Book Release In Nagaon:
সাংবাদিক হেমেন কুমাৰ দাসৰ ‘শব্দৰ ক’লাজ’ শীর্ষক গ্রন্থখন বুধবাৰে নগাঁও প্রেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য তথ্য অধ্যাপক মৃদুল হাজৰিকাই গ্রন্থখন উন্মোচন কৰে।
গ্রন্থখন উন্মোচন কৰি দিয়া ভাষণত অধ্যাপক হাজৰিকাই কয়, ‘কিতাপ হ’ল জ্ঞানৰ ভাণ্ডাৰ। এটা জাতি উদ্ধাৰ কৰিবলৈ কিতাপ পঢ়িব লাগিব। প্রকৃততে কিতাপ পঢ়াটো এটা জাতীয় অভ্যাসলৈ ৰূপান্তৰ কৰিব লাগে। কিতাপ পঢ়াৰ অভ্যাসে অসমীয়া জাতিক উদ্ধাৰ কৰিব।’ তেওঁ মাজেৰে আমাৰ জাতিটোক ধৰি উন্নয়ন তেতিয়াই হ’ব, যেতিয়া আমি কিতাপ পঢ়াৰ অভ্যাস কৰিম। কাৰণ এটা জাতিৰ সামগ্রিক উন্নয়নৰ বাবে কিতাপৰ দৰকাৰ।’ ড: হাজৰিকাই লেখক হেমেন কুমাৰ দাসৰ প্ৰসংগত কয় যে ‘তেওঁ এগৰাকী জাতীয় চেতনাশীল ব্যক্তি।
ড:হাজৰিকাই ভাষণত গ্রন্থখনৰ প্ৰসংগত কয় যে ‘শব্দৰ ক’লাজ’ৰ মাজত আমি বহু কিবা বিচাৰিপাওঁ। এটা এটা শব্দই আমাক বহু গভীৰতালৈ লৈ যায়।’ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি শিক্ষাবিদ তথা নগাঁও জিলা সাহিত্য সভাৰ নৱনির্বাচিত সভাপতি ড° শৰৎ বৰকটকীয়ে হেমেন কুমাৰ দাসৰ সাংবাদিক জীৱনৰ কথা উল্লেখ কৰি কয় যে হেমেন কুমাৰ দাসৰ গ্ৰন্থখনে সময়ক ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। লগতে তেওঁ কয়, অসমীয়া মানুহৰ কিতাপ পঢ়াৰ অভ্যাস কমিছে।
এইক্ষেত্রত কৃত্রিম বুদ্ধিমত্তাৰ আবিষ্কাৰে কিতাপ পঢ়াৰ আগ্রহ বহু গুণে কমাই দিছে। ইয়াৰ মাজতো সাংবাদিক হেমেন কুমাৰ দাসে কিতাপ লিখাটো নিশ্চয়কৈ অসমীয়া জাতিৰ কাৰণে এক শুভ লক্ষণ হিচাপে চিহ্নিত হ’ব। দাসে তেওঁৰ গ্ৰন্থখনত ইতিহাস ধৰি ৰখাৰ চেষ্টা চলাইছে বুলি ড’ বৰকটকীয়ে মন্তব্য কবে।
আজিকালি বহুতে বাতৰিকাকত নপঢ়াৰ কথাও উল্লেখ কৰি বৰকটকীয়ে কয় যে আমাৰ মানুহে এতিয়া কিতাপ পঢ়িব নিবিচাৰে। গ্রন্থমেলাত কোটি কোটি টকাৰ গ্রন্থ বিক্ৰী হোৱাৰ খবৰ পাওঁ। কিন্তু কিতাপ নপঢ়ে। আজিকালি টিভিও নাচায়। কেৱল ৰীল চাই বুলি বৰকটকীয়ে গুৰুত্বপূর্ণ মন্তব্য কৰে। কিতাপ নপঢ়াটো এটা ব্যাধি বুলি তেওঁ উল্লেখ কৰে।
ইতিহাসবিদ তথা ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড: বিমান হাজৰিকাই ভাষণত কয় যে সাংবাদিকতা আৰু গ্রন্থ ৰচনা কৰাটো এক মহৎ কাম । কিতাপ পঢ়াটো জাতীয় অভ্যাসলৈ ৰূপান্তৰ কৰা প্রয়োজন।
সৃষ্টি আৰু চিন্তাৰ মাজৰে আমাৰ জাতিটোক আগুৱাই নিব লাগিব বুলি ড° হাজৰিকাই মন্তব্য কবে। জিলাখনৰ বিভিন্ন স্তৰৰ শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখনত অৱসৰপ্ৰাপ্ত জনসংযোগ বিষয়া গুৰমাইল সিং, চিত্রশিল্পী সুজিৎ দাস, শব্দৰ ক’লাজৰ প্রকাশক তথা বিশিষ্ট লেখক আমিনুৰ ৰহমান প্রমুখ্যে বহুকেইগৰাকী গ্রন্থপ্রেমী ব্যক্তি উপস্থিত থাকে।