Ed Raids In Kamakhya:
নীলাচল পাহাৰৰ বুকুত ইডিৰ অভিযান ৷ কামাখ্যাৰ দেবোত্তৰ ব’ৰ্ডৰ ৭.৬৬ কোটি টকাৰ কেলেংকাৰীৰ সন্দৰ্ভত বলবৎকাৰী সঞ্চালকালয়(ইডি)ৰ গুৱাহাটী মাণ্ডলীক কাৰ্যালয়ৰ এটা দলে বৃহস্পতিবাৰে কামাখ্যাৰ দেবোত্তৰ ব’ৰ্ডৰ বিষয়ববীয়া ৰিজু প্ৰসাদ শৰ্মাৰ ঘৰত চলাই এক অভিযান ৷
হাৱালা কেলেংকাৰীক লৈ চলোৱা ইডিৰ অভিযান কালত কামাখ্যা দেবোত্তৰ ব’ৰ্ডৰ বিষয়ববীয়াজনৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে ১.৮২ কোটিৰ বীমা পলিচীৰ লগতে কেতবোৰ আপত্তিজনক নথি পত্র ৷
উল্লেখ্য যে,২০০৩-১৯ বৰ্ষত হৈছিল এই কেলেংকাৰী ৷ আনকি চিআইডিটো ৰজু হৈছিল গোচৰ ৷ আনহাতে ইডিয়ে গুৱাহাটীৰ পিএছ চিআইডিয়ে আইপিচি, ১৮৬০ৰ বিভিন্ন ধাৰাত পঞ্জীয়ন কৰা এফআইআৰৰ ভিত্তিত তদন্তৰ আঁত ধৰিয়ে বৃহস্পতিবাৰে চলাইছিল এই অভিযান ৷