২০২৪ চনৰ সাধাৰণ নিৰ্বাচন সন্দৰ্ভত মেটা ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গৰ মন্তব্যক লৈ তীব্ৰ চৰ্চা লাভ কৰিছিল । ইয়াৰ পিছতে মেটা ইণ্ডিয়াৰ উপ-সভাপতি শিৱনাথ থুকৰালে ইয়াক এক “অসাৱধানতাপূৰ্ণ ত্ৰুটি” বুলি জনতাৰ ওচৰত ক্ষমা বিচাৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ তথ্য পৰীক্ষাৰ পিছত বিশ্বজুৰি ২০২৪ চনৰ নিৰ্বাচন সন্দৰ্ভত জুকাৰবাৰ্গৰ মন্তব্যৰ সঁহাৰি দি মেটা ইণ্ডিয়াৰ উপ-সভাপতি (ৰাজহুৱা নীতি) শিৱনাথ থুকৰালে কয়, “২০২৪ চনৰ নিৰ্বাচনত মাৰ্ক জুকাৰবাৰ্গৰ পৰ্যৱেক্ষণ বহুতো শাসনাধীষ্ঠ দল পুনৰ নিৰ্বাচিত হোৱা নাছিল, ই কেইবাখনো দেশৰ বাবে সত্য প্ৰমাণিত হৈছিল, কিন্তু ভাৰতৰ বাবে নহয়। আমি এই অসাৱধানতাপূৰ্ণ ত্ৰুটিৰ বাবে আমি ক্ষমা বিচাৰিছো । ভাৰত মেটাৰ বাবে এখন গুৰুত্বপূৰ্ণ দেশ হিচাপে পৰিগণিত হৈছে ।
‘মেটা আৰু আমি ভৱিষ্যতত ভাৰত এখন উদ্ভাৱনৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱা দেশ হিচাপে পৰিগণিত হ’বলৈ অপেক্ষা কৰি আছো ।’ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পোষ্টৰ উত্তৰ দি মেটা ইণ্ডিয়াৰ উপ-সভাপতি শিৱনাথ থুকৰালে এইদৰে টুইট কৰে।