আমেৰিকাৰ আদালতত উন্মোচিত হোৱা ‘আদানি উৎকোচ কেলেংকাৰি’ক লৈ দেশৰ ৰাজনীতি এতিয়া উত্তাল। এই কেলেংকাৰিত আদানিৰ লগতে সাঙোৰ খাইছিল এজুৰ পাৱাৰ প্রাইভেট লিমিটেড আৰু আৰু ভাৰতীয় সৌৰ শক্তি নিগমৰ। এক মেগাৱাটত ২৫ লাখ টকা পর্যন্ত উৎকোচ দি ভাৰতীয় সৌৰ শক্তি নিগমৰ পৰা অধিক দৰত সৌৰ শক্তি ক্রয় কৰোৱা হৈছিল। এই সৌৰ শক্তি আদানি গ্রীণ আৰু এজুৰ পাৱাৰে উৎপাদন কৰিছিল।
আমেৰিকাৰ আদালতৰ নথি অনুসৰি অন্ধ্রপ্রদেশকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত এই কেলেংকাৰি সংঘটিত হৈছিল। এই সময়তে অসমেও ভাৰতীয় সৌৰ শক্তি নিগম আৰু এজুৰ পাৱাৰৰ পৰা সৌৰ শক্তি ক্ৰয়ৰ চুক্তি কৰিছিল। স্বাভাৱিকতে আমেৰিকাৰ আদালতত উল্লেখ থকা বিভিন্ন ৰাজ্যৰ ভিতৰত অসমো থকাৰ সম্ভাৱনা আছে। কিন্তু ভাৰতীয় সৌৰ শক্তি নিগম আৰু এজুৰ পাৱাৰৰ পৰা ক্ৰয় কৰা শক্তি ক্ৰয়ৰ চুক্তি বিচাৰি কৰা আইটিআই আবেদন অগ্রাহ্য কৰিছে এপিডিচিএলে।
ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই এপিডিচিএলৰ পৰা এজুৰ পাৱাৰ আৰু ভাৰতীয় সৌৰ শক্তি নিগমৰ লগত হোৱা শক্তি ক্ৰয়ৰ চুক্তিৰ প্ৰতিলিপি বিচাৰি কৰা আবেদনৰ তথ্য এপিডিচিএলে আৰটিআই আইনৰ ৮(১) (ঘ) ধাৰাৰ অধীনত দিব নোৱাৰি বুলি অগ্রাহ্য কৰিছে। এই দফা অনুসৰি বাণিজ্যিক গোপনীয়তাৰ বাবে কোনো কর্তৃপক্ষই আৰটিআইৰ অধীনত তথ্য নিদিবও পাৰে।
কিন্তু একেটা দফাতে অতি স্পষ্টভাবে উল্লেখ আছে যে যদিহে ৰাজহুৱা স্বার্থজড়িত থাকে, তেন্তে সেই তথ্য আৰটিআইৰ অধীনত প্রদান কৰিব লাগে। এপিডিচিএলে শক্তি ক্ৰয় কৰাৰ কথাটো নিশ্চিতভাৱে এক ৰাজহুৱা স্বার্থজড়িত বিষয়। আমেৰিকাৰ আদালতত সৌৰ শক্তি ক্ৰয়ৰ কেলেংকাৰিৰ কথা তথ্যসহকাৰে ফাদিল হোৱাৰ পাছত এপিডিচিএলৰ সৌৰ শক্তি ক্ৰয়ৰ তথ্য আৰু অধিক ৰাজহুৱা স্বার্থজড়িত বিষয় হৈ পৰিছে।
উল্লেখযোগ্য যে আমেৰিকাৰ আদালতত আদানি উৎকোচ কেলেংকাৰি ফাদিল হোৱাৰ পাছতে ৰাইজৰ দলে আমেৰিকাৰ আদালতৰ নথিত উল্লেখ থকা বিভিন্ন ৰাজ্যৰ প্ৰসংগ, গৌতম আদানিয়ে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎকৰাৰ পাছতে ভাৰতীয় সৌৰ শক্তি নিগমৰ পৰা অসমেও শক্তি ক্ৰয় কৰা, এজুৰ পাৱাৰ প্ৰকল্প মুখ্যমন্ত্রী ড° শর্মাই নিজেই উদ্বোধন কৰা, এজুৰ পাৱাৰৰ পৰাও অসমে সৌৰ শক্তি ক্ৰয় কৰাকলৈ অসমতো এই কেলেংকাৰি সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাসহ শক্তি বিভাগৰ সকলো বৰমূৰীয়াকো তদন্তৰ আওতালৈ অনাৰ দাবী উত্থাপন কৰিছিল।
ৰাইজৰ দলৰ সংবাদমেলৰ ৯ দিন পাছতে এপিডিচিএলে বিজ্ঞাপন দি বাতৰি ভুৱা বুলি দাবী কৰিছিল। কিন্তু তাৰ পিছতে ৰাইজৰ দলে পুনৰ সংবাদ মেল সম্বোধন কৰি ভাৰতীয় সৌৰ শক্তি নিগমৰ পৰা অন্য উৎসতকৈ যে এপিডিচিএলে অধিক দৰত শক্তি ক্ৰয় কৰি আছে তাৰ তথ্য দাঙি ধৰি আদানি উৎকোচ কেলেংকাৰি অসমতো সংঘটিত হোৱাৰ পূৰ্ণ সন্দেহ ব্যক্ত কৰে। সংবাদ মেলত ৰাইজৰ দলে শক্তি বিভাগ আৰু এপিডিচিএলক যদিহে অসমত এই কেলেংকাৰি সংঘটিত হোৱা নাই তেন্তে ভাৰতীয় সৌৰ শক্তি নিগম আৰু এজুৰ পাৱাৰৰ লগত কৰা সৌৰ শক্তি ক্ৰয়ৰ চুক্তি ৰাজহুৱা কৰাৰ প্ৰত্যাহ্বান জনাইছিল।
সংবাদ মেলখনতে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই এই দুয়োটা সংস্থাৰ লগত হোৱা শক্তি ক্ৰয়ৰ চুক্তিৰ প্ৰতিলিপি বিচাৰি আৰটিআই আবেদন কৰা বুলিও উল্লেখ কৰিছিল। সংবাদ মেলত ৰাইজৰ দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এপিডিচিএলে আৰটআই তথ্য নিদিয়াৰ সন্দেহ ব্যক্ত কৰে।
আজিৰ সংবাদ মেলত ৰাইজৰ দলে কয় যে যি এপিডিচিএলে বিভিন্ন কাকতত ৰাজকোষৰ ধনেৰে বিজ্ঞাপন প্রকাশ কৰি চাফাই গাইছে, সেই এপিডিচিএলে যদিহে আদানি উৎকোচ কেলেংকাৰি অসমত সংঘটিত হোৱা নাছিল, তেন্তে এই কেলেংকাৰিৰ দাগ গুচাবলৈকে সন্দেহৰ আৱৰ্তত থকা ভাৰতীয় সৌৰ শক্তি নিগম আৰু এজুৰ পাৱাৰৰ লগত কৰা শক্তি ক্ৰয়ৰ লগত কৰা চুক্তি নিজাব্বীয়াকৈ ৰাজহুৱা কৰিব লাগিছিল। কিন্তু এতিয়া আৰটিআইৰ অধীনতো এই তথ্য দিবলৈ অস্বীকাৰ এপিডিচিএলৰ। ৰাইজৰ দলৰ প্ৰশ্ন- কিয় এই চুক্তি ৰাজহুৱা হোৱাটো বিচৰা নাই শক্তি বিভাগে?
এই চুক্তি ৰাজহুৱা হ’লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু শক্তি বিভাগৰ গোমৰ ফাঁক ধৰা পৰি যোৱাটো নিশ্চিত নেকি? ৰাইজৰ ধনেৰে কৰা শক্তি ক্ৰয়ৰ তথ্য জনাৰ অধিকাৰ কিয় ৰাইজক দিয়া হোৱা নাই? আদানি উৎকোচ কেলেংকাৰি যে অসমত সংঘটিত হোৱা নাছিল তাক এতিয়া কেনেকৈ প্ৰমাণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ?
সংবাদ মেলত ৰাইজৰ দলে ভাৰতীয় সৌৰ শক্তি নিগম আৰু এজুৰ পাৱাৰৰ শক্তি ক্ৰয় কৰা বিষয়টো আৰু লগতে মুখ্যমন্ত্রীসহ শক্তি বিভাগৰ সকলো বৰমূৰীয়াকে উচ্চ পৰ্যায়ৰ তদন্তৰ আওতালৈ অনাৰ দাবী পুনৰ সজোৰে উত্থাপন কৰে। সংবাদমেলত ৰাইজৰ দলৰ জ্যেষ্ঠ নেতা ৰাছেল হুছেইনো উপস্থিত থাকে ৷
