CM announced an inquiry into the death of advocate Mridul Hussain:
কংগ্ৰেছ নেতা অধিবক্তা মৃদুল হুছেইনৰ মৃত্যু ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ৷ ঘটনাৰ ভিডিঅ’ ফুটেজ সংগ্ৰহ কৰি আৰক্ষীক তদন্ত নিৰ্দেশ ৷
মুখ্যমন্ত্ৰীয়ে ঘটনা সন্দৰ্ভত উল্লেখ কৰে যে ৰাজ্যপালৰ সাংবিধানিক পদ মৰ্যাদা সদায়েই দলীয় ৰাজনীতিৰ উৰ্ধত ৷ বুধবাৰে কংগ্ৰেছ নেতা- কৰ্মী সকলে প্ৰতিবাদৰ নামত আৰক্ষীৰ বেৰিকেড ভংগ কৰি অসমৰ ৰাজ্যভৱনত বলপূৰ্বকভাৱে প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল আৰু সন্মুখভাগত বিশৃংখলতাৰ সৃষ্টি কৰিছিল ৷ এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনো ধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ অনুমতি দিয়া নহ’ব ৷ প্ৰতিবাদ আৰু বিক্ষোভৰ বাবে নিদিষ্ট এলেকা নিৰ্ধাৰণ কৰি দিয়া হৈছে ৷
উল্লেখ্য যে বুধবাৰে প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজভৱন চলো প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ আৰক্ষীৰ কন্দুৱা গেছৰ শ্বেলৰ আঘাতত মৃত্যু হৈছিল এপিচিচিৰ আইন কোষৰ সম্পাদক মৃদুল হুছেইন ৷