Horoscope:
মেষ: আকস্মিক অর্থ ক্ষতি হ’ব পাৰে। ব্যৱসায়ত শুভ। সৰু-সুৰা কথাত মতান্তৰ ঘটিব পাৰে। পাৰিবাৰিক দিশত শুভ বুলিব পাৰি। কর্মক্ষেত্ৰত আনৰ প্রিয়পাত্র হ’ব পাৰিব। পঢ়া-শুনাত শুভ। প্রেমত সফলতা। শুভ ৰং গেৰুৱা । শুভ সংখ্যা -২।
বৃষ: কর্মক্ষেত্রত নতুন যোগাযোগ ঘটিব পাবে। সৰু-সুৰা অসুখে বিব্রত কৰিব। সন্তানৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। বিবাহত আকস্মিক বাধা আহিব। ব্যৱসায়ত সফলতা। প্রেমৰ প্রস্তাৱ আহিব পাৰে। শুভ ৰং মেৰুণ। শুভ সংখ্যা-১।
মিথুন: আর্থিক দিশত চিন্তাৰ কাৰণ নাই। ব্যৱসায়-বাণিজ্যত পাব লগা ধন লাভৰ সম্ভাৱনা। পাৰিবাৰিক অশান্তি দূৰ হ’ব। যিকোনো সিদ্ধান্ত হঠাতে গ্রহণ নকৰিব। সন্তানৰ উন্নতিত আনন্দ। প্রেম-বিবাহ হ’ব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৪।
কর্কট: মনৰ অস্থিৰতাৰ বাবে কৰ্মত বাধাগ্রস্ত হ’ব পাৰে। আর্থিক ক্ষেত্রত শুভ যদিও অনাহকত অর্থ হানি হ’ব পাৰে। বন্ধু-বান্ধৱৰ দ্বাৰা ক্ষতিৰ আশংকা আছে। ব্যৱসায়ত মধ্যম। প্রেম-প্রীতিত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।
সিংহ: পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে। ব্যৱসায়ত সফলতা নাপাব। ঘৰুৱাত উন্নত পৰিৱেশ। বিদ্যাত বেয়া নহ’ব। প্রেম- প্রণয়ত নতুন যোগাযোগ ঘটিব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।
কন্যা: কর্মক্ষেত্রত উন্নত ফল। দৃঢ়তা বৃদ্ধি পাব। কোনো সংবাদত চিন্তিত হ’লে প্রতিকূল বুলি ক’ব নোৱাৰি। আৰ্থিকত বেয়া নহয়। নতুন কিবা পৰিকল্পনা থাকিলে আজি চিন্তা কৰক। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৮।
তুলা: যোৱা দিনৰ তুলনাত আজি উন্নত। শৰীৰ সম্পৰ্কে সাধাৰণ চিন্তা থাকিব। আশা কৰা কোনো বিষয়ত সাধাৰণ প্রগতি। দাম্পত্যত মধ্যম। কর্মব্যস্ততা বৃদ্ধি। ভ্রমণ হ’ব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।
বৃশ্চিক: আর্থিক সম্পর্কীয় দিশত বৰ নিশ্চিত নহয়। কোনো আপোন মানুহৰ যোগাযোগৰ লগত অন্যান্যৰো সংগ লাভ ঘটিব পাৰে। ভ্ৰমণত শুভ ফল। প্রেমত প্রতাবিত হ’ব পাৰে। শুভ ৰং পাতল সোণালী। শুভ সংখ্যা ৬ ।
ধনু: বন্ধুবৰ্গৰ লগত যোগাযোগৰ আশা আছে। সন্তানৰ সুকীর্তি দেখা যায়। আপোনাৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৭।
মকৰ: অনাৱশ্যক সমস্যাৰ মাজত পৰিব পাৰে। গতিকে তেনে বিষয়ৰ পৰা সতৰ্ক হওক। বিদ্যাত জটিলতা কম। ভ্রমণত কষ্ট। শুভ ৰং বগা। শুভ সংখ্যা ১।
কুম্ভ: আর্থিক আৰু শাৰীৰিক এই দুয়োটাই আপোনাৰ কিছু সহায়ক হ’ব। বিদ্যার্থীৰ বেয়া নহ’ব। কর্মস্থানত বাধা দেখি চিন্তিত নহ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
মীন: শৰীৰ আৰু পাৰিবাৰিক দিশত উন্নতি হ’ব। মনোবল বাঢ়িব। কিন্তু মাত্রাধিকলৈ নোযোৱাই ভাল। কর্মক্ষমতাৰ বাবে আনে প্রশংসা কৰিব। বিদ্যাত যোগ্যতা দেখা যায়। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