Lakhipur Incident:দুর্বৃত্তই কাটি নিয়া মৃত হাতীৰ দাঁত ৰহস্যজনকভাৱে ঘটনাস্থলীত উদ্ধাৰ

elephant teeth

Lakhipur Incident:

গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা দুর্বৃত্তই কাটি নিয়া মৃত হাতীৰ দাঁতটো আজি ঘটনাস্থলীৰ পৰা কিছু নিলগতে ৰহস্যজনকভাবে উদ্ধাৰ হয়। বন বিভাগ আৰু আৰক্ষী প্রশাসনে দুদিন ধৰি চলোৱা যুটীয়া অভিযানৰ অন্তত উদ্ধাৰ হয় হাতী দাঁতটো।

উল্লেখ্য যে গোৱালপাৰাৰ লক্ষীপুৰৰ ফকিৰমাৰা গাঁৱৰ ধাননি পথাৰত ১৬ নৱেম্বৰত উদ্ধাৰ হৈছিল এটা বনৰীয়া হাতীৰ মৃতদেহ। কিন্তু দুর্বৃত্তই ইতিপূর্বে কাটি নিছিল মৃত হাতীটোৰ এটা দাঁত। হাতীটোৰ অকালতে মৃত্যু ঘটা সন্দৰ্ভত সাংবাদিকে বন বিভাগৰ বিষয়ববীয়াক সোধা প্রশ্নৰ উত্তৰত সেই মুহূর্তত উপস্থিত বন বিভাগৰ বিষয়ববীয়াই সেই বিষয়ে অজ্ঞাত সদৰী কৰিছিল।

সিদিনা ঘটনাৰ পাছতেই লক্ষীপুৰ বনাঞ্চলিক কার্যালয়ৰ বিষয়ববীয়া আৰু লক্ষীপুৰ থানাৰ আৰক্ষী বিষয়া মনেশ্বৰ বেৰ সহযোগত ঘটনাস্থলীত আশে-পাশে গাঁও সমূহত তদন্ত চলাই সোধপোছ অব্যাহত ৰাখে। একমাত্র হাতী দাঁতটো উদ্ধাৰৰ বাবে বন বিভাগ আৰু আৰক্ষী প্রশাসনে যুটীয়াভাবে অনুসন্ধান অব্যাহত ৰাখিছিল।

অৱশেষত আজি আৰক্ষী আৰু বন বিভাগে পুনৰ যুটীয়াভাবে ঘটনাস্থলীত গৈ তীব্র অভিযান চলায়। অভিযানত সমীপৰ কে’বাখনো গাঁৱৰ ৰাইজেও পূর্ণ সহযোগিতা আগবঢ়ায়। অভিযানৰ সময়ছোৱাত অভিযানকাৰীয়ে ঘটনাস্থলীৰ কিছু নিলগতে এটা দাঁতৰ টুকুৰা পৰি থকা প্রত্যক্ষ কৰে। অভিযানকাৰীয়ে লগে লগে পৰিত্যক্ত দাঁতটো উদ্ধাৰ কৰি তদন্তত মৃত হাতীটোৰে দাঁত বুলি নিশ্চিত হয়। পাছত উদ্ধাৰকৃত হাতীৰ দাঁতটো জব্দ কৰি বন বিভাগে বন কার্যালয়লৈ নিয়ে ৷

Exit mobile version