মহানগৰ আৰক্ষীৰ ৰহস্যজনক ভূমিকাক লৈ এতিয়া সৰৱ হৈ পৰিছে অঞ্চলটোৰ সচেতন ৰাইজ।সেয়ে ৰাইজে চন্দ্ৰপুৰ ৰাসৰ ‘আনন্দ মেলা’ত চলি থকা জুৱা বন্ধ কৰাৰ বাবে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ হস্তক্ষেপৰ দাবী কৰিছে।