পাৰঘাটৰ পৰা ৰাগ-বিৰাগলৈ…..এটা যুগৰ অৱসান । ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বৃহৎ ক্ষতি। অসমীয়া ছবিজগতৰ বৰেণ্য অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান। বুধবাৰে নিশা শ্বিলঙৰ বেথানি হাস্পতালত ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে।
১৯৪৯ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত ভূমুকি মাৰিছিল বৰেণ্য অভিনেত্ৰী জ্ঞানদা কাকতিয়ে। ‘পূবেৰুণ’ কথাছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হৈছিল অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰা কেইখনমান জনপ্ৰিয় ছবি হৈছে পাৰঘাট পিয়লি ফুকন(১৯৫৫), সৰাপাত (১৯৫৬), লখিমী (১৯৫৬), ৰঙা পুলিচ (১৯৫৮), পুৱতি নিশাৰ সপোন, পুবেৰুণ, চাকনৈয়া (১৯৫৯), নৰকাসুৰ (১৯৬২), শেষ বিচাৰ (১৯৭১), ওপৰ মহলা (১৯৭২), প্ৰথম ৰাগিনী (১৯৮৭), প্ৰিয়জন (১৯৯৩), ৰাগ-বিৰাগ (১৯৯৬) ছবিত অভিনয় কৰিছিল জ্ঞানদা কাকতিয়ে।
১৯৩২ চনত অবিভক্ত অসমৰ শ্বিলঙত জন্ম লাভ কৰিছিল জ্ঞানদা কাকতিয়ে। অভিনেত্ৰীগৰাকীৰ পিতৃ পিতৃগৃহ পাণবজাৰত আছিল যদিও পিতৃ চাকৰিসূত্ৰে শ্বিলঙত আছিল। আৰু তেওঁলোকে স্থায়ীভাৱে শ্বিলঙতে বসবাস কৰিছিল। তেওঁ লোহিত কাকতিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল জ্ঞানদা কাকতি।
অসমীয়াৰ উপৰিও বঙালী ছবি নীলাচলেৰ ‘মহাপ্ৰভু’, ‘গড়েৰ মাঠে’, ‘বৰমা’ত অভিনয় কৰিছিল জ্ঞানদা কাকতিয়ে।
২০০২ চনত বিষ্ণু ৰাভা বঁটা লাভ কৰিছিল জ্ঞানদা কাকতিয়ে। ১৯৮৭ চনত ‘প্ৰথম ৰাগিনী’ ছবিৰ বাবে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। জ্ঞানদা কাকতি আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল।দুয়োটা কেন্দ্ৰতে গীত পৰিৱেশন কৰাৰ লগতে তেওঁ গ্ৰামোফোন ৰেকৰ্ডতো গীত বাণীবদ্ধ কৰিছে।
জ্ঞানদা কাকতিয়ে লাভ কৰা বঁটা আৰু সন্মান-
-অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা
-অসম চৰকাৰৰ ৰাজ্যিক শিল্পী পেন্সন
-সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা
-শিল্পীপ্ৰাণ চন্দ্ৰ ফুকন বঁটা