Jorhat:
স্বাস্থ্য মানুহৰ পৰম সম্পদ। স্বাস্থ্য থাকিলেহে সকলো কাম সম্ভৱ। এই লক্ষ আৰু উদ্দেশ্য আগত লৈ বিগত বহু বর্ষ ধৰি কাম কৰি আহিছে বিশিষ্ট দৌৰবিদ অভিজিত বৰুৱাই। আৰু উঠি অহা প্ৰজন্মক এক সুস্থ স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবৰ বাবে নিজা প্ৰচেষ্টা গঠন কৰিছে অভিজিত বৰুৱা ফিটনেছ একাডেমী । যিখন একাডেমীত বৰ্তমান সময়ত যোৰহাট জিলাৰ বহু সংখ্যক ছাত্ৰ- ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি সমাজলৈ এক সু- বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
বিশেষকৈ বৰ্তমান সময়ত উঠি অহা যুৱ প্ৰজন্মই নিজকে বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈছে, সেই সময়ত যোৰহাটৰ বিশিষ্ট দৌৰবিদ তথা গ্ৰীনিজ ৰেকৰ্ডৰ অধিকাৰী অভিজিত বৰুৱাৰ নেতৃত্বত গঠন হোৱা অভিজিত বৰুৱা ফিটনেছ একাডেমীৰ উদ্যোগত আজি যোৰহাটৰ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় “স্বাস্থ্যই পৰম ধন” শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰা হয়।
যোৰহাটৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিত থকা অনুষ্ঠানৰ আৰম্ভণীতেই বন্তি প্ৰজলন কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ উৎপল জ্যোতি মহন্তই। বন্তি প্ৰজ্বলন কৰি ডঃ মহন্তই কয় যে, আমাৰ ঘৰখন প্ৰথমে ভাল কৰি ৰাখিব লাগিব। ঘৰখনৰ পৰিবেশ ভাল হলে চুক-চুবুৰী, সমাজ সুস্থ হৈ উঠিব। আৰু এখন শক্তিশালী দেশ গঠন কৰা সম্ভৱ হব। আমি যিদৰে সুস্থ মন লৈ মন্দিৰ নামঘৰলৈ যাওঁ। ঠিক একেদৰে আমি বিদ্যালয়, মহাবিদ্যালয়লৈ যাওঁতে অলাগতিয়াল সামগ্ৰী নিনিয়াকৈ নিজৰ প্ৰয়োজনীয় সামগ্ৰী লৈ যোৱা উচিত। আমাৰ ভৱিষ্যত দেশ খন চলাই নিব লাগিব আজিৰ প্ৰজন্মই। আৰু আজিৰ প্ৰজন্ম যদি পংগু হৈ পৰে দেশ মাতৃয়ে কাৰ চকুলৈ চাব। সেইবাবে আজিৰ প্ৰজন্মই নিজক সকলো দিশতে সজাগ সচেতন হৈ আগুৱাই যোৱা উচিত।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চি আৰ পি এফৰ কামাণ্ডেণ্ট বিকাশ কুমাৰ সিংহাই কয় যে, স্বাস্থ্যই হৈছে মানৱ জীৱনৰ এক মূল সম্পদ। এক সুন্দৰ স্বাস্থ্য নাথাকিলে এখন শক্তিশালী সমাজ গঢ়ি তুলিবলৈ সক্ষম নহম। শৰীৰক সুস্থ ৰাখিবৰ বাবে আমি মানসিক ভাবেও সুস্থ হৈ থাকিব লাগিব। এখন গাড়ীত যদি পেট্ৰলৰ লগত পানী দিয়া হয় তেন্তে গাড়ী খন অচল হৈ পৰে। আমাৰ মানৱ শৰীৰৰ ক্ষেত্ৰতো একে নিয়ম। অখাদ্য খালে আমাৰ শৰীৰ নষ্ট হব। সেইবাবে সকলোৱে এক স্বাস্থ্য সন্মত খাদ্য খোৱা প্ৰয়োজন।
বিশিষ্ট শিল্পী পঞ্চনন দত্তই পৰিৱেশন কৰা বৰগীতেৰে শুভাৰম্ভ কৰা হয় এই অনুস্থান। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট চিকিৎসক ডাঃ উত্তম কুমাৰ নাথে কয় যে, বৰ্তমান যুগ তথ্য প্ৰযুক্তিৰ যুগ। এই যুগত আমি সকলো নিজক লৈ ব্যস্ত। আৰু পাহৰি গৈছোঁ নিজৰ স্বাস্থ্যৰ যত্ন লবলৈ। কিন্তু স্বাস্থ্য থাকিলেহে সকলো সম্ভৱ। আৰু এই কথা সকলো ছাত্ৰ-ছাত্ৰীয়ে শৈশৱ কালৰ পৰাই অনুধাৱন কৰা উচিত। এক সু-স্বাস্থ্যৰ অধিকাৰী হবৰ বাবে আমি শাৰীৰিক , মানসিক , সামাজিক ভাৱে সুস্থ হব লাগিব। পূৰ্বতে আমি খৰিত ৰান্ধি খাইছিলোঁ। যিটো অতি স্বাস্থ্য সন্মত আছিল।
কিন্তু সেই পৰিবেশ এতিয়া নাই । যুগৰ পৰিৱৰ্তনৰ লগে লগে সকলো সলনি হৈছে। কিন্তু পৰিৱৰ্তিত সময়ৰ লগত আমি নিজকে স্বাস্থ্য সন্মত কৰি ৰাখিব লাগিব। আনহাতে আজিৰ অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ডাঃ গোলাপ ডেকা, শিৱ কলিতা, ইউটিউবাৰ দিম্পূ বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল। আজিৰ অনুষ্ঠানত উপস্থিত থাকি অভিজিত বৰুৱা ফিটনেছ একাডেমীৰ অভিজিত বৰুৱাই কয় যে, স্বাস্থ্যই পৰম ধন এই বাক্য আমাক আমাৰ ককা আইতাই শিকাই গৈছে। আৰু ভাল খাদ্য খালেহে ভাল চিন্তাৰ চিন্তা কৰা সম্ভৱ। আৰু ই সকলো ক্ষেত্ৰত সফলতা দিব পাৰে যুৱ প্ৰজন্মক। আৰু সেই চেষ্টাই আমি কৰি আহিছো আৰু এই একাডেমী প্ৰতিষ্ঠা কৰিছোঁ যাতে উঠি অহা প্ৰজন্ম এক সঠিক দিশত আগুৱাই যাব পাৰে।