অচিৰেই কইনাৰ সাজত দেখা যাব ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ আৰু দুবাৰকৈ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুক । চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ২২ ডিচেম্বৰত ৰাজস্থানৰ উদয়পুৰত পোচিডেক্স টেকন’লজিছৰ কাৰ্যবাহী সঞ্চালক ভেংকট দাত্তা সাইৰ সৈতে খেলুৱৈগৰাকীয়ে তেওঁৰ জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিব। জানিব পৰা অনুসৰি আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠানৰ সকলো ৰীতি-নীতি ২০ ডিচেম্বৰৰ পৰাই আৰম্ভ হ’ব ।
শেহতীয়াকৈ সিন্ধুৰ পৰিয়ালে নিশ্চিত কৰে যে ২৪ ডিচেম্বৰত হায়দৰাবাদত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।
উল্লেখ্য যে, পি ভি সিন্ধুৰ বিবাহ অনুষ্ঠানৰ সময়সূচী এনেদৰে নিৰ্ধাৰণ কৰা হৈছে যাতে, খেলুৱৈগৰাকীয়ে জানুৱাৰীত পুনৰ বেডমিণ্টন ক’ৰ্টলৈ উভতি আহিব পাৰে । সিন্ধুৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি এমাহৰ পূৰ্বে বিবাহৰ দিন চূড়ান্ত কৰা হৈছে ।