ৰাজ্য়ত ডাম্পাৰৰ দৌৰাত্ম্য । পুনৰ যোৰহাট জিলাৰ অজন্তা বাইপাছ চাৰিআলিত ডাম্পাৰে মহতিয়াই লৈ যায় এজন স্কুটী আৰোহীক । উল্লেখ্য যে, জিলাখনত চাৰিলেনযুক্ত পথৰ নিৰ্মাণৰ বাবে বিভিন্ন অঞ্চলত সঘনাই দুৰ্ঘটনাৰ ঘটনা বৃদ্ধি হৈছে । বিশেষকৈ পথসমূহ খন্দাৰ ফলত বিভিন্ন তিনি আলি আৰু চাৰি আলিৰবোৰত সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত বহুতো লোকে কৰুণ মৃত্যুক সাৱটি লৈছে ।
দেওবাৰেও পুনৰ সংঘটিত হয় এই দুৰ্ঘটনাৰ ঘটনা । যোৰহাটৰ অজন্তা বাইপাছত AS03 CC 3805 নাম্বাৰৰ বালি ভৰ্তি ডাম্পাৰখনে মহতিয়াই নিয়ে AS 03S 7549 নাম্বাৰৰ স্কুটীত অহা যোৰহাটৰ বালিগাঁৱৰ কুৰুকাটলীৰ লুহিত দত্ত নামৰ লোকজনক। থিতাতে মৃত্যু হয় লুহিত দত্তৰ।
ইতিমধ্যে আৰক্ষীয়ে ডাম্পাৰখনৰ লগতে চালকজনক আটক কৰিছে। আনহাতে লোকজনৰ মৃতদেহটো মৰণোত্তৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।
এতিয়া প্ৰশ্ন হৈছে এই ডাম্পাৰসমূহৰ বিৰুদ্ধে নাকী লগাব নে প্ৰশাসনে নে পথ নিৰ্মাণ সম্পূৰ্ণ হোৱালৈ আৰু লোকে প্ৰাণ হেৰুৱাব লাগিব ।