Minister Atul Bora:
বোকাখাতৰ বালিজানৰ নতুন গাঁওস্থিত প্ৰয়াত বাণেশ্বৰ মহন্ত সমন্বয় ক্ষেত্ৰত “অসম বৈদিক বৈষ্ণৱ মহাসভা“ৰ ৰাজ্যিক সমিতিৰ সৌজন্যত তথা বোকাখাত জিলা সমিতি আৰু অসমবাসী ৰাইজৰ সহযোগত চতুৰ্দশ দ্বি-বাৰ্ষিক ৰাজ্যিক অধিৱেশনখনি যোৱা ১৭ জানুৱাৰীৰপৰা অনুষ্ঠিত হৈছে। আজি অধিৱেশনস্থলীত উদযাপন সমিতিৰ সভাপতি হিচাপে অধিৱেশনৰ পতাকা উত্তোলন কৰে কৃষিমন্ত্ৰী অতুল বৰাই |
পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী বৰাই কয় ,অধিৱেশনখনি সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে সহযোগিতাৰ হাত আগবঢ়োৱা মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা, “অসম বৈদিক বৈষ্ণৱ মহাসভা”ৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰামেশ্বৰ বৰা সমন্বিতে উদ্যোক্তাসকলে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। বৈদিক বৈষ্ণৱ মহাসভাই আগন্তুক দিনবোৰতো ৰাজ্যখনৰ যুৱপ্ৰজন্মৰ মাজত বৈদিক দৰ্শনৰ মহত্ব সম্প্ৰসাৰণৰ দিশত বিশেষ ভূমিকা পালন কৰি যাব বুলি আমি দৃঢ় বিশ্বাসী। অহা ২১ জানুৱাৰী পৰ্যন্ত চলিবলগীয়া অধিৱেশনখনিৰ সফলতা আন্তৰিকতাৰে কামনা কৰিলোঁ।
পতাকা উত্তোলন স্থলীত উপস্থিত থাকে “অসম বৈদিক বৈষ্ণৱ মহাসভা”ৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰামেশ্বৰ বৰা, প্ৰধান সম্পাদক খগেন গগৈ সমন্বিতে ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকল, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি গৌতম গোস্বামী সমন্বিতে কৰ্মকৰ্তাসকল, কেউখন জিলা সমিতিৰ সভাপতি সমন্বিতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা ধৰ্মপ্ৰাণ ৰাইজ।