Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

    Gaurav Gogoi :প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লাভ কৰাৰ পিচত যোৰহাট উপস্থিত গৌৰৱ গগৈ

    প্রয়াত ভাৰতৰ ‘টাইগাৰ মেন’ বাল্মীক থাপাৰ 

    বিপদসীমাৰ ওপৰত তিস্তা, ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত জাৰি ৰেড এলাৰ্ট 

    Flood : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ- উপনৈ

    পুনৰ দেশত হ’ব নেকি বিমুদ্ৰাকৰণ ? ৫০০ টকাৰ নোট নিষিদ্ধ কৰাৰ আহ্বান নাইডুৰ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Three Autonomous Councils:দিছপুৰৰ হাতলৈ তিনি স্বায়ত্ত পৰিষদ !

ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে দুবাৰকৈ বর্ধিত কার্যকালৰ অন্ত পৰিব তিনি স্বায়ত্তশাসিত পৰিষদৰ, নিৰ্বাচন অনুষ্ঠিত কৰাৰ কোনো উম-ঘামেই নাই, চৰম অনিশ্চয়তাৰ পৰিৱেশ, কেবিনেটেহে গ্রহণ কৰিব সিদ্ধান্ত: মুখ্যসচিব

publisher by publisher
January 31, 2025
in News, Assam, India
Reading Time: 3 mins read
0
Three Autonomous Councils:দিছপুৰৰ হাতলৈ তিনি স্বায়ত্ত পৰিষদ !
2
SHARES
15
VIEWS
ShareShareShareShare

Three Autonomous Councils:

অসমৰ ৰাজ্যপালে ছমাহকৈ দুবাৰ অৰ্থাৎ এবছৰ কাৰ্যকাল বৃদ্ধি কৰাৰ পাছত চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ প্ৰথম ভাগতে পুনৰ অন্ত পৰিব ৰাজ্যৰ তিনি উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ-মিচিং, ৰাভা হাছং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বৰ্ধিত কার্যকাল।

ADVERTISEMENT

এই কার্যকাল সমাপ্ত হ’বলৈ মাজত মাথোঁ কেইটামান দিন আছে যদিও আজি পর্যন্ত নির্বাচনক লৈ অসম চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ নাই কোনো প্রস্তুতি, পৰিকল্পনা। এই লৈ জনজাতীয় বৌদ্ধিক মহলত বৃদ্ধি পাইছে ক্ষোভ, উৎকণ্ঠা। সকলোৰে এটাই প্রশ্ন- ফেব্ৰুৱাৰীৰ পাছত পৰিষদ সমূহৰ কি হ’ব? ভংগ হ’ব নে চৰকাৰে নিজৰ নিয়ন্ত্ৰণলৈ নি পৰৱৰ্তী নির্বাচন অনুষ্ঠিত নোহোৱা পর্যন্ত অকামিলা কৰি ৰাখিব?

RelatedPosts

Rajya Sabha Election : অসমত ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা

Panchayat Election Final Results:তিনিদিনৰ মূৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা নির্বাচন আয়োগৰ

Nalbari:পঞ্চায়ত নির্বাচনত নলবাৰী জিলাত কেনেকৈ নাকচ ৩০ হেজাৰ ভোট

উল্লেখ্য যে অহা পাঁচ ফেব্ৰুৱাৰীত মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু ১০ ফেব্ৰুৱাৰীত ৰাভা হাছং তথা সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বৰ্ধিত কাৰ্যকালৰ অন্ত পৰিব। উপগ্রহীয় স্বায়ত্তশাসিত পৰিষদসমূহৰ পৰৱৰ্তী নির্বাচন সন্দৰ্ভত দিছপুৰৰ এক সূত্রই ‘দৈনিক অগ্রদূত’ৰ আগত দাবী কৰে যে সমাগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কোনো পৰিকল্পনা নাই অসম চৰকাৰৰ।

