Jamugurighat:
জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত আজি বৃহত্তৰ নদুৱৰ অঞ্চলৰ দুই হেজাৰৰো অধিক গোৰ্খা জনগোষ্ঠীয় যুৱক যুৱতী সমবেত হৈ “নদুৱাৰ গোৰ্খা যুৱ মঞ্চ” নামৰে নতুনকৈ এক সংগঠনৰ জন্ম দিয়ে ৷ নতুনকৈ গঠন হোৱা এই ঐক্যমঞ্চই বৃহত্তৰ অঞ্চলটোত সমন্বয় সম্প্ৰীতি আৰু ভাতৃত্ব বোধ অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতে গঠন কৰা বুলি মন্তব্য কৰে উদ্যোক্তা সকলে ৷
ঐক্য সমন্বয়ৰ অনুষ্ঠানটিত যুৱ সমাজকৰ্মী আদিত্য আলেক সভাপতি, মনোজ ছেত্ৰী আৰু ক্ষেমৰাজ ৰায়ক যুটীয়া সম্পাদক হিচাবে লৈ লগতে সন্দীপ নেৱাৰ,ৰচৌন ঠাকুৰী আৰু প্ৰকাশ শৰ্ম্মাক উপ সভাপতি আৰু লাকপা লিৰিং লামাক সহ সচিব হিচাবে সৰ্ব্বসন্মতি ক্ৰমে নিৰ্ব্বাচিত কৰি “নদুৱাৰ গোৰ্খা যুৱ মঞ্চ” ৰ এখন শক্তিশালি কমিটি গঠন কৰে ৷
বৃহত্তৰ নদুৱাৰ অঞ্চলৰ গোৰ্খা যুৱক- যুৱতী সকলৰ উপষ্ঠিতিত অনুষ্ঠিত সমন্বয় অনুষ্ঠানটিত মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা “নদুৱাৰ গোৰ্খা যুৱ মঞ্চ” গঠন দৰে প্ৰশংসনীয় পদক্ষেপক আদৰনী জনাই নৱগঠিত কমিটি খনৰ প্ৰতি অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