Delhi Cricket Match:
সুদীৰ্ঘ ১২ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ উভতিল ক্ৰিকেটষ্টাৰ বিৰাট কোহলি। ঘৰুৱা দল দিল্লীৰ হৈ ৰঞ্জি ট্ৰফীৰ মেচ খেলিছে তাৰকা বেটছমেন গৰাকীয়ে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে মেচখন। ষ্টেডিয়ামত তেওঁক স্বচক্ষে চাবলৈ বাহিৰত প্ৰচণ্ড ভিৰ। খেল পথাৰত সোমাবলৈ লাইনত লাগিল হুলস্থুল – হুৱাদুৱা৷ পদপিষ্ট হৈ আহত হয় বহু দৰ্শক ৷
উল্লেখ্য যে কুম্ভ মেলাত পদপিষ্ট হৈ মৃত্যু হয় ৩০ জন লোকৰ । দিল্লীৰ ৰঞ্জী মেচখনৰ এই পৰিস্থিতিয়ে এক বৃহৎ দুৰ্ঘটনা পৰা যেন ৰক্ষা পৰিল ৷
দিল্লী ক্ৰিকেট সন্থাই এই মেচখন উপভোগ কৰিব পৰাকৈ যাতে অধিক লোকে কোহলীৰ খেলখন চাব পাৰে তাৰ বাবে টিকটৰ ব্যৱস্থা কৰা নাছিল। ফলত পুৱা ৮ বজাৰ পৰা ষ্টেডিয়ামৰ বাহিৰত ৰাইজ গোট খাবলৈ আৰম্ভ কৰে। দৰ্শকৰ বাবে খেলপথাৰত প্ৰৱেশ কৰিবলৈ তিনিখন গেট ব্যৱহাৰ কৰা হৈছিল।
ইয়াৰে এখন গেটৰ বাহিৰত দৰ্শকৰ প্ৰচণ্ড ভিৰ হয় ৷ পুৱা ৯ বজাত গেট খোলে। টিকট নথকাৰ বাবে সকলোৱে আগতেই খেলপথাৰত প্ৰৱেশ কৰি ভাল আসনত বহিবলৈ লৰাঢপৰা কৰিছিল ৷ যাৰবাবে এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় ৷
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বহু লোকে ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত সোমাবলৈ দীঘলীয়া শাৰীপাতি থকা অৱস্থাতে কোনো লোকে লাইন ভাঙি প্ৰৱেশৰ চেষ্টা কৰে ৷ ফলস্বৰূপে লাইনত শাৰীপাতি থকা বহুলোক মাটিত বাগৰি পৰে ৷ ইয়াৰে একাংশৰ তেওঁলোকৰ গাৰ ওপৰেৰে অতিক্ৰম কৰি ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰে ৷ উল্লেখ্য যে মাটিত বাগৰি পৰাৰ ভিতৰত আছিল কণমানি শিশু ৷
এক হুলস্থূলৰ পৰিবেশৰ মাজতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও এই ঘটনাত বহুজন আহত হয় ৷ আনকি আহত হয় এজন নিৰাপত্তাৰক্ষী ৷ ইয়াৰ মাজতে আৰক্ষীয়ে পৰিবেশ শান্ত কৰাৰ উদ্যোগ লোৱাত একাংশ উদণ্ড দৰ্শক ক্ষুব্ধ হৈ দুই এখন আৰক্ষীৰ বাইক ভাঙি লণ্ডভণ্ড কৰে। এনে লৰাঢপৰাত বহু দৰ্শকৰ জোতা- চেণ্ডেল বাহিৰত পৰিত্যক্ত অৱস্থাত পৰি ৰয় ৷
আনহাতে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰাত প্ৰৱেশদ্বাৰৰ দায়িত্বত থকা লোকে দ্বাৰ খুলি দিয়ে ৷ তাৰ পিছতে হুহুৱাই সোমাই যায় দৰ্শক ৷ ইপিনে আহত দৰ্শকক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ঘটনাস্থলীত উপস্থিত হয় চিকিৎসক ৷