তথ্যবিজ্ঞ সূত্ৰটোৱে দাবী কৰা মতে, অন্ততঃ তিনিটা কাৰণত পৰিষদীয় নির্বাচন অনুষ্ঠিত কৰাত কাৰিকৰী অসুবিধা আছে। প্রথমতে, পঞ্চায়ত নির্বাচন আৰু পৰিষদীয় নির্বাচন একে সময়তে অনুষ্ঠিত কৰিব পৰাকৈ নিৰ্বাচন আয়োগৰ ওচৰত মানৱ-শক্তিৰ অভাৱ। দ্বিতীয়তে, সমাগত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ আগত নির্বাচনী কুচকাৱাজ আৰম্ভ হ’লে পৰিৱেশ বিঘ্নিত হোৱাৰ আশংকা আৰু তৃতীয়তে, ৰাজ্য চৰকাৰৰ ওচৰত সম্প্ৰতি পুঁজিৰ অভাৱ। স্বাভাৱিকতে এনে পৰিস্থিতিত প্রশ্ন হয়, তেন্তে স্বায়ত্তশাসিত পৰিষদসমূহৰ ভৱিষ্যত কি?

শেহতীয়াকৈ স্বায়ত্তশাসিত পৰিষদসমূহৰ নিৰ্বাচন অনুষ্ঠিত নকৰাক লৈ জনজাতীয় দল-সংগঠনৰ নেতৃত্বৰ মনত ভিতৰি ক্ষোভৰ উদ্‌গীৰণ হৈছে যদিও মুকলিকৈ প্ৰকাশ কৰাৰ সাহস গোটাব পৰা নাই; কিয়নো উল্লিখিত তিনিওখন পৰিষদেই বিজেপিৰ দখলত আছে। বিষোদগাৰ প্ৰকাশ কৰিবলৈ এপিনে দলীয় নেতৃত্বৰ ভয় আৰু আনপিনে মৌনব্রত পালন কৰিবলৈ হ’লে সাধাৰণ জনজাতীয় ৰাইজৰ ৰোষত পৰাৰ ভয়।

কেবল পৰিষদৰ ক্ষমতাত থকা নেতাসকল বুলিয়েই নহয়, এই সমগ্র বিষয়টোত মিচিং, ৰাভা হাছং আৰু সোণোৱাল কছাৰী জাতীয় দল-সংগঠনৰ নেতৃত্বয়ো ৰহস্যজনক কাৰণত নীৰৱতা অৱলম্বন কৰা দেখা গৈছে। উপগ্রহীয় স্বায়ত্তশাসিত পৰিষদসমূহৰ পৰৱৰ্তী নির্বাচন সন্দর্ভত মিচিং স্বায়ত্তশাসিত পৰিষদ (এমএচি) ৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘দৰাচলতে সোণোৱাল কছাৰী, ৰাভা হাছং আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন একে সময়তেই অনুষ্ঠিত হ’ব লাগে;

কিন্তু এমএচিৰ ক্ষেত্ৰত নিৰ্বাচনৰ পূৰ্বে কৰণীয় বহু কাৰিকৰী কাম অসম্পূৰ্ণ হৈ আছে। এমএচিৰ পৰিষদীয় সমষ্টিৰ সংখ্যা পূৰ্বৰ ৩৬টাৰ পৰা ৪০টলৈ বৃদ্ধি কৰা হৈছে। বহু বড়ো গাঁও কৰ্তন কৰাৰ বিপৰীতে মিচিং গাঁও অন্তর্ভুক্ত কৰাৰ প্ৰক্ৰিয়াও চলি আছে। এনেবোৰ প্ৰক্ৰিয়াত ৰাজ্যপালৰ অনুমোদন আৰু অসম চৰকাৰৰ দ্বাৰা ৰাজপত্র জাননী প্রকাশ কৰাটো সাংবিধানিক দস্তুৰ। গতিকে এমএচিক সম্প্রতি সময়ৰ প্ৰয়োজন।’

কাৰ্যকাল অন্ত পৰাৰ পাছতেই পৰিষদসমূহ বিধিসম্মতভাৱে অসম চৰকাৰৰ প্রশাসনিক নিয়ন্ত্রণলৈ যাব বুলি উল্লেখ কৰি এমএচিৰ মুখ্য কাৰ্যবাহী সদস্য চায়েঙীয়াই কয় যে কার্যকাল অন্ত পৰিলেও অতিসম্প্রতি ৰূপায়ণ হৈ থকা উন্নয়নমূলক আঁচনিসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰাত কোনো বাধা-নিষেধ নাই। সেয়েহে চিন্তাৰ বিশেষ কাৰণো নাই। অর্থাৎ, চায়েঙীয়াই আকাৰে-ইংগিতে ‘দৈনিক অগ্রদূত ‘ক বুজাবলৈ চেষ্টা কৰে যে এমএচিলৈ নকৈ পুঁজি আবণ্টন দিয়াৰ কোনো সম্ভাৱনা নাই আৰু কার্যকাল থাকক বা নাথাকক দিল্লী-দিছপুৰত নিজ দলৰ চৰকাৰ থকা হেতুকে ইতিমধ্যে আৱন্টিত পুঁজিৰ ধন খৰচ কৰাত কোনো অসুবিধাও নাই।

