ধনেশ পক্ষী সুৰক্ষিত কৰাৰ হেতুকে অৰুণাচল প্ৰদেশত ব্যতিক্ৰমী পদক্ষেপ । ধনেশ পক্ষীৰ বিচৰণস্থলী হিচাপে খ্যাত অৰুণাচল প্ৰদেশৰ পাকে কেচাং জিলাৰ চিজুছাত প্ৰতি বছৰে জনগোষ্ঠীয় লোকসকলক সজাগ কৰাৰ উদ্দেশ্যে তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰা হয় ‘পাকে পাগা উৎসৱ’।
শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে এই পাকে পাগা উৎসৱ। ধনেশ পক্ষীৰ লগতে পাকে অভয়াৰণ্যত বসবাস কৰা অনান্য জীৱ-জন্তু, বিভিন্ন পক্ষী আৰু পখিলা আদিক সুৰক্ষিত কৰাটোৱেই হৈছে এই উৎসৱৰ প্ৰধান লক্ষ্য।
এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰধান মুখ্য বন সংৰক্ষক (পিচিচিএফ) (বন্যপ্ৰাণী) এন টাম, পাকে কেচাং জিলাৰ আৰক্ষী অধীক্ষক টাচি ডামাং, চিজুছাৰ অতিৰিক্ত উপায়ুক্ত কেচাং ওৱাংডু আৰু ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ মন্ত্রী বিওৰাম ওৱাগেৰ পত্নী য়াপু লিশি ওৱাগেকে ধৰি বহু কেইগৰাকী গন্যমান্য ব্যক্তি ।