Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Self-Deception in the Name of Crime-free Assam:অপৰাধমুক্ত অসমৰ নামত আত্মপ্ৰতাৰণা

# প্রাঞ্জলসেন ডেকা

publisher by publisher
July 29, 2024
in Uncategorized
Reading Time: 4 mins read
0
Self-Deception in the Name of Crime-free Assam:অপৰাধমুক্ত অসমৰ নামত আত্মপ্ৰতাৰণা
4
SHARES
40
VIEWS
ShareShareShareShare

Self-Deception in the Name of Crime-free Assam:অপৰাধমুক্ত অসমৰ নামত আত্মপ্ৰতাৰণা

# প্রাঞ্জলসেন ডেকা

অসমৰ আৰক্ষী প্রধানে সম্প্রতি প্ৰকাশ কৰা এক বক্তব্যই বিভিন্নজনৰ মনত কেতবোৰ প্ৰশ্নৰ উদ্রেক ঘটাইছে। এই সপ্তাহতে অপৰাধ সম্পর্কীয় এক পৰ্যালোচনা বৈঠকৰ পাছত আৰক্ষী প্রধানে ঘোষণা কৰে যে যোৱা কেইবছৰত অসমত অপৰাধ ৫০ শতাংশৰো অধিক হ্রাস পাইছে।

ADVERTISEMENT

ইয়াৰ সমৰ্থনত তেওঁ বিভাগীয় পৰিসংখ্যাও দাঙি ধৰিছে। দেখাত উৎসাহজনক হ’লেও তেওঁৰ এই বক্তব্যই অসমবাসীক মুঠেই আশ্বস্ত কৰিব নোৱাৰিলে, কাৰণ ৰাজ্যত অপৰাধৰ বাস্তৱ ছবিখন সকলোৰে সন্মুখত স্পষ্টহৈ জিলিকি আছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত দৈনিক সংঘটিত হোৱা অপৰাধসমূহে ৰাজ্যখনক অসুস্থ কৰি তুলিছে। চৰকাৰে দাবী কৰা ধৰণে সকলো ব্যৱস্থা সক্ৰিয় হৈ থকাৰ পাছতো অপৰাধৰ আধিক্যই এক অৰাজক পৰিৱেশৰ সৃষ্টি কৰিছে।

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

আৰক্ষী প্রধানৰ পৰিসংখ্যা অনুসৰি অর্ধেকৰো অধিক অপৰাধ হ্রাসৰ পৰিণতিত অসম এখন তুলনামূলকভাৱে শান্ত আৰু অপৰাধমুক্ত ৰাজ্য হ’বলৈ অগ্ৰসৰ হৈছে। আৰক্ষীৰ এনে দাবী ৰাজ্যৰ যিকোনো এজন লোকৰ বাবেও বিশ্বাসযোগ্য নে? আমি প্রত্যেকে নিজকে প্রশ্ন কৰিলেই ইয়াৰ স্পষ্ট উত্তৰ নিশ্চয় পাম। পৰিসংখ্যাৰ ওৰণিৰে ৰূঢ় বাস্তৱক ঢাকি ৰখাৰ চেষ্ট আত্মপ্ৰতাৰণাৰ নামান্তৰ মাথোন। চৰকাৰী কাৰ্যকলাপ কেৱল নথি অথবা পৰিসংখ্যাতে আবদ্ধ থাকিলে নহয়, সেয়া নাগৰিকৰ বিশ্বাসযোগ্যভাবে দৃশ্যমান হ’ব লাগিব আৰু অনুভব কৰিব পৰা পৰিৱেশ লাগিব। অন্যথা তেনে কথা আৰু কামৰ কোনো সার্থকতা নাথাকে।