ইপিনে, ‘দৈনিক অগ্রদূত’ৰৈ হোৱা এক টেলিফোনিক বার্তালাপত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কয়, ‘১০ ফেব্ৰুৱাৰীত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ দ্বিতীয় বর্ধিত কাৰ্যকালৰ সমাপ্ত হ’ব। কার্যকাল শেষ হ’লে পৰিষদখনক লৈ অসম চৰকাৰে আচলতে কি কি কৰিব মই সঠিক নাজানো। আমি বিচাৰো যিমান সোনকালে পাৰে চৰকাৰে পৰিষদসমূহৰ নিৰ্বাচন পাতক। আমি আগ্ৰহেৰে নিৰ্বাচনী যুঁজত অবতীর্ণ হ’বলৈ প্রস্তুত আছো। বাকী কাৰিকৰী কথা চৰকাৰেহে জানিব।’

পৰিতাপৰ কথা, বিষয়টো সন্দর্ভত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ প্ৰতিক্রিয়া জানিবলৈ ‘দৈনিক অগ্রদূত’ৰ তৰফৰ পৰা কে’বাবাৰো যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও কোনো সঁহাৰি পোৱা নগ’ল।

উল্লেখ্য যে সাংবিধানিক বিধি-ব্যৱস্থা অনুসৰি গণতান্ত্রিকভাৱে নিৰ্বাচিত কোনো স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যকাল সমাপ্ত হ’লে আৰু নিৰ্ধাৰিত সময়ত পুনৰ নিৰ্বাচন অনুষ্ঠিত নহ’লে ৰাজ্যপালে ছমাহৰ সময়সীমাৰে সৰ্বোচ্চ দুবাৰ, অর্থাৎ এবছৰলৈ অধিসূচনা জাৰি কৰি কাৰ্যকাল বৃদ্ধি কৰিব পাৰে। দুবাৰকৈ কার্যকাল বৃদ্ধিৰ পাছতো যদি নির্বাচন অনুষ্ঠিত নহয়, তেন্তে পৰিষদখনক ৰাজ্য চৰকাৰে ভংগ অথবা নিজৰ সাধাৰণ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনলৈ নিব পাৰে! শেহতীয়া পৰিস্থিতিত অসম চৰকাৰে কি সিদ্ধান্ত ল’ব সেয়া লক্ষ্যণীয় হ’ব।

পৰিষদসমূহৰ বৰ্ধিত কার্যকালৰ সমাপ্তি আৰু পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটাই ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘পৰিষদসমূহৰ কাৰ্যকাল সমাপ্ত হ’লে পৰৱৰ্তী পদক্ষেপ কি হ’ব তাক বিচাৰ-বিবেচনা কৰাৰ সর্বোচ্চ ক্ষমতা অসম কেবিনেটৰ হাতত ন্যস্ত আছে। বিধি অনুসৰি অসম কেবিনেটেহে এই ক্ষেত্রত সঠিক সিদ্ধান্ত ল’ব পাৰিব। দুই এদিনতে অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। পৰৱৰ্তী সময়ত কেবিনেটৰ সিদ্ধান্তসমূহ ৰাজহুৱা কৰা হ’ব।’

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Councils ElectionsECIGovt Of AssamTerm ExpiredThree Autonomous Councils
publisher

publisher

Related Posts

বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা
India

May 31, 2025
Gaurav Gogoi :প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লাভ কৰাৰ পিচত যোৰহাট উপস্থিত গৌৰৱ গগৈ
News

Gaurav Gogoi :প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লাভ কৰাৰ পিচত যোৰহাট উপস্থিত গৌৰৱ গগৈ

May 31, 2025
প্রয়াত ভাৰতৰ ‘টাইগাৰ মেন’ বাল্মীক থাপাৰ 
India

প্রয়াত ভাৰতৰ ‘টