Boroland Sports Meet 3.0:বড়োলেণ্ড ক্ৰীড়া সন্মিলন ৩.০ উদ্বোধন

ক্ৰীড়া এতিয়া কেৰিয়াৰ গঢ়াৰ মাধ্যম: প্ৰমোদ বড়ো

kok1

Boroland Sports Meet 3.0:

বিটিচি প্ৰধান প্ৰমোদ বড়োৱে আজি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত বড়োলেণ্ড ক্ৰীড়া সভাৰ তৃতীয় সংস্কৰণৰ উদ্বোধনী কৰে।বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত বিটিআৰৰ চহকী ক্ৰীড়া সংস্কৃতিৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে ৩ দিনীয়া বডোলেণ্ড ক্ৰীড়া মিট 2025ত ফুটবল, ভলীবল, কাবাডী, আৰ্চাৰী, এথলেটিকছ, থলুৱা ক্ৰীড়া আৰু পেৰা ক্ৰীড়া শাখাত বিটিআৰৰ যুৱক – যুৱতীসকলে অংশগ্ৰহণ কৰিব।

ADVERTISEMENT

সভাত ভাষণ দি বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে ব্যক্তি আৰু অঞ্চল উভয়ৰে সামগ্ৰিক বিকাশত ক্ৰীড়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ক্ৰীড়াবিদৰ জীৱনত অনুশাসনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে কয় যে এসময়ত মূলতঃ শাৰীৰিক ব্যায়াম আৰু মনোৰঞ্জনৰ উৎস হিচাপে দেখা ক্ৰীড়া এতিয়া কেৰিয়াৰ গঢ়াৰ সুযোগলৈ বিকশিত হৈছে।

অঞ্চলটোৰ ক্ৰীড়া খণ্ডত আন্তঃগাঁথনিৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহৰ কথা স্বীকাৰ কৰি বিটিচিৰ মুৰব্বী গৰাকীয়ে সমগ্ৰ বিটিআৰত ক্ৰীড়াৰ সুবিধাসমূহ শক্তিশালী কৰাৰ বাবে পৰিষদৰ দায়বদ্ধতাক ব্যক্ত কৰে। তেওঁ ঘোষণা কৰে যে অঞ্চলটোত ক্ৰীড়াৰ বিকাশৰ বাবে বড়োলেণ্ড ক্ৰীড়া নীতিৰ খচৰা প্ৰস্তুত কৰা হব। লগতে ৫ কোটি টকাকৈ বিনিয়োগেৰে বাক্সা আৰু কোকৰাঝাৰত ৫০০ জন থাকিব পৰা ক্ষমতাসম্পন্ন হোষ্টেল নিৰ্মাণৰ পৰিকল্পনাও কৰা হ‍্যেছে। তদুপৰি তেওঁ কয় যে শীঘ্ৰেই ওদালগুৰিত এখন ক্ৰীড়া একাডেমীৰ স্থাপনৰ কাম আৰম্ভ কৰা হ’ব।

সভাত বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োকে ধৰি কাৰ্যবাহী সদস্য সজল সিং, ১৩৫ নং পদাতিক বেটেলিয়ন (টেৰিটৰিয়েল আৰ্মি)ৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল গৌৰৱ নেগী; কোকৰাঝাৰ পৌৰ নিগমৰ অধ্যক্ষ প্ৰতিভা ব্ৰহ্ম; তামুলপুৰৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী লগতে অন্যান্য সন্মানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Exit mobile version