শেহতীয়া সময়ছোৱাত অসমত এনে অভূতপূর্ব অপৰাধ সংঘটিত হৈ আছে যে এতিয়া আৰু কোনো ঘটনাই ৰাজ্যবাসীক আচৰিত কৰি নোতোলে। এটা সময় আছিল, যেতিয়া স্বামী অথবা পুত্ৰ ঘৰৰ পৰাই ওলাই গ’লে আৰু ঘুৰি আহিব নে নাই তাক লৈ প্ৰতিগৰাকী পত্নী অথবা পিতৃ-মাতৃয়ে আশংকাত ভুগিবলগীয়া হৈছিল। এতিয়া ঘৰৰ বাহিৰতে কেৱল নহয়, ঘৰৰ ভিতৰতো সমানেই অসুৰক্ষিত অনুভৱ কৰিবলৈ লৈছে সাধাৰণ নাগৰিকে।

তদুপৰি মহিলাৰ বিৰুদ্ধে যি সীমাহীন অপৰাধ সংঘটিত হ’বলৈ লৈছে, তাক দেখি সৰ্বসাধাৰণৰ পেটত হাত-ভৰি লুকুৱা অৱস্থা। ইয়াৰে বৃহৎ সংখ্যক ভুক্তভোগীয়ে লজ্জা আৰু বিভিন্ন শংকাত তেনে অপৰাধৰ তথ্য লুকুৱাই ৰখাৰ উপৰি বহু সময়ত আৰক্ষীয়েও নিরুৎসাহিত কৰাৰ বিষয়ে সততে শুনা যায়। এনে পৰিৱেশ নিশ্চয়কৈ অপৰাধমুক্ত শান্ত ৰাজ্যৰ পৰিচায়ক হ’ব নোৱাৰে। দৰাচলতে ইতিমধ্যে বিভিন্নজনে কৈ অহাৰ দৰে বৰ্তমানৰ চৰকাৰ অভিলেখ স্থাপনতহে অধিক আগ্রহী আৰু তাৰ বাবে বিপুল ধন-জন তথা সময় ব্যয় কৰিবলৈ কিঞ্চিৎমানো দ্বিধাগ্রস্ত নহয়। তাকে অনুসৰণ কৰি গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগসমূহে ৰাইজৰ চকুত ধূলি দিয়া পৰিসংখ্যা উন্নত কৰাত অধিক সময় আৰু শক্তি ব্যয় কৰিবলৈ লৈছে। আৰক্ষীৰ ক্ষেত্ৰতো তেনে কথাই প্রযোজ্য।

ৰাজ্যখনত ক্রমবর্দ্ধমান অপৰাধ আৰু অপৰাধীৰ দৌৰাত্ম্যই বিভাগৰ ব্যৰ্থতা উদঙাই দিয়া বুলি ব্যাপকভাৱে সমালোচনাৰ সম্মুখীন হোৱাৰ পাছতে চৰকাৰে এক বিশেষ পদক্ষেপ গ্রহণ কৰে। সাধাৰণতে আৰক্ষীৰ পৰিসংখ্যা যুগুতোৱা হয় ৰাজ্যৰ বিভিন্ন থানাসমূহত ৰুজু হোৱা গোচৰৰ দ্বাৰা। সেইবাবে এইখন চৰকাৰে কাৰ্যভাৰ লোৱাৰ পাছৰ পৰা যিকোনো ধৰণৰ গোচৰ ৰুজু কৰাৰ পৰা আৰক্ষী থানাসমূহক বিৰত থাকিবলৈ নিৰ্দেশ দিয়া হয়। ফলস্বৰূপে ৰুজু হোৱা গোচৰৰ সংখ্যা হ্রাস পায়। আৰক্ষী বিভাগেও এই পৰিসংখ্যাকে দাঙি ধৰি ৰাজ্যত অপৰাধ হ্রাস পাইছে বুলি দাবী কৰাৰ ভিত্তি ৰচনা কৰি লৈছে; কিন্তু বাস্তৱ পৰিস্থিতি যে সম্পূর্ণ পৃথক তাক নতুনকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই।

