Diliapidated Roads In Golaghat :গোলাঘাটৰ বৰজান-ৰতনপুৰ সংযোগী মূল পথৰ বিধ্বস্ত ৰূপত অতিষ্ঠ ৰাইজ- শিক্ষাৰ্থী

golaghat road scaled

Diliapidated Roads In Golaghat :

গোলাঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত মাটিখোলা গাঁও পঞ্চায়তৰ ২ নং বৰজান গাঁৱৰ কেন্দুৰগুৰি তিনি আলিৰ পৰা ৰতনপুৰ গাঁও সংযোগী প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ মূল পথছোৱা পুনৰ উন্নয়নৰ অভাৱত সম্প্ৰতি বিধ্বস্ত ৰূপত অতিষ্ঠ পৰিছে শিক্ষাৰ্থী তথা পথচাৰী সকল।

উল্লেখ্য যে বিগত কংগ্ৰেছ চৰকাৰৰ পোন্ধৰ বছৰীয়া কাৰ্যকালত এই পথছোৱা পকীকৰণ হৈ যাতায়তৰ উপযোগী হৈ উঠিছিল যদিও সম্প্ৰতি পুনৰ উন্নয়নৰ অভাৱত পৰিত্যক্ত পথলৈ উপনীত হৈছে। জানিব পৰামতে সংশ্লিষ্ট গ্ৰাম্য পথছোৱা প্ৰায় ২০১৮ চনতে বিভাগীয় কৰ্তৃপক্ষই পৰিদৰ্শন কৰি পুনৰ উন্নয়নৰ বাবে জোখ-মাফ কৰি দায়িত্ব সামৰিলে বুলি ৰাইজে অভিযোগ প্ৰকাশ কৰিছে । ইয়াৰ ফলত উক্ত পথটো বাৰিষাৰ সময় বাদেই আজি পুৱা ভাগত অহা এজাক সাধাৰণ বৰষুণতে পুখুৰী সদৃশ গাঁতলৈ উপনীত হৈ যাতায়তৰ অনুপযোগী হৈ পৰে।

বিশেষকৈ বৰজান মাটিখোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়,বৰজান প্ৰাথমিক বিদ্যালয়,দহমাইলখুঁটীৰ উজ্বল বাল্যভৱন পাব্লিক স্কল,ফৰকাটিং মহাবিদ্যালয়,গোলাঘাটৰ মহাবিদ্যালয়,লক্ষীবাৰী জাতীয় বিদ্যালয় আদি শিক্ষানুষ্ঠানলৈ দৈনিক অহা-যোৱা কৰা শিক্ষাৰ্থীৰ উপৰি সাধাৰণ পথচাৰী সকলে যাতায়তত যমৰ -যাতনা ভোগিব লগা হৈছে।

উল্লেখ্য যে উক্ত পথছোৱা পুনৰ উন্নয়নৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজে আবেদন-নিবেদন জনায় আহিছে যদিও বৰ্তমানলৈকে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজে অসন্তোষ্টি প্ৰকাশ কৰি পথটো নিৰ্মাণৰ বাবে ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

Exit mobile version