How to prepare for the All India Level Examination:
প্ৰাৰ্থীয়ে বেংকৰ কি পদত আবেদন কৰিব সেয়া ভালদৰে বুজি পৰীক্ষাৰ প্ৰস্তুতি চলাব লাগিব। বেংকৰ পৰীক্ষা সহজ কৰাৰ বাবে ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছনেল ছিলেকছন-এ বিশেষ পৰীক্ষা অনুষ্ঠিত কৰে।এই কমন লিখিত পৰীক্ষাৰ মাধ্যমৰে আপুনি যিকোনো বেংকৰ নিয়োগ পৰীক্ষাৰ আবেদনৰ বাবে এটি একক পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।
সংক্ষেপত ক’বলৈ হ’লে আইবিপিএছৰ মাধ্যমৰে আপুনি এটা একক লিখিত পৰীক্ষাৰ আবেদন কৰি সকলো বেংকৰ নিয়োগৰ বাবে আবেদন কৰিব লাগিব। তদুপৰি তিনিটা চৰকাৰী সংস্থাই বেংকৰ চাকৰিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰে। এই সংস্থাকেইটা হৈছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, ষ্টেট বেংক অৱ ইণ্ডিয়া,নেচনেল বেংক অৱ এগ্রিকালচাৰ এণ্ড কলে ডেভেলপমেণ্ট।
🔷সময় নিৰ্ধাৰণ কৰি অনুশীলন কৰক : বেংকৰ পৰীক্ষাত সফলতা লাভৰ ক্ষেত্ৰত সবাতোকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰশ্নকাকতৰ সকলো উত্তৰ লিখা। সেয়েহে প্ৰস্তুতিৰ আৰম্ভণিৰে পৰা প্ৰাৰ্থীয়ে সময় নিৰ্ধাৰণ কৰি এই পৰীক্ষাৰ বাবে অনুশীলন কৰা জৰুৰী৷ পুৰণি পৰীক্ষাৰ প্ৰশ্নকাকত সংগ্ৰহ কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰ লিখাৰ নিয়মীয়া অভ্যাস গঢ়ি তুলিলে পৰীক্ষাত অৱতীৰ্ণ হৈ নির্দিষ্ট সময়ত প্রশ্নকাকত সম্পূৰ্ণ কৰিব পাৰিব ।
🔷বিভিন্ন ৱেবছাইটৰ সহায় লওক : আজিকালি বিভিন্ন ৱেবছাইটত বেংকৰ নানা পদৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আৰু পাঠ্যক্ৰমৰ সকলো তথ্য উপলব্ধ হৈছে। আপুনি এনেবোৰ ৱেবছাইট ভিজিট কৰি প্ৰয়োজনীয় তথ্যপাতি আহৰণ কৰিব পাৰিব। বেংকৰ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত বিভিন্ন ৱেবছাইটে আপোনাক সহায় কৰিব পাৰিব। অনলাইনত বেংকিং পৰীক্ষাৰ অনুশীলনৰ বাবে নানা অনলাইন পৰীক্ষা অনুষ্ঠিত কৰা হয়। ইয়াৰ জৰিয়তেও আপুনি অনুশীলন কৰিব পাৰিব । কোন কোন পদত পৰীক্ষা অনুষ্ঠিত হয় ?
🔷মূলত তিনিটা পদত বেংকে প্রার্থীক নিযুক্তি দিয়ে। এই পদ তিনিটা হৈছে ক্লার্ক, প্ৰবেচনাৰী অফিচাৰ (পিঅ’) আৰু স্পেচিয়েলিষ্ট অফিচাৰ। এই তিনিটা পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা ভিন্ন হয়। তদুপৰি নিয়োগ প্রক্রিয়াও পৃথক হয়। আপুনি যি পদৰ বাবে আবেদন কৰিব, সেই পদ অনুসৰি নিযুক্তি পৰীক্ষাৰ সবিশেষ প্রথমে জানি লৈ প্ৰস্তুতি আৰম্ভ কৰক। উল্লেখ্য যে ভাৰতত বছৰি দুবাৰকৈ ক্লাৰ্ক আৰু পিঅ’ পদৰ নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হয়। স্পেচিয়েলিষ্ট অফিচাৰ পদৰ পৰীক্ষা বছৰত এবাৰ অনুষ্ঠিত হয়। সাধাৰণতে ২০-২৮ বছৰ বয়সৰ প্ৰাৰ্থীয়ে ক্লার্ক পদৰ বাবে আবেদন কৰিব পাৰে। আনহাতে, প্ৰবেচনাৰী অফিচাৰ,স্পেচিয়েলিষ্ট অফিচাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স ২১-৩০ বছৰ ভিতৰত হ’ব লাগে ।