Maharashtra CM swearing in ceremony: বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিব মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ

তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিযুক্তিৰ পথ প্ৰশস্ত কৰে বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাভিছে । অহা ৫ ডিচেম্বৰত বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাভিছে  মুম্বাইত এক বিশাল অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

মুখ্যমন্ত্ৰী

অৱশেষত অন্তত পৰিল ব্যাপক চৰ্চাৰ । তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে নিযুক্তিৰ পথ প্ৰশস্ত কৰে বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাভিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা ৫ ডিচেম্বৰত বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাভিছে  মুম্বাইত এক বিশাল অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । লগতে শপত গ্ৰহণ কৰিব উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে । দক্ষিণ মুম্বাইৰ আজাদ ময়দানত শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে ।

ইফালে শপতগ্ৰহণৰ পূৰ্বে মহাৰাষ্ট্ৰৰ অন্তৱৰ্তীকালীন মুখ্যমন্ত্ৰী একনাথ শিণ্ডে, এনচিপি নেতা অজিত পাৱাৰ আৰু প্ৰফুল পেটেল আৰু জ্যেষ্ঠ বিজেপি নেতা বিনোদ তাৱদেৰ সৈতে ফাড়নাভিছে ৰাজ ভৱনত উপস্থিত হৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। তেওঁলোকৰ বিধায়কসকলৰ সমৰ্থন পত্ৰ ৰাজ্যপালৰ ওচৰত দাখিল কৰি চৰকাৰ গঠনৰ দাবী জনায় ।

ফাড়নাভিছে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি কয়, “মই প্ৰধানমন্ত্ৰী, বিজেপি প্ৰধান জে পি নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞ । মই ৰামদাস আঠৱালে, ৰাজনাথ সিং আৰু নীতিন গাডকাৰীৰ প্ৰতিও কৃতজ্ঞ। লগতে মই মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ প্ৰতিও কৃতজ্ঞ ।”

ইতিমধ্যে মুম্বাই ট্ৰেফিক পুলিচে চহৰখনত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু যান-জঁটৰ সমস্যা নোহোৱাকৈ সুচল যাতায়ত ব্যৱস্থাৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে ।

 

Exit mobile version