পৰিতাপৰ বিষয় যে বৰ্তমানৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা অপৰাধ আৰু অপৰাধীৰ ক্ষেত্ৰত পক্ষপাতমূলক ভূমিকা গ্রহণ কৰি আহিছে। অপৰাধীৰ মাজত বাছ-বিচাৰ কৰিবলৈ গ’লে সি অৱশেষত আত্মঘাতী হোৱাৰেই পূর্ণ আশংকা থাকে। সামগ্রিকভাবে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে নিৰপেক্ষ অভিযান চলাব নোৱাৰিলে অপৰাধ হ্রাস হোৱাটো দূৰৰ কথা, বৰঞ্চ ই যে বৃদ্ধিহে পাব তাত সন্দেহ নাই। চৰকাৰ তথা আৰক্ষীৰ এনে পক্ষপাতদুষ্ট ব্যৱস্থাৰ বাবেই কাংক্ষিত লক্ষ্যৰ ওচৰ চপাটো সম্ভৱ হৈ উঠাতো নায়েই, বৰঞ্চ পৰিস্থিতি অধিক জটিল হৈহে পৰিছে। দুই-এহেজাৰ টকাৰ উৎকোচ লোৱা সাধাৰণ কৰ্মচাৰীক হাতে-লোটে গ্রেপ্তাৰ কৰি আৰু তাৰে একাংশক চাকৰিৰ পৰা বৰ্খাস্ত কৰি যে দুর্নীতি হ্রাস কৰাটো সম্ভৱ নহয় সেই কথা সংশ্লিষ্ট কর্তৃপক্ষই নিশ্চয় নজনা নহয়।

কিন্তু চমক সৃষ্টিৰে প্ৰচাৰ লাভৰ উদ্দেশ্যেই এনে কার্যকলাপ অব্যাহত ৰখা হৈছে। অপৰাধ ৰোধৰ ক্ষেত্ৰত আৰক্ষীয়ে সক্রিয়তা প্রদর্শন কৰাটো নিশ্চয়কৈ আদৰণীয়; কিন্তু এনে সক্রিয়তাৰ সততাক লৈ প্রশ্ন উত্থাপিত হোৱাৰ পৰিৱেশ সৃষ্টি হোৱাটো সমানেই দুর্ভাগ্যজনক। সময়ে সময়ে কিছুসংখ্যক অভিযুক্তক আৰক্ষীয়ে ‘পলাই যাবলৈ চেষ্টা কৰা’ৰ সময়ত গুলীয়াই আহত অথবা নিহত কৰিছে। অথচ তাৰ পাছতো একে ধৰণৰ অপৰাধ হ্রাস পোৱা ৰাজ্যবাসীৰ দৃষ্টিগোচৰ হোৱা নাই। অপৰাধীয়েও আৰক্ষীৰ এনে অভিযানক লৈ শংকিত হোৱাৰ কোনো লক্ষণ নাই।

কিয়নো এনে বহু কুখ্যাত অপৰাধীক আৰক্ষীৰ কর্তৃত্বশীল মহলেই পৃষ্ঠপোষকতা কৰি অহাৰ বিষয়ে কোনে নাজানে? চৰকাৰেই হওক অথবা আৰক্ষী বিভাগেই হওক, ওপৰ মহলত কি ঘটি আছে, সেই বিষয়ে অধস্তনসকল অৱগত নহয় বুলি ভবাটো নিশ্চয়কৈ দক্ষ মুৰব্বীৰ পৰিচায়ক নহয়। অসম আৰক্ষীৰ বহু চৰ্চিত ড্ৰাগছ বিৰোধী অভিযানলৈ  দৃষ্টি দিলেই ছবিখন অধিক স্পষ্ট হয়। প্রতিদিনেই ৰাজ্যৰ এক বা একাধিক স্থানত আৰক্ষীৰ দ্বাৰা ড্ৰাগছ জব্দ আৰু ইয়াৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ বাতৰি সংবাদ মাধ্যমত প্রকাশ পাই আহিছে।