ষ্টেডিয়ামৰ বাহিৰত থকা দৰ্শকে খেল উপভোগ কৰিবৰ স্থাপন কৰা হৈছিল বৃহাদাকাৰ এলচিডি ৷ খেল আৰম্ভ হোৱাৰ পিছত দৰ্শকৰ উন্মাদনা বাঢ়ি গ’ল। প্ৰতিবাৰেই বিশাল পৰ্দাত কোহলীক দেখুওৱা হৈছিল ৷
উল্লেখ্যযোগ্য ষ্টেডিয়ামৰ ভিতৰতো সংঘটিত হয় আন এক অনাকাংক্ষিত ঘটনা ৷ দিল্লীয়ে প্ৰথমে বেটিং কৰিছে। খেলপথাৰৰ স্লিপত থিয় হৈ থকা কোহলীক স্পৰ্শ কৰিবলৈ খেলপথাৰত ভিতৰত সোমাই পৰে এজন যুৱক। প্ৰথমে যুৱকজনে কোহলীক প্ৰণাম কৰিলে। অৱশ্যে নিৰাপত্তাৰক্ষীয়ে তেওঁক বাহিৰলৈ লৈ গ’ল। এই ঘটনাৰ পিছত ক্ৰীছৰ বাহিৰত নিৰাপত্তাৰক্ষী কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয়৷ এই ঘটনা যাতে দ্বিতীয়বাৰৰ বাবে নহয় তাৰ বাবে আয়োজক সমিতিয়ে সাৱধানতা অৱলম্বন কৰে।
মনকৰিবলগীয়া যে ছসপ্তাহ জোৰা কাৰ্যসূচীৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা পবিত্ৰ মহাকুম্ভ মেলাৰ বুধবাৰৰ মৌনি আমাৱস্যা উপলক্ষে ‘শ্বাহী স্নান’ৰ সময়ত ঠেলাহেঁচা তথা পদপিষ্ট হৈ কমেও ৪০ জন পূন্যাৰ্থীৰ প্ৰাণহানি ঘটনাৰ লগতে আন বহু সংখ্যক আহত হয়।
উল্লেখ্য যে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা দৰ্শন কৰিবৰ বাবে মঙলবাৰে পুৱাৰে পৰা তীৰ্থযাত্ৰীৰ ভিৰ বৃদ্ধি পাবলৈ ধৰে। ৰাতিটো আগবাঢ়ি যোৱাৰ লগে লগে ভিৰ বাঢ়িবলৈ ধৰিলে। নিশা ১২ বজাৰ পিছত ভিৰৰ ছবিখন সলনি হ’বলৈ ধৰিলে। বুধবাৰে ৰাতিপুৱা ২ বজাৰ পিছত ক্ৰমাৎ পৰিস্থিতি অনিয়ন্ত্ৰীত হৈ পৰে । প্ৰশাসনে ভাবিছিল যে তীৰ্থযাত্ৰী আহিব, গা ধুব আৰু তাৰ পিছত উভতি যাব। কিন্তু গা ধোৱাৰ পাছতো বহু তীৰ্থযাত্ৰী সংগমস্থলীৰ আশে-পাশে থাকি গ’ল। বহুতে জিৰনী ল’বলৈ প্লাষ্টিকৰ কঠ মাটিত পাৰি শুই আছিল ।
আনহাতে ইয়াৰ মাজতে আকৌ পুৱা ২ বজাৰ পিছত বহু তীৰ্থযাত্ৰীয়ে বেৰিকেড ভাঙি আগবাঢ়ি যাবলৈ চেষ্টা কৰে। বহু লোকে বেৰিকেডৰ ওপৰেৰে যাবলৈ শুই থকা তীৰ্থযাত্ৰীসকলৰ ওপৰেৰে লৰাঢপৰা কৰি দৌৰি যায়৷ ফলত সংঘটিত হয় শোকাৱহ ঘটনা ৷ পদপিষ্ট ঘটনাত এতিয়ালৈকে আনুষ্ঠানিকভাৱে ৪০ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। যদিও আন সূত্ৰই মৃত্যুৰ সংখ্যা অধিক বুলি কয়।
এই ধৰণৰ অনুৰূপ পৰিস্থিতি দিল্লীতো হ’ব পাৰিলেহেঁতেন ৷ অৱশ্যে দিল্লী আৰক্ষী প্ৰশাসনে অতি তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