দেশৰ দ্বিতীয় বৃহত্তম ৰাজ্য মহাৰাষ্ট্ৰত মহাযুটিয়ে চৰকাৰ গঠনৰ জনসমৰ্থন লাভ কৰিছিল যদিও মুখ্যমন্ত্ৰী পদক লৈ বিজেপি আৰু একনাথ শিণ্ডেৰ মাজত চলি থকা শীতল যুঁজ অন্ত পৰাৰ দিশে আগবাঢ়িছে ৷
বুধবাৰে বিজেপিৰ বিধায়িনী দলে নেতা নিৰ্বাচন কৰাৰ পিছত আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে নতুন মুখ্যমন্ত্ৰীৰ নাম ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি মুখ্যমন্ত্ৰী বিজেপিৰ হ’লে সিণ্ডেৰ কোনো আপত্তি নাই বুলি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক অৱগত কৰিছে৷
ইফালে শিৱসেনাৰ মুৰব্বী একনাথ শিণ্ডেৰ পুত্ৰ শ্ৰীকান্তে তেওঁক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ জল্পনা-কল্পনা খণ্ডন কৰিছে। শ্ৰীকান্তে কয় যে উপ-মুখ্যমন্ত্ৰী হোৱাটো দূৰৰ কথা যে তেওঁ ৰাজ্যখনৰ কোনো মন্ত্ৰী পদৰ দৌৰত নাই।
উল্লেখ্য যে মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হয় ২৩ নৱেম্বৰত ৷ ২৮৮ খন আসন বিশিষ্ট বিধানসভাত মেজিক নম্বৰ ২৪৫ অতিক্ৰম কৰি বিজেপি নেতৃত্বাধীন মহাযুটিয়ে অকলেই লাভ কৰে ২৩০ খন আসন ৷ আনহাতে মহা আঘাড়ীয়ে লাভ কৰে মাত্ৰ ৫০ খন আসন ৷
দলীয় হিচাপত বিজেপিয়ে ১৩২,শিৱসেনা সিণ্ডে গোট ৫৭,এনচিপি অজিত পাৱাৰ গোট ৪১,শিৱসেনা ইউবিটি ২০,কংগ্ৰেছ ১৬,এনচিপি শাৰদ পাৱাৰ গোট ১০,সমাজবাদী পাৰ্টি ২,চিপিআই এম ১,অন্যান্য ৯ ৷