Trump has suspended aid to many countries, including Bangladesh: বাংলাদেশসহ বহু দেশৰ অনুদান বন্ধ কৰিলে ট্রাম্পে, তালিকাত ভাৰতো ?

ইজৰাইলৰ সাহায্য অব্যাহত থাকিব, ভাৰতলৈ সাহায্যৰ বিষয়টো পর্যালোচনা কৰিছে আমেৰিকাই,মোদীৰ বাৰ্তালাপ ট্রাম্পৰ স'তে

donald trump

Trump has suspended aid to many countries, including Bangladesh:

নির্বাচনী প্ৰচাৰত প্ৰদান কৰা সকীয়নি দ্বিতীয়বাৰলৈ মার্কিন ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণৰ পাছতে কাৰ্যত পৰিণত কৰিবলৈ আৰম্ভ কৰিছে ড’নাল্ড ট্রাম্পে। তাৰে অংশৰূপে বিভিন্ন দেশক প্ৰদান কৰা আর্থিক সাহায্য বন্ধ কৰিলে ট্রাম্পৰ প্রশাসনে
ক্ষমতালৈ প্ৰত্যাৱৰ্তনৰ পাছতেই এখনৰ পাছত এখন নির্দেশ পত্ৰত স্বাক্ষৰ কৰাত ব্যস্ত হৈ পৰিছে ট্রাম্প। ইয়াৰ মাজতে আছে সাহায্য বন্ধৰ নিৰ্দেশ পত্ৰ। অৱশ্যে মিছৰ আৰু ইজৰাইলে পূৰ্বৰ দৰেই সাহায্য লাভ কৰিব যদিও অনুদান বন্ধৰ তালিকাত আছে হ’ব পাৰে বুলি বিবুদ্ধিত পৰিছে ঢাকা। এই প্রসংগত বাংলাদেশ চৰকাৰৰ দাবী যে কেৱল তেওঁলোকৰ দেশতে যে সাহায্য বন্ধ হৈছে এনে নহয়। বিষয়টো তেওঁলোকৰ বাবে প্রত্যাশিত বুলি দাবী কৰে বাংলাদেশে

বাংলাদেশত আশ্রয় গ্রহণ কৰা ৰহিংগ্যাসকলৰ বাবে সাহায্য অব্যাহত থাকিব। ইপিনে, ভাৰতৰ ক্ষেত্রত অনুদান অব্যাহত থাকিব নে বন্ধ হ’ব, সেই বিষয়ে আমেৰিকাই সিদ্ধান্ত গ্রহণ কৰা নাই। নতুন দিল্লীৰ আমেৰিকান দূতাবাসৰ এক মুখপাত্রই জনোৱা মতে, ভাৰতৰ সাহায্য প্রসংগ পর্যালোচনা কৰিছে আমেৰিকাই।

আমেৰিকাৰ অনুদান বন্ধ হ’লে ভাৰতত পৰিৱেশ-স্বাস্থ্যসহ যিসমূহ উন্নয়নমূলক প্রকল্প অব্যাহত আছে, সেইসমূহ বাধাগ্রস্ত হ’ব পাৰে। দীর্ঘদিন ধৰি এই ধৰণৰ প্ৰকল্প নতুন দিল্লীয়ে আমেৰিকান দূতাবাস আৰু ইউএছএইড-এ আর্থিক সাহায্য প্রদান কৰি আহিছে।

আমেৰিকাই এক বিবৃতিত প্রকাশ কৰে যে আমেৰিকাৰ আন্তর্জাতিক উন্নয়ন সংস্থা (ইউএছএইড)ৰ পৰা ইমানদিনে বাংলাদেশে লাভ কৰা আর্থিক সাহায্য বন্ধ হ’ল। এক বিবৃতিত উল্লেখ যে বাংলাদেশৰ স’তে চুক্তি-প্রকল্প বাতিলৰ নির্দেশ দিছে। প্রায় ৫০ বছৰ ধৰি বাংলাদেশৰ জনস্বাস্থ্য-শিক্ষা, ইন্ধন, পৰিৱেশ, খাদ্য, প্রাকৃতিক দুর্যোগ মোকাবিলাসহ বিভিন্ন ক্ষেত্ৰত আমেৰিকাই আর্থিক সাহায্য প্রদান কৰি আহিছে।

বাংলাদেশৰ সংবাদ মাধ্যমৰ মতে আঠ কোটি ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাত প্রায় ৬৮ হেজাৰ কোটি টকা সাহায্য প্ৰদান কৰে আমেৰিকাই। ট্রাম্পৰ চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ফলত বাংলাদেশত কাম কৰা স্বেচ্ছাসেৱী সংগঠনসমূহ বিপাঙত পৰিল। এইসমূহে আমেৰিকাই প্ৰদান কৰা আর্থিক সাহায্যৰ দ্বাৰাই কাম কৰি আছিল। এনে সংগঠনসমূহে দাবী কৰে বিভিন্ন উন্নয়নৰ কাম-কাজ বন্ধ হ’ব।

ইপিনে, দেশখনৰ বৈদেশিক মন্ত্রণালয়ৰ উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কয়, ‘এয়া প্রত্যাশিত। আমেৰিকাই নিৰ্বাচনৰ পূৰ্বৰে পৰা ড’নাল্ড ট্রাম্পে বিদেশলৈ সাহায্য প্রদানৰ কথাটো বিবেচনা কৰিব বুলি কৈ আহিছে। এই ধৰণৰ সাহায্য যে হ্রাস পাব, তাকে লৈ সকলো উদ্বিগ্ন আছিল।’ তেওঁৰ দাবী অনুসৰি, বাংলাদেশ চৰকাৰলৈ কোনো আনুষ্ঠানিক বার্তা প্ৰেৰণ কৰা নাই।

# ট্রাম্পৰ নিৰ্দেশ

যোৱা ২৪ জানুৱাৰীৰ নিৰ্দেশ মর্মে ট্রাম্পৰ প্ৰশাসনে ইজৰাইল আৰু মিছৰৰ বাহিৰে বহু দেশৰ বাবে আর্থিক সাহায্য বন্ধ কৰিলে। মার্কিন বৈদেশিক সচিব মার্ক’ ৰুবিয়ে জনোৱা মতে, নতুনকৈ সাহায্যৰ বিষয়টো অনুমোদিত নোহোৱা পর্যন্ত ই বন্ধ থাকিব। অহা ৮৫ দিনৰ ভিতৰত বৈদেশিক সাহায্যৰ বিষয়সমূহ পর্যালোচনা কৰা হ’ব। তাৰ পাছত পৰৱৰ্তী সিদ্ধান্ত গ্রহণ কৰিব ট্রাম্প চৰকাৰে। এই সম্পর্কত বিতং ব্যাখ্যা কৰা নাই আমেৰিকাই।

Exit mobile version