এনে সফল ধাৰাবাহিক অভিযানৰ পাছত ৰাজ্যত ড্ৰাগছৰ প্ৰচলন আৰু সেৱনকাৰী একপ্ৰকাৰ নাইকিয়া হ’ব লাগিছিল; কিন্তু প্রকৃততে তাৰ সম্পূর্ণ ওলোটাটোহে পৰিলক্ষিত হৈছে। নগৰে-চহবে, গাঁৱে-ভূঞে ড্ৰাগছৰ বেহা আৰু সেৱনকাৰীৰ সংখ্যা কি ব্যাপক হাৰত বৃদ্ধি পাইছে, সেই কথা নিশ্চয় আৰক্ষীৰ অৱগত নোহোৱাকৈ থকা নাই। ইয়াবেই পৰিণতিত ৰাজ্যত নিচামুক্তি কেন্দ্ৰৰ সংখ্যাও এনেদৰে বৃদ্ধি পাইছে যে চৰকাৰে তাৰ বাবে পৃথক এছঅ’পি জাৰি কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। অকল সিয়ে নহয়, বিভিন্ন অপৰাধ বৃদ্ধিৰ অন্যতম কাৰক হৈ পৰিছে ড্ৰাগছ সেৱন।

শেহতীয়াভাবে নগাঁও জিলাৰ ধিঙত তথাকথিত ‘স্প্রে গেং’ৰ তাণ্ডৱক লৈ উদ্ভৱ হোৱা জনৰোষৰ সম্পৰ্কত প্রতিক্রিয়া প্ৰকাশ কৰি জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াই মন্তব্য কৰিছে যে ড্রাগছ সেৱনৰ আধিক্যৰ ফলতে এনেবোৰ অপৰাধ সংঘটিত হৈছে। তেন্তে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ অন্তঃসাৰশূন্যতা উদঙাই দিবলৈ এইবোৰেই যথেষ্ট নহয়নে? ইয়াৰ আঁৰত অন্যান্য গুৰুতৰ কাৰণৰ লগত যে চমক আৰু প্ৰচাৰৰ আকাংক্ষাও জড়িত হৈ আছে, সিও আজি আৰু লুকাই থকা নাই। সেইবাবেই সংশ্লিষ্ট আৰক্ষী বিষয়াসকলে জব্দ কৰা ড্ৰাগছৰ মূল্য অতিৰঞ্জিতভাৱে প্রকাশ কৰিবলৈ উঠি-পৰি লাগে।

একে পৰিমাণৰ ড্ৰাগছ চুবুৰীয়া আন কোনো ৰাজ্যত ধৰা পৰিলে তাৰ মূল্য যদি তিনি লাখ টকা বুলি কোৱা হয়, তেন্তে সেই একেখিনি ড্ৰাগছৰ মূল্য অসমত তিনি কোটি বুলি দাবী কৰাৰ ঘটনাই এই অভিযানৰ সততা আৰু সদিচ্ছাক লৈ সন্দেহৰ অৱকাশ আনি দিয়ে; অথচ নিষিদ্ধ ড্ৰাগছৰ বজাৰ মূল্য বুলি কোনো নির্দিষ্ট নিৰিখ নাই বুলি ড্রাগছ বিৰোধী অভিযানত জড়িত বিষয়াই স্থান ভেদে প্রকাশ কৰি গৈছে।

অকল সেয়ে নহয়, ৰাজ্যত সম্প্রতি এনে কি বৈধ-অবৈধ ব্যৱসায় আছে য’ত ছিণ্ডিকেট চক্ৰৰ দৌৰাত্ম্য চলি থকা নাই। কয়লা, চুপাৰি, গৰু, ম’হ, শিল-বালিকে ধৰি প্ৰতিটো ক্ষেত্রতে সম্পূর্ণ সংগঠিত ৰূপত চৰকাৰী পৃষ্ঠপোষকতা আৰু সহযোগত দৈনিক শশ কোটি টকাৰ অবৈধ বেহা অবাধে চলি গৈছে। এই ক্ষেত্ৰত আৰক্ষীয়েই গুৰুত্বপূর্ণ সহযোগিতা আগবঢ়াইছে, অথচ এনেবোৰ বিষয় আৰক্ষীৰ বৰমুৰীয়াসকলৰ পৰিসংখ্যাত অন্তর্ভুক্ত নহয়।

