Tea Talks: Winter Warmth শীতৰ আমেজত নানাবিধ চাহত চুমুক দিলে মন সতেজ হ’ব
:চাহ একাপে বিভিন্ন ধৰণৰ সোৱাদ দিব পাৰে। এই চাহত চুমুক এটা দিলে নিমিষতে ভাগৰ আঁতৰি মনটো সতেজ হৈ উঠে। বিভিন্ন ধৰণৰ চাহৰ ৰেচিপি জানি লওক।
কমলাৰ চাহ
গোটেই কমলা এটা খোলাৰ স’তে আধা কাটি লওক। কমলা ৰঙৰ বাকলিবোৰ উলিয়াই লওক। চাহৰ চচপেনত এগিলাচ পানী দিব। উতলিবলৈ দিয়ক। উতলিবলৈ আৰম্ভ কৰিলে কমলাৰ বাকলিৰ টুকুৰাবোৰ একেলগে দিব। পাঁচ মিনিট উতলাব। এতিয়া চেকি লওক আৰু ঢাকি ৰাখিব। কমলাৰ খোলাটোৰ ভিতৰখন চামুচৰে পৰিষ্কাৰ কৰক। তাৰ পাছত চামুচৰে কিছু কমলাৰ ৰস মিশ্ৰণ কৰক।
চাহপাত এচামুচ দিব। তাৰ ওপৰত কমলাৰ ৰস দিব্ৰু কৰা চাহখিনি ঢালি দিব। চাহপাতখিনি কাপটোত এনেদৰে ঢালি দিব যাতে ডুবাই থোৱা মিশ্রণটো খুব লাহে লাহে কাপটোৰ ভিতৰত পৰে। চাহৰ সোৱাদ আৰু সুগন্ধি অতুলনীয়। খোৱাৰ আগতে এচামুচ মৌ মিহলাই লওক। আপোনাৰ ভিটামিন চি সমৃদ্ধ কমলাৰ চাহ সাজু হৈছে।
ক’লা জিৰা আৰু জালুকৰ চাহ চাহপাত দুচামুচ, ক’লা জিৰা আধা চামুচ, গোটা জালুক আধা চামুচ, আদা এক চামুচ, চেনি বা মৌ (ৰুচি অনুসৰি), পানী লোৱা আধা লিটাৰ। পানী উতলাই তাত চাহপাত, ক’লা জিৰা, জালুক আৰু আদা দিব. পাঁচ-ছয় মিনিট উতলাব। চেনি বা মৌৰ লগত মিহলাই গৰমে গৰমে পান কৰক।
কেশৰ চাহ
পানী দুকাপ, কেশৰ চাৰি-পাঁচ, জৈৱিক মৌ আধা চামুচ, চাহপাত এচামুচ, আদা (সৰু), ডালচেনি এটুকুৰা। আদা আৰু ডালচেনিৰ লগতে পানী দি ভালদৰে উতলিব। কিছু সময়ৰ পাছত কেশৰ দিব। চেকি মৌৰ লগত খাব।
ৰয়েল চাহ
পানী দুকাপ, চাহপাত ১- ১.৫ চামুচ, কিচমিচ এচামুচ, ঘনীভূত গাখীৰ দুচামুচ, হর্লিক্স এচামুচ, কফিৰ গুড়ি এচামুচ। পানী উতলাই তাত চাহপাচ দিব। কিছু সময় উতলিবলৈ দিব। কিচমিচ মিহলাই লওক। উতলি থকা
চাহৰ ওপৰত কিচমিচ, ঘনীভূত গাখীৰ, হলিক্স আৰু কফি পাউদাৰ মিহলাই ফেন সৃষ্টি কৰক। সুন্দৰকৈ পৰিবেশন কৰক।
আদাৰ সেউজীয়া চাহ
আদা, পানী, গ্রীণ টি বেগ এক, ডালচেনি (এটুকুৰা)। আদা পানীত উতলাই লওক। সেই পানীত সেউজীয়া চাহৰ বেগ আৰু ডালচেনি দিব। পাঁচ মিনিট ঢাকি দিব। এই চাহ গৰম কৰি খাব। চৰ্দি আৰু কাহৰ পৰা সকাহ পাব৷