ন্যায় পালে এটা দুৰ্ভগীয়া পৰিয়ালে, কৃষ্ণগুৰু শৰণ লোৱাৰ বাবে হৈছিল সমাজচ্যুত

কৃষ্ণগুৰু ধৰ্মত শৰণ লোৱাৰ অপৰাধতে চৰাইমাৰীৰ পূৱ চুবুৰীৰ চানাৰাম দাসৰ পৰিয়ালটোক চুবুৰীটোৰ সভাপতি-সম্পাদকে বিচাৰ পাতি সামাজিকভাৱে তিনি দশক ধৰি এঘৰীয়া কৰিছিল ।

WhatsApp Image 2024 12 19 at 6.57.30 PM

অৱশেষত ন্যায় পালে বাগসা জিলাৰ চৰাইমাৰীৰ পূৱ চুবুৰীত কৃষ্ণগুৰুত শৰণ লোৱাৰ অপৰাধত এঘৰীয়া কৰি ৰখা এটা দুৰ্ভগীয়া পৰিয়ালে। কৃষ্ণগুৰু ধৰ্মত শৰণ লোৱাৰ অপৰাধতে চৰাইমাৰীৰ পূব চুবুৰীৰ চানাৰাম দাসৰ পৰিয়ালটোক চুবুৰীটোৰ সভাপতি-সম্পাদকে বিচাৰ পাতি সামাজিকভাৱে তিনি দশক ধৰি এঘৰীয়া কৰিছিল । ইয়াৰোপৰি পৰিয়ালটোলৈ চুবুৰীটোৰ কোন লোক অহা-যোৱা কৰিলে জৰিমনা বিহাৰো নিয়ম বান্ধি দিছিল।

যোৱা ৭ ডিচেম্বৰত পৰিয়ালটোৰ মুৰব্বী চানাৰাম দাসৰ মৃত্যু হৈছিল । কিন্তু পৰিতাপৰ বিষয় যে, এঘৰীয়া হোৱা তথা জৰিমনা বিহাৰ ভয়তে কোনো ওচৰ-চুবুৰীয়া তথা গাঁওখনৰ লোক আনকি চানাৰাম দাসৰ ভাতৃ পৰিয়ালৰ লোকেও মৃতদেহ সৎকাৰৰ সময়ত উপস্থিত নাথাকিল । চুবুৰীটোৰ ৰাইজৰ এনে অমানৱীয় আচৰণত মানসিকভাৱে ভাগি পৰা চানাৰাম দাসৰ বৃদ্ধা পত্নী চাৰুবালা দাসে এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছিল।

বিষয়টো সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰ হোৱাৰ পিচতেই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে বাগসা জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাত বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰে। পৰৱৰ্তী সময়ত ধর্মীয় ৰীতি-নীতিৰে মৃতকৰ কৰ্ম সমাপন হোৱাৰ পিচত আজি তথা বৃহস্পতিবাৰে বাগসা জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ জিতু কুমাৰ বৰ্মনৰ উপস্থিতিত জিলা আয়ুক্তৰ সভাকক্ষত দুয়ো পক্ষৰ মাজত এক আলোচনা অনুষ্ঠিত হয়।

এই আলোচনাৰ অন্তত চুবুৰীটোৰ সভাপতি প্রদীপ কলিতা আৰু সম্পাদক কিশোৰ দাসে ভৱিষ্যতে চানাৰাম দাসৰ পৰিয়ালটোৰ ক্ষেত্ৰত থকা বাধা-নিষেধ তথা জৰিমনা বিহাৰ তথাকথিত নিয়ম প্ৰত্যাহাৰ কৰাৰ লগতে সকলো ভেদভার প্রত্যাখ্যান কৰি পূৰ্বৰ দৰেই মিলাপ্ৰীতিৰে জীৱনযাত্ৰা আৰম্ভ কৰাৰ প্ৰতিশ্রুতি দিয়ে। জিলা অতিৰিক্ত দণ্ডাধীশ জিতু কুমাৰ বৰ্মনে দুয়ো পক্ষকে শান্তি-সম্প্রীতিৰে বসবাস কৰিবলৈ পৰামৰ্শ প্রদান কৰি ভৱিষ্যতে কিছু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধান হ’বলৈ আহ্বান জনায়।

Exit mobile version