CM inspected the project site of the Guwahati-North Guwahati connecting bridge:
অহা বৰ্ষৰ জুলাইত সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণৰ কাম। দলঙৰে অহা- যোৱা কৰা গাড়ী-মটৰ-চিটি বাছী দিব নালাগে টোল ফীজ। কিন্ত নৈশ বাছ আৰু ট্ৰাকে দিব লাগিব টোল ফীজ। এই মন্তব্য মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মাণ গুৱাহটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী দলঙৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়। এই পৰিদৰ্শনকালত নিৰ্মানকাৰ্যৰ লগত জড়িত প্ৰতিষ্ঠানৰ প্ৰতিনিধি, লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ উপস্থিতিত নিৰ্মাণকাৰ্যত দলঙৰ কাৰিকৰী দিশকে ধৰি বিভিন্ন দিশসমূহৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰাৰ লগতে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে।
প্ৰায় তিনি হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণকাৰ্য চলাই থকা ছয়লেনযুক্ত দলংখনৰ কাম প্ৰায় ৭০ শতাংশ ইতিমধ্যে সম্পূৰ্ণ হৈছে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ড: শৰ্মাই আভান্তৰীণ জল পৰিবহণ বিভাগ জাহাজত উঠি দলংখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে ৷