Jorhat Press Club protests:
বুধবাৰে গুৱাহাটীত কংগ্ৰেছ কৰ্মীৰ ৰাজভৱন চলো কাৰ্যসূচীত বাধা প্ৰদান কৰিবলৈ অসম আৰক্ষীয়ে প্ৰয়োগ কৰা কন্দুৱা গেছত এজন কংগ্ৰেছ কৰ্মী মৃত্যু হোৱাৰ লগতে কেইবাজনো সাংবাদিক গুৰুত্বৰ ভাৱে অসুস্থ হৈ চিকিৎসাধীন হ’ব লগা হৈছিল।
ADVERTISEMENT
সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰত অসম পুলিচে কৰা এই নিৰ্যাতনক সকলো সাংবাদিকে গৰিহণা দিয়াৰ লগতে যোৰহাট প্ৰেছ ক্লাবৰ সমূহ সাংবাদিকে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী সাংবাদিক সকলে অসম পুলিচ মুৰ্দাবাদ, সাংবাদিকক সংবাদ পৰিৱেশন কৰিবলৈ সুস্থ পৰিবেশ দিয়ক আদি প্লে’কাৰ্ড প্ৰদৰ্শন কৰে।