Golaghat Bicycle Distrubution Programme:গোলাঘাটত আনন্দৰাম বৰুৱা বঁটা আৰু বাণীকান্ত কাকতি বঁটা প্ৰদান

অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰীদ্বয় অতুল বৰা আৰু অজন্তা নেওগ

atul bora scaled

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা, ড° বাণীকান্ত কাকতি বঁটা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল বিতৰণৰ জৰিয়তে উৎসাহিত কৰাৰ পিছত ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে আজি গোলাঘাট জিলাতো মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক উক্ত বঁটা আনুষ্ঠানিকভাৱে আগবঢ়োৱাৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অসম চৰকাৰৰ দুই কেবিনেট মন্ত্ৰী অতুল বৰা আৰু অজন্তা নেওগ সহ আৰু অন্যান্য বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ।

উল্লেখ্য যে,২০২৪ বৰ্ষত গোলাঘাট জিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুনাম অৰ্জন কৰা ৯১০ গৰাকী শিক্ষাৰ্থীয়ে আনন্দৰাম বৰুৱা বঁটা, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুনাম অৰ্জন কৰা ১,৫৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ড° বাণীকান্ত কাকতি বঁটা আৰু নৱম শ্ৰেণীত পঢ়ি থকা ১০,১১৪ গৰাকী শিক্ষাৰ্থীয়ে চাইকেল লাভ কৰিবলৈ সক্ষম হৈছে । এই অনুষ্ঠানতে কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে বঁটা আৰু চাইকেল প্ৰদান কৰা হয়।

অনুষ্ঠানত দেৰগাঁও, খুমটাই, সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়কসকল ক্ৰমে ভবেন্দ্ৰনাথ ভৰালী, মৃণাল শইকীয়া, বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত, গোলাঘাটৰ পৌৰপতি দুলুমণি বৰবৰা, গোলাঘাট জিলাৰ কেইবাখনো মহাবিদ্যায়ৰ অধ্যক্ষ-অধ্যক্ষাসকল, বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱপ্ৰদীপ বৰা, অসম গণ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি ড: নৃপেন বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল, গোলাঘাট জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Exit mobile version