Drama: সামৰণি পৰিল ছয়গাঁও নাট্য মন্দিৰত অনুষ্ঠিত নাট মহোৎসৱৰ ।
ছয়গাঁও শিল্পী সমাজৰ উদ্যোগত আৰু ৰংগালয়, অসমৰ সহযোগত শিল্পী দিৱসৰ সন্ধিয়াৰ পৰা ছয়গাঁও নাট্য মন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল “নাট সমাৰোহ” ।
শনিবাৰে নিশা পলাশবাৰীৰ ৰংগালয় অসমৰ উদ্যোগত প্ৰায় পাঁচ শতাধিক দৰ্শকৰ উপস্থিতিত মঞ্চস্থ হৈছিল অমূল্য কুমাৰৰ ৰচিত আৰু পৰিচালিত নাট-“চাৰি শিকিৰ ঠিকনা” ।
বিশিষ্ট অভিনেতা যতীন্দ্ৰ নাথ খনিকৰে শুভাৰম্ভ কৰা নাটখনৰ পূৰ্বে কেবাগৰাকীও বিশিষ্ট শিল্পীক সম্বৰ্ধনা জনোৱা হয় ।
উক্ত মঞ্চতে শুক্ৰবাৰে নিশা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যুগজয়ী নাট “কাৰেঙৰ লিগিৰী” মঞ্চস্থ হয় । দুয়োখন নাটকে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ।