Gujarat: গুলেইন বেৰী আতংকৰ মাজতেই পাঁচবছৰৰ পাছত কংগো ভাইৰাছৰ আক্ৰমণ !
গুজৰাটত মৃত্যু এজনৰ
গুইলেন বেৰী চিণ্ড্ৰোম বা জিবিএছে সমগ্ৰ দেশতে আতংক বিয়পাইছে। ইয়াৰ মাজতে গুজৰাটত কংগো ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু এজনৰ । যোৱা পাঁচ বছৰত এইটো প্ৰথম বাৰৰ বাবে যে এই দেশত এই ৰোগত আক্ৰান্ত হৈ কাৰোবাৰ মৃত্যু হৈছে।
এই ৰোগক ক্ৰীমিন-কংগো হেমৰেজিক ফিভাৰ তথা চিচিএইচএফ বুলি কোৱা হয়। যদিও সকলোৱে ইয়াক কংগো ফিভাৰ বুলি জানে। গুজৰাটৰ মোহনভাই নামৰ ৫১ বছৰীয়া এজন ব্যক্তি এই ৰোগত আক্ৰান্ত হয়।
পেছাত তেওঁ এজন পশু পালক। ২১ জানুৱাৰীত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু সোমবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।
যেতিয়া তেওঁৰ তেজৰ নমুনা পুনেলৈ প্ৰেৰণ কৰা হয়, তেতিয়া তেওঁৰ শৰীৰত কংগো ফিভাৰ ভাইৰাছ লুকাই থকা বুলি ধৰা পৰে।
গুজৰাটৰ স্বাস্থ্য বিভাগে অঞ্চলটোত নিৰীক্ষণ বৃদ্ধি কৰিছে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ’বলৈ প্ৰশাসনে মৃতকৰ পৰিয়ালক অনুৰোধ জনাইছে।
এই ৰোগৰ লক্ষণবোৰ কি? জ্বৰ, পেশীৰ বিষ, মুৰৰ বিষ আৰু অনিদ্ৰা দৰে লক্ষণৰ উপৰিও, সংক্ৰমিত হোৱাৰ দুইৰ পৰা চাৰি দিনৰ ভিতৰত টোপনিৰ অভাৱ, ভাগৰ আৰু পেটৰ বিষ হয়।
ইয়াৰ উপৰিও, মুখ, ডিঙি আৰু শৰীৰৰ অন্যান্য অংশতো ফোহা ওলোৱাৰ দৰে লক্ষণ দেখা যায়। ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই এই ৰোগত মৃত্যুৰ হাৰ ৪০ শতাংশ বুলি জানিবলৈ দিছে।
এতিয়ালৈকে কোনো ভেকছিন আৱিষ্কাৰ কৰা হোৱা নাই। যদিও ভাইৰাছটো সাধাৰণতে ঘৰুৱা জন্তুৰ পৰা বিয়পে, ই ব্যক্তিৰ পৰা আন জনলৈও সংক্ৰমিত হ’ব পাৰে।