Dibrugarh international expo: চাহৰ চহৰত দেশ-বিদেশৰ ভিন্ন বিপণী

শনিবাৰৰ পৰা ডিব্ৰুগড়ৰ চৌকিডীঙি খেলপথাৰত অনুষ্ঠিত সম্ভাৱনাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় চিজন গ্ৰীণ এক্সপ' ।

Capture 5

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এইবাৰ চাহৰ চহৰতো ভিৰ কৰিছেহি দেশ-বিদেশৰ কেইবাখনো ৰাজ্যই । শনিবাৰৰ পৰা ডিব্ৰুগড়ৰ চৌকিডীঙি খেলপথাৰত অনুষ্ঠিত সম্ভাৱনাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় চিজন গ্ৰীণ এক্সপ’
শক্তি, দক্ষতা, নিয়োগ, উদ্যমিতা বিকাশ আৰু স্বাস্থ্য শিক্ষা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে এই এক্সপ’খন উন্মোচন কৰে ।

কৃষ্টি-সংস্কৃতিৰ মহামিলনৰ লগতে আর্থ সামাজিক ক্ষেত্ৰতো কিছু অৱদানৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা হয় এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা।

দেশী- বিদেশী কৃষ্টি- সংস্কৃতিৰ লগতে পৰম্পৰাৰ, প্রতিফলিত আৰু আর্থ সামাজিক দিশৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণ, আফগানিস্তান, থাইলেণ্ড, বাংলাদেশ আদি বিদেশী ৰাষ্ট্ৰৰ প্রতিষ্ঠানে অংশগ্রহণ কৰি তেওঁলোকৰ উৎপাদিত বিভিন্ন সা- সামগ্ৰীৰ লগতে হায়দৰাবাদ,কাশ্মীৰ, পাঞ্জাৱ, উত্তৰ প্ৰদেশ, জয়পুৰ, ভাগলপুৰ, নগালেণ্ড, কলকতা, গোৱা,
মণিপুৰ, মুম্বাই, দিল্লী আদিৰ বিভিন্ন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। এই মেলাত উলোৱা বিভিন্ন প্রকাৰৰ খাদ্য সম্ভাৰ, আদিকে ধৰি আছে কণ- কণ শিশুসকলৰ বাবে খেলাৰ সামগ্রীয়ে সকলোকে আৰ্কষিত কৰিছে ।

Exit mobile version