চৌদিশে আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক । বজাৰলৈ যাবই নোৱাৰি । বজাৰৰ তালিকা দেখিলেই তালু গৰম হয় সাধাৰণ জনতাৰ । শেহতীয়াকৈ বজাৰত আলুৰ অত্যাধিক মূল্যবৃদ্ধিৰ বাতৰিয়ে চৰ্চা লাভ কৰি থকাৰ পিছতেই এইবাৰ বৃদ্ধি হ’ল কণীৰ মূল্য । প্ৰতি প্লেট কণীৰ মূল্য বৃদ্ধি হৈছে ২০ ৰ পৰা ২৫ টকালৈ ।
আজি এসপ্তাহ ধৰি কণীৰ পাইকাৰী বজাৰত দৈনিক অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে । ইফালে খুচুৰা বজাৰত কণীৰ মূল্য ৮ টকা পৰ্যন্ত বৃদ্ধি হৈছে ।
উল্লেখ্য যে বনভোজৰ সময় কাষ চপাৰ লগে লগে ৰাজ্যত চাহিদা বৃদ্ধি হয় কণীৰ । যাৰ ফলত এতিয়া একাংশ ব্যৱয়াসীয়ে কণীৰ কৃত্ৰিম নাটনিৰ অচিলা লৈ কণীৰ মূল্যবৃদ্ধি কৰাৰো বুলি অভিযোগ উত্থাপন কৰিছে ।
উল্লেখ্য যে, এসপ্তাহৰ পূৰ্বে মহানগৰীত প্ৰতি প্লেট ব্ৰয়লাৰৰ কণীৰ মূল্য আছিল ১৯৫ টকাৰ পৰা ২০০ টকা । আনহাতে বৰ্তমান সময়ত প্ৰতি প্লেট ব্ৰয়লাৰৰ কণীৰ মূল্য ২২০ টকা । ইফালে মহানগৰীত আজিৰ দিনটোত প্ৰতি কাৰ্টন কণীৰ পাইকাৰী মূল্য হৈছে ১,৪৫০ ৰ পৰা ১,৪৮০ টকা । এসপ্তাহৰ পূৰ্বে ইয়াৰ মূল্য আছিল ১,৩৯০ ৰ পৰা ১৪ শ টকা ।