ঘড়ীটোৱে মাজনিশা বাৰ বজাৰ সংকেত দিয়াৰ লগে লগে আৰম্ভ হ’ব নতুন বৰ্ষ । সঁচাকৈয়ে সময় কিমান বেগেৰে উৰি যোৱা যেন লাগে! দিনবোৰ সপ্তাহলৈ, সপ্তাহবোৰ মাহলৈ পৰিণত হয় আৰু আমি গম পোৱাৰ আগতেই আৰ এটা বছৰ পাৰ হৈ গ’ল ! এই বছৰটোত স্মৃতি, কৃতিত্ব আৰু হয়তো অলপমান অনুশোচনা এৰি থৈ আহিলো ! পিছে নতুন বছৰ বুলি কোৱাৰ লগে লগে সকলোৱে পৰিয়ালৰ সৈতে এসাঁজ মিলি-জুলি খোৱাৰো প্ৰস্তুতি আৰম্ভ কৰিছে । গাহৰি, মাছ, মাংস আদি বিভিন্ন খাদ্য সম্ভাৰেৰে উপচি পৰিছে প্ৰত্যেকগৰাকী অসমীয়াৰ ঘৰ ৷ সেইবাবে আমি আপোনালোকলৈ এনে কিছু অসমীয়া ব্যঞ্জনৰ তালিকা লৈ এক প্ৰতিবেদন আগবঢ়াইছো ।
-লাই শাকৰ সৈতে গাহৰি
গাহৰি মাংস আৰু লাইশাকৰ জুতি অসমীয়াৰ আবেগ বুলি ক’লেও ভুল নহয় । আপুনি আপোনাৰ নতুন বছৰৰ খাদ্যৰ ব্যঞ্জনত লাই শাক আৰু গাহৰি অন্তুৰ্ভুক্ত কৰিব পাৰে ৷
-হাঁহৰ সৈতে জহা কোমোৰা
শীতকালত প্ৰায়সকল অসমীয়া লোকৰ ঘৰতেই হাঁহ মাংস খোৱা দেখা যায় । হাঁহ মাংস বুলি ক’লেই কোমোৰা কেনেকৈ পাহৰিব পাৰি । জহা কোমোৰা আৰু হাঁহৰ জুতি কাৰনো প্ৰিয় নহয় । পিছে আপুনি জহা কোমোৰা আৰু হাঁহৰ লগত জহা চাউলৰ ভাত ললে এই ব্যঞ্জনৰ সোৱাদআৰু দুগুণ বৃদ্ধি হয় ৷
-মাছৰ লগত শাকৰ জোল
শীতকালত প্ৰায়সংখ্যক শাক পাচলি উপলব্ধ হয় । যেনে-চুকা, মেচেকা,পালেং, ঠেকেৰা, বিলাহী, লফা, লাই,বাবৰি শাকৰ সৈতে মাছৰ জুতি সকলোৰে প্ৰিয় ৷ অৱশ্যে সকলোৰে ৰন্ধাৰ ধৰণো বেলেগ বেলেগ হয় ।
-বাঁহগাজৰ লগত কুকুৰা মাংস
আজিকালি বহুতো লোকে মাংস বইল কৰি খাবলৈ বেছিকৈ ভাল পায় । কিয়নো ই স্বাস্থ্যৰ বাবে বহুতো উপকাৰী । বইল কুকুৰা মাংসৰ লগত বাঁহগাজৰ জুতিটো প্ৰায়সংখ্যক লোকৰেই প্ৰিয় । অৱশ্যে আপুনি ভজা কুকুৰা মাংসতো বাঁগহাজ দি খাব পাৰে ।
-পাতত দিয়া মাছ
সৰু সৰু লোকেল মাছ অথবা ডাঙৰ মাছ কলপাত অথবা হালধি পাতত পাতত দি খোৱাৰ জুতি প্ৰতিগৰাকীৰ অসমীয়াৰে পৰিচিত । হালধি পাতত মাছ পাতত দিলে ইয়াৰ সোৱাদটো কেঁচা হালধিৰ দৰে গোন্ধায় । ই স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী ।
-কলডিলৰ লগত পাৰ মাংস জুতি
পাৰ মাংস বহু কম লোকে খোৱা দেখা যায় । পাৰ মাংসৰ ঔষধি গুণাগুণ বহুতো আছে । কলডিল প্ৰায়েই প্ৰতিঘৰ অসমীয়া লোকৰ ঘৰতেই উপলব্ধ হয় । কলডিল আৰু পাৰ মাংসৰ জুতি বুলি ক’লে প্ৰায়সকল অসমীয়াৰে পৰিচিত ।