Guwahati Birubari Theft Incident:
মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেন্স অপৰাধীয়ে অব্যাহত ৰাখিছে ইটোৰ পাছত সিটোকৈ অপৰাধমূলক কাৰ্যকলাপ ৷ বৃহস্পতিবাৰে দিন দুপৰতে মহানগৰীৰ বিৰুবাৰীত সংঘটিত হ’ল দিন-ডকাইতি ৷ বি বৰুৱা কেঞ্চাৰ হাস্পাতালৰ সন্মুখত ৰখাই থোৱা এখন বিলাসী বাহনৰ আইনা ভাঙি দুৰ্বৃত্তই লুট কৰি নিয়ে লক্ষাধিক ধন ৷
প্ৰাপ্ত খবৰ অনুসৰি , বৃহস্পতিবাৰে দুপৰীয়া বিৰাজ ডেকা নামৰ লোকজনে তেওঁৰ আত্মীয় চিকিৎসাৰ বাবে আহিছিল বিৰুবাৰীস্থ বৰুৱা কেঞ্চাৰ হাস্পাতাললৈ ৷ সেই অনুসৰি তেওঁৰ ফৰ্চুনাৰ বাহন খন বি বৰুৱা কেঞ্চাৰ হাস্পাতালৰ বিপৰীত ফালে থকা আই টি আইৰ সন্মুখত ৰাখিছিল ৷ কিন্ত হাস্পতালৰ পৰা আহি প্ৰত্যক্ষ কৰে যে তেওঁৰ বাহন খনৰ গ্লাছ ভঙা আৰু বাহন খনৰ ভিতৰত থকা ১.২০ লাখ টকা ভৰ্তি বেগটো নাই ৷ অৰ্থাৎ দুৰ্বৃত্তই বাহনৰ গ্লাছ ভাঙি লুট কৰি নিছে টকা ভৰ্তি বেগ আৰু কাপোৰৰ টোপোলা এটা । ভুক্তভোগী ডেকাৰ খবৰৰ ভিত্তিত ভৰলুমুখ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