আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহে অন্য দেশৰ পৰা পঢ়িবলৈ অহা শিক্ষাৰ্থীসকলক নিৰ্দেশ দিছে, যদি তেওঁলোকে বিশ্ব স্বাস্থ্য সংস্থা (হু) অনুমোদিত প্ৰতিষেধক গ্ৰহণ নকৰে তেওঁলোকে পুনৰ প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব । ভাৰতীয় শিক্ষাৰ্থীসকলক কোৱা হৈছে, ভাৰত বায়’টেকৰ ক’ভেক্সিন প্ৰতিষেধক লোৱাসকলে পুনৰ স্পুটনিক-ভিৰ প্ৰতিষেধক ল’ব লাগিব । নতুন ছেমিষ্টাৰ আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
এই নিৰ্দেশনাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শংসয়ৰ সৃষ্টি হৈছে । দুটা প্ৰতিষেধক গ্ৰহণ কৰিলে শৰীৰত কেনে ধৰণৰ প্ৰভাৱ পৰিব তাক লৈ চিন্তিত তেওঁলোক । এই সন্দৰ্ভত ‘চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেন্সন’ৰ মুখপাত্ৰ ক্ৰিষ্টেন নৰ্ডলাণ্ডে সংবাদ মাধ্যমৰ আগত কয়, ‘যিহেতু এই পৰ্যন্ত দুটা পৃথক প্ৰতিষেধক গ্ৰহণ কৰা হোৱা নাই, সেয়ে ইয়াৰ সুৰক্ষা আৰু কাৰ্যকৰিতা অজ্ঞাত আছে । কিন্তু যিসকলে হু অনুমোদিত প্ৰতিষেধক গ্ৰহণ কৰা নাই তেওঁলোকে ২৮ দিন অপেক্ষা কৰাৰ পাছত হু অনুমোদিত প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব ।’
প্ৰতি বছৰে ভাৰতৰ প্ৰায় দুই লাখ শিক্ষাৰ্থীয়ে আমেৰিকাত উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে বিভিন্ন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে । এই নিৰ্দেশৰ পাছত দ্বিতীয়বাৰ প্ৰতিষেধক গ্ৰহণ কৰিবৰ বাবে নাম নথিভুক্ত কৰিবলৈ সমস্যাত পৰিছে তেওঁলোকে । বহুতে আকৌ দুটা পৃথক প্ৰতিষেধক গ্ৰহণ কৰিলে শৰীৰত কি প্ৰভাৱ পৰিব তাক লৈয়ে শংকাত আছে ।