Akrsu Reaction:জনজাতিকৰনৰ নামত চৰকাৰে বাড়ম্বাৰ প্ৰতাৰণাৰ পিছত বিজেপি চৰকাৰক ওফৰাই পেলোৱাৰ স্বাৰ্থত ৰাজনৈতিক পথাৰত নামিব ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ: আক্ৰাছুৰ সভাপতি বলোৰাম বৰ্মন

এটা জাতি বা জনগোষ্ঠী হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰাৰ উদাহৰণ আছে, কিন্তু ফল নধৰে : সাংসদ ফণী ভূষণ চৌধুৰী

fani

Akrsu Reaction:

 ৰাজ্যখনত পুনৰ ছয় জনগোষ্ঠীৰ দ্বাৰা আন্দোলন শীৰ্ষত উপনীত হৈছে। উপ-নিৰ্বাচনৰ পিছৰে পৰা ৰাজ্যখনৰ বিভিন্ন স্থানত জনজাতিকৰণৰ দাবীত আন্দোলন আৰম্ভ হৈছে। একে সময়তে, আন্দোলনৰ কাৰ্যসূচীৰ ঘোষণা কৰিছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত বুধবাৰে আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি বলোৰাম বৰ্মনে কয় যে জনজাতিকৰনৰ নামত চৰকাৰৰ বাড়ম্বাৰ প্ৰতাৰণাৰ পিছত বিজেপি চৰকাৰক ওফৰাই পেলোৱাৰ স্বাৰ্থত ৰাজনৈতিক পথাৰত নামিব ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ |

তেওঁ লগতে কয় যে ২০২৬ চনত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনকলৈ শীঘ্ৰেই ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ মাজত আলোচনা অনুষ্ঠিত হ’ব। আক্রাছু কেন্দ্ৰীয় সভাপতি বলোৰাম বৰ্মনে কয় যে যদি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নহয়, তেন্তে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত কোচ ৰাজবংশী জনগোষ্ঠীয়ে চৰকাৰৰ বিকল্প ভোট দিব।

ছয় জনগোষ্ঠীয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনত ৰাজনৈতিক পথাৰত নামিব, আক্ৰাছু সভাপতি বলোৰাম বৰ্মনে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফনী ভূষণ চৌধুৰীয়ে কয় যে অসম বিধানসভা নিৰ্বাচনলৈ এতিয়াও  ডেৰ বছৰ বাকী আছে ৷ জনজাতিকৰন প্ৰসংগত বহু কাম আগবাঢ়িছে ৷ গতিকে ডেৰ বছৰৰ ভিতৰত জনজাতিকৰণৰ সমস্যা সমাধান কৰা হ’ব ৷ এটা জাতি বা জনগোষ্ঠী হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰাৰ উদাহৰন আছে, কিন্তু ৰাজনীতিত ইয়াৰ ফল নধৰে বুলি মন্তব্য আগবঢ়ায় সাংসদ ফণী ভূষণ চৌধুৰীয়ে।

Exit mobile version