আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ অৰণ্যত বিধ্বংসী অগ্নিকাণ্ডৰ সংঘটিত হৈছে। এই ঘটনাৰ পিছতে দেশখনত জৰুৰীকালীন পৰিস্থিতিৰ উদ্ভৱ হৈছে । পৰিস্থিতি ইমানেই গুৰুতৰ যে বহুতো প্ৰখ্যাত হলীউডৰ চেলিব্ৰেটিও বিচলিত হোৱা দেখা গৈছে । এতিয়া এই দুৰ্যোগৰ বাবে, বহুতো চলচ্চিত্ৰ প্ৰিমিয়াৰ আৰু পুৰস্কাৰ অনুষ্ঠানও পিছুৱাই দিয়া হৈছে বা বাতিল কৰা হৈছে। শেহতীয়াকৈ হলীউডৰ বহুতো চলচ্চিত্ৰ মুক্তি পাবলৈ গৈ আছিল, যাৰ প্ৰিমিয়াৰ বাতিল কৰা হৈছে। আনকি বহুতো বঁটা প্ৰদান অনুষ্ঠানো পিছুৱাই দিয়া হৈছে। শেহতীয়াকৈ এই অগ্নিকাণ্ডৰ বাবে অস্কাৰ ২০২৫ ৰ মনোনয়নৰ তাৰিখো পিছুৱাই দিয়া হৈছে ।
অস্কাৰ ২০২৫ ৰ বাবে মনোনয়নৰ ঘোষণাও ১৭ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ সলনি কৰা হৈছে। অচিৰেই ২০২৫ ৰ ২ মাৰ্চত অস্কাৰ অনুষ্ঠিত হ’বলগীয়া বুলি জানিব পৰা গৈছে । এনে পৰিস্থিতিত, হলীউডৰ ষ্টুডিঅ’ আৰু আয়োজকসকলে কি সিদ্ধান্ত লয়, সেয়া লক্ষণীয় হ’ব।
২০২৫ ৰ অস্কাৰত ভাৰতৰ পৰা ছয়খন চলচ্চিত্ৰ মনোনীত হৈছে। এই তালিকাত ববি দেউলৰ কাংগুভা (তামিল), আদুজ্যুভিথাম (দ্য গট লাইফ) (হিন্দী), সন্তোষ (হিন্দী), স্বতন্ত্ৰতা বীৰ সাভাৰকাৰ (হিন্দী), অল উই ইমাজিন এজ লাইট (মালায়ালম-হিন্দী) আৰু গাৰ্লছ উইল বি গাৰ্লছ (হিন্দী-ইংৰাজী)ৰ দৰে চলচ্চিত্ৰ অন্তৰ্ভুক্ত হৈছে।