কেইমাহমান পূর্বে ‘দৈনিক অগ্রদূত’ত মাৰ্ঘেৰিটা-লিডু অঞ্চলত কি ভয়াৱহ ধৰণে কয়লাৰ সম্পূৰ্ণ অবৈধ খনন আৰু সৰবৰাহ অব্যাহত আছে, সেই সম্পৰ্কত এলানি চৰজমিন প্রতিবেদন প্রকাশ পাইছিল। এই সমগ্র প্রত্রিয়াত আৰক্ষী বাহিনীৰ সহযোগিতাৰ বিষয়টোও তথ্য সহকাৰে দাঙি ধৰা হৈছিল। সেই প্রতিবেদনলানিৰ এটি বাক্যও আৰক্ষী অথবা চৰকাৰী প্ৰশাসনৰ নাকচ কৰাৰ সাহস নহ’ল; অর্থাৎ দৈনিক শ শ কোটি টকাৰ ধ্বংসমুখী অবৈধ বেহাৰ কথা সকলো পক্ষই নীৰৱে স্বীকাৰ কৰি ল’লে। তাৰ কিছুদিন পাছতে স্বয়ং অসম বিধানসভাৰ এটি দলে একে স্থানত উপস্থিত হৈ কয়লাৰ ক’লা বেহা দেখি হতবাক হৈ পৰে।

লগতে আৰক্ষী-প্ৰশাসনৰ নিষ্ক্রিয়তাক লৈও গভীৰ অসন্তুষ্টি প্রকাশ কৰে। এহেজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কেৰাণীজনৰ ঘটনাটো তাৎক্ষণিকভাবে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি আৰক্ষীৰ সক্ৰিয়তাৰ দাবী কৰা বাহিনীৰ মুৰব্বীজনো এই সমগ্র ঘটনাক লৈ নীৰৱ হৈ ৰোৱাটোৱে কি ইংগিত বহন কৰিছে তাৰ ব্যাখ্যা নিষ্প্রয়োজন। একেদৰেই ম্যানমাৰৰ পৰা অহা বার্মিজ চুপাৰিক লৈ আৰক্ষীৰ নেতৃত্বতে যি ভয়ংকৰ ক’লা বেহা চলি আহিছে, এই বিষয়েও বাহিনীৰ মুৰব্বীসকলৰ অসৎ উদ্দেশ্য প্রণোদিত নীৰৱতাই ৰাইজৰ মনত উদ্রেক হোৱা প্ৰশ্নবোৰৰ উত্তৰ দি যায়।

ৰাজ্যৰ প্রান্তে প্রান্তে আৰক্ষীৰ সম্পূৰ্ণ সহযোগিতাত এইদৰে অলেখ ক’লা বেহা মুকলিকৈয়ে চলিছে আৰু দৈনিক শ শ কোটি টকাৰ অবৈধ লেন- দেন সম্পন্ন হৈছে। গতিকে ৰাজ্যখনত অব্যাহত থকা গুৰুতৰ অপৰাধসমূহৰ আঁৰত যে চৰকাৰৰ আশিসপুষ্ট আৰক্ষীৰ ঊর্ধ্বতন মহলৰেই দীঘল হাত জড়িত হৈ আছে সেয়া দুগ্ধপোষ্য শিশুবো অজ্ঞাত নহয়।

