Digital Arrest Gang Arrested In Guwahati:
আপুনি যদি অৱসৰ প্ৰাপ্ত বিষয়া বা ব্যৱসায়ী হয় ৷ তেন্তে এতিয়াৰ পৰা ম’বাইলত অহা অচিন ফোন কল ৰিচিভ কৰিব যাওঁতে হওক সাৱধান ৷ অন্যাৰ্থাই আপুনি সন্মুখীন হ’ব পাৰে সম্ভাব্য বিপদৰ ৷
অচিন কণ্ঠৰ পৰা অহা ফোনে আপোনাৰ বিৰুদ্ধে চিবিআই বা আৰক্ষীত গোচৰ ৰজু হোৱা বুলি কৈ নিজকে আৰক্ষী বুলি পৰিচয় দি এই গোচৰৰ পৰা সকাহ পাবলৈ আপোনাক ব্লেকমেইল কৰি দাবী কৰিব শকত পৰিমাণ ধন ৷ অৰ্থাৎ চাইবাৰ অপৰাধত নতুন সংযোজন ডিজিটেল এৰেষ্ট ৷ ডিজিটেল এৰেষ্টৰ ভয়াৱহ জাল মেলা এটা চাইবাৰ অপৰাধী চক্ৰক গুৱাহাটীত উৎখাত কৰিবলৈ সক্ষম হয় গুৱাহাটী আৰু তামিলনাডু আৰক্ষীয়ে।
চেন্নাইত ৰজু হোৱা গোচৰৰ সন্দৰ্ভত তামিলনাডুৰ এটা আৰক্ষী দলে গুৱাহাটী আৰক্ষীৰ সহযোগত মহানগৰীৰ অনিল নগৰৰ এটা ফ্লেটত অৰ্তকিতে অভিযান চলাই চাৰিজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত যুৱক কেইজন হ’ল ধ্ৰুৱজ্যোতি মজুমদাৰ,প্ৰশান্ত গিৰি,নিশান্ত নেৱাৰ, প্ৰাঞ্জল হাজৰিকা ৷ তেওঁলোকৰ পৰা জব্দ কৰে লেপটপ, হাৰ্ডডিক্,কম্পিউটাৰ,কে’বা খনো ছিমকাৰ্ড,কে’বাটাও ম’বাইল সহ কেতবোৰ আপত্তিজনক নথিপত্ৰ।
উল্লেখ্য যে,গোটেই ঘটনাটো পোহৰলৈ আহে ১৯ নৱেম্বৰত জাগীৰোডত গ্ৰেপ্তাৰ হোৱা পার্থ প্রতীম বৰাই জেৰাত দিয়া স্বীকাৰোক্তিত ৷ চাইবাৰ অপৰাধী চক্ৰটোৱে পার্থ প্রতীম বৰাৰ বেংক একাউন্টৰ জৰিয়তে লেনদেন কৰিছিল ৩ কোটি ৮৮ লাখ টকা ৷ একেদৰে মৰিগাঁৱৰ এটা প্ৰতিষ্ঠানৰ কাৰেণ্ট বেংক একাউন্টোও ব্যৱহাৰ কৰিছিল। পানবজাৰ থানাত ৰখা চাৰি চাইবাৰ অপৰাধীক ইতিমধ্যে আজি চেন্নাই আৰক্ষী দলটোৱে টেনজিট ৰিমাণ্ডত লৈছে ৷
মনকৰিবলগীয়া যে, চাইবাৰ অপৰাধী চক্ৰটোৱে গুৱাহাটীৰ পৰাই চেন্নাই সহ দেশৰ বিভিন্ন স্থানৰ বিভিন্ন জনলৈ ডিজিটেল এৰেষ্টৰ জাল পেলাইছিল ৷ কিন্ত এশ গৰু মাৰিলে বাঘৰো মৰণ লেখীয়াকৈ চাইবাৰ অপৰাধী চক্ৰটো অৱশেষত আৰক্ষীৰ জালত পৰে ৷