Bilasipara Sub Centre Scam:
ঠিকাদাৰ শহিদুল ইছলামে নিজৰ মইমতালিত অতি নিম্ন মানৰ কাম কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিলাসীপাৰাৰ হাউদাৰটাৰীত উপ -স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ নামত সংঘটিত হৈছে এই ব্যাপক দুৰ্নীতি।
বিলাসীপাৰা সম জিলাৰ অন্তৰ্গত হাউদাৰটাৰীত উপ-স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ ঠিকাদাৰ বিৰুদ্ধে। ঠিকাদাৰ শহিদুল ইছলামে আঁচনি খনৰ যুগত কৰা প্ৰাককলন মতে নকৰি অতি নিম্ন মানৰ ইটা চিমেণ্ট আৰু মাটি মিহলা বালি দি নিৰ্মাণ কাৰ্য চলাৰ অভিযোগ উত্থাপিত হৈছে।
উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত প্ৰায় ৪০ লাখ টকাৰ উপ স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ ঠিকালাভ কৰিছিল ঠিকাদাৰ শহিদুল ইছলামে।
শহিদুল ইছলামে ঘৰত বহি ৰাতিৰ আন্ধাৰত অতি নিম্ন মানৰ কাম কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ আত্মসাৎ কৰাৰ অভিযোগ স্হানীয় ৰাইজ আৰু দ’ল সংগঠনৰ। অতি শীঘ্ৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান উৰ্ধতম কৰ্তৃপক্ষৰ লগতে বিলাসীপাৰা সম জিলা আয়ুক্তা কামটো তদন্ত কৰি ঠিকাদাৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে সচেতন ৰাইজ আৰু স্থানীয় দ’ল সংগঠনে।