এই কথা ঠিক যে উৎকোচ আদায়কাৰী দুই-এজন আৰক্ষী বিষয়া-কর্মীকো গ্ৰেপ্তাৰ কৰাৰ লগতে কিছুসংখ্যকক বৰ্খাস্তও কৰা হৈছে; কিন্তু বৰমূৰীয়া বিষয়াসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হৈছে? হাতে-লোটে ধৰা নপৰা বিষয়াসকলক দুর্নীতিমুক্ত আৰু নিকা বুলি চার্টিফিকেট দিয়া হৈছে নেকি? দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ তথাকথিত নীতিৰ অংশৰূপে আৰক্ষী প্ৰধানৰ আশে-পাশে থকা যিকোনো ১০ জন বিষয়াৰ ধন-সম্পত্তি আদিৰ বিষয়ে অনুসন্ধান কৰিবলৈ কোনো কেন্দ্রীয় সংস্থাক দায়িত্ব প্রদান কৰি এক দৃষ্টন্ত দাঙি ধৰাৰ সাহস হ’ব নেকি ?

এই কথা ঠিক যে কোনো আৰক্ষী বাহিনীতে সকলো বিষয়া-কর্মচাৰী দুর্নীতিগ্রস্ত নহয়। এচাম সৎ আৰু দায়বদ্ধ বিষয়া-কর্মচাৰীৰ নিঃস্বার্থ দায়িত্ব পালন তথা সক্রিয়তাৰ বাবেই আৰক্ষী বিভাগটো চলি থাকিবলৈ সক্ষম হৈছে। সেইসকল বিষয়া-কর্মচাৰী সদায়েই ৰাজ্যবাসীৰ কৃতজ্ঞতাৰ পাত্র। কিন্তু একাংশ চৰম দুর্নীতিগ্রস্ত তথা স্বার্থান্বেষী বিষয়াৰ বাবেই আৰক্ষী বিভাগৰ সুনাম নষ্ট হোৱাই কেৱল নহয়, জনসাধাৰণে কাংক্ষিত ফলাফল লাভতো বাধাৰ সৃষ্টি হৈ আহিছে। এনে বিষয়াসকলেই যেতিয়া বিভিন্ন গুরুত্বপূর্ণ দায়িত্বত অধিষ্ঠিত হৈ থাকিব, তেতিয়া নিম্ন পৰ্যায়ৰ বিষয়া-কর্মচাৰীক দুর্নীতিমুক্ত হ’বলৈ নির্দেশ জাৰি কৰাটো আত্মপ্ৰতাৰণাৰ বাদে আন একো নহয়।

বৰ্তমানৰ প্ৰক্ৰিয়াত যে অসমৰ পৰা অপৰাধ আৰু দুর্নীতি কোনো এটাই হ্রাস কৰাটো সম্ভৱ নহয়, সেয়া ইতিমধ্যে স্পষ্ট হৈছে। অৱশ্যে এনে ধৰণৰ অভিযান তথা পৰিসংখ্যা দাঙি ধৰি কোনোবাই দিল্লী-দিছপুৰৰ বিশেষ দৃষ্টি লাভ কৰিবলৈ সক্ষম হ’ব পাৰে। আকাংক্ষিত পদ অথবা অৱসৰৰ পাছতো লোভনীয় পদত অধিষ্ঠিত হ’ব পাৰে; কিন্তু সিয়ে অসমবাসীক কোনো ধৰণে উপকৃত কৰিব নোৱাৰে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Crime-free AssamPranjalsen DekaSelf-DeceptionSpl Articles
publisher

publisher

Related Posts

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ
Uncategorized

WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

April 23, 2026
Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী
Uncategorized

Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী

April 22, 2026
Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ
Uncategorized

Nitin Gadkari:পেট্ৰ’ল-ইথানল মিশ্ৰণৰ পৰিৱৰ্তে সম্পূৰ্ণ ইথানললৈ লক্ষ্য নীতিন গাডকাৰীৰ

April 22, 2026
Dalgaon:কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন 
Uncategorized

Dalgaon:কুকুৰা পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন 

April 21, 2026
Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ
Uncategorized

Accident:কামৰূপৰ বংশৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই বন্ধুৰ

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d