Vigen India Maa Health Care Therapy In Margherita:
ঔধষ ব্যৱহাৰ নকৰাকৈ কেৱল মাত্ৰ থেৰাপী চিকিৎসা পদ্ধতি দ্বাৰাই বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি সেইয়া প্ৰমাণ কৰি দেখুৱাইছে থেৰাপী চিকিৎসাই। মাৰ্ঘেৰিটাতো ভিগেন ইণ্ডিয়া মা’হেল্থ কেয়াৰ থেৰাপী মাৰ্ঘেৰিটা কেন্দ্ৰই বিনামূলীয়াকৈ ৰাইজক এই সেৱা প্ৰদান কৰি আহিছে । বিগত চাৰি বছৰত প্ৰায় ১৫ হাজাৰ ৰোগীৰ থেৰাপী দ্বাৰা উপকৃত হৈছে।
ভিগেন ইণ্ডিয়া মা’হেল্থ কেয়াৰ থেৰাপী মাৰ্ঘেৰিটা কেন্দ্ৰই এই বৰ্ষত চতুৰ্থ বৰ্ষত ভৰি দিলে। আজি ভিগেন ইণ্ডিয়া মা’হেল্থ কেয়াৰ থেৰাপী মাৰ্ঘেৰিটাৰ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসটি মাৰ্ঘেৰিটা কেন্দ্ৰত দিনযোৰা কাৰ্যসূচীয়ে উদৰ্যাপিত কৰা।পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলনৰ লগতে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।
সভাৰ আৰম্ভণিতে ভিগেন ইণ্ডিয়া মা হেলথ কেয়াৰ থেৰাপী চেণ্টাৰ মাৰ্ঘেৰিটাৰ কৰ্মকৰ্তাসকলে পৰিৱেশ কৰা এটি দিহানামে উপস্থিত সকলোকে ঐশ্বৰিক আনন্দ প্ৰদান কৰে। উক্ত অনুষ্ঠানত মাৰ্ঘেৰিটাৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকা লগতে ভিগেন ইণ্ডিয়া মা’হেল্থ কেয়াৰ থেৰাপী চেণ্টাৰৰ মাৰ্কেটিং ডাইৰেক্টৰ ৰেৱ বৰুৱা, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈ, প্ৰাক্তন শিক্ষয়িত্ৰী দীপা খাউণ্ড, প্ৰাক্তন শিক্ষক সুৰেশ্বৰ বড়া, ভিগেন ইণ্ডিয়াৰ নৰ্থ ইষ্ট এৰিয়া মেনেজাৰ প্ৰদান মৰাণসহ থেৰাপী পদ্ধতিয়ে আৰোগ্য লাভ কৰা বহু সংখ্যক ৰোগীৰ উপস্থিত থাকে।
ভিগেন ইণ্ডিয়া মা’ হেলথ কেয়াৰ, মাৰ্ঘেৰিটা থেৰাপী কেন্দ্ৰই আগন্তুক দিনতো বিনামূলীয়াকৈ ৰোগীসকলক চিকিৎসা প্ৰদান কৰি যাব বুলি ভিগেন ইণ্ডিয়া মা’ হেলথ কেয়াৰৰ বিষয়ববীয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।