Rare Vulture Found  Dead :মহামায়াত মৃত অৱস্থাত উদ্ধাৰ দুষ্প্ৰাপ্য বগাপিঠিয়া শগুন

igale scaled

Rare Vulture Found  Dead :

বি টি আৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন সংমণ্ডলৰ অন্তৰ্গত মহামায়া শালনিত বুধবাৰে এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ বিৰল বগাপিঠিয়া শগুনৰ মৃতদেহ উদ্ধাৰ হয়। অতিপাত শীতৰ প্ৰকোপত শগুনৰ পোৱালিটো মৃত হোৱা বুলি ধাৰণা কৰিছে বন বিভাগে

উল্লেখ্য যে মহামায়া সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া এই প্ৰস্তাবিত সংৰক্ষিত এলেকাত থকা শগুন সংৰক্ষণ প্ৰকল্পৰ এলেকাত বিশ্বৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুন টোক মৃত অৱস্থাত বনকৰ্মীয়ে দেখা পাই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে।

পিছত খোৰাঘাট আঞ্চলিক বন বিষয়া শ্বাহানুৰ আলম সেখে মহামায়া বন বীটত উপস্থিত হৈ চৰজমিন তদন্ত কৰি মৃত শগুনটোক মৰোনত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীৰ ৰাণীত থকা শগুন সংৰক্ষণ আৰু কৃত্ৰিম প্ৰজনন আৰু গৱেষণা কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

মন কৰিবলগীয়া যে সম্প্ৰীতি মহামায়াত এইবিধ আপুৰুগীয়া প্ৰজাতিৰ শগুনৰ বংশ বৃদ্ধি পোৱাৰ সময়তে হঠাৎ আজি এটি শগুনৰ মৃতদেহ উদ্ধাৰ হোৱাত অৰণ্য সুৰক্ষা সমিতি অসমে গভীৰ শোক প্ৰকাশ কৰি ইয়াৰ সংৰক্ষণৰ বাবে অধিক সজাগ হ’বলৈ বন বিভাগক আহ্বান জনায়।

Exit mobile version