অসমৰ পঞ্চমগৰাকী মহাপুৰুষ কৃষ্ণানন্দ দেৱৰ দ্বাৰা প্ৰতিষ্ঠাপিত মাণিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত কৃষ্ণানন্দ দেৱৰ জয়ন্তীৰ লগত সংগতি ৰাখি ১২৯ সংখ্যক সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱ উদযাপন কৰা হয় ৷
২, ৩ আৰু ৪ ডিচেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানৰ প্ৰথম দিনা ধৰ্মালোচনী সভাত ’কৃষ্ণানন্দ বঁটা’ প্ৰদান কৰা হয় অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম কুমাৰ মহন্তক ৷
সত্ৰাধিকাৰ বিজুলী মাত্ৰ আইদেউ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ ড: বাবুল দাস, গোবিন্দ ভৱন গীতা সত্ৰ মাণিকপুৰৰ ডেকা সত্ৰাধিকাৰ কপিল দাস, অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম কুমাৰ মহন্ত, প্ৰদীপ কুমাৰ বায়ন, হিমানী অধিকাৰী, উজ্জ্বলকান্তি ৰায় সহিতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
দ্বিতীয় দিনা ভাগৱত শোভাযাত্রা, অখণ্ড নাম কীৰ্তন, অষ্টপ্ৰহৰ অনুষ্ঠিত হয়৷ উল্লেখযোগ্য যে অসম আৰু উত্তৰবংগৰ মিলনভূমি হিচাপে জনাজাত গোবিন্দ ভৱন গীতা সত্ৰ, মাণিকপুৰত অসম তথা উত্তৰবংগৰ অগনন ভক্তৰ সমাগম হয় আৰু সকলো ভক্তৰ থকাৰ আৰু খোৱাৰ ব্যৱস্থা কৰা হয়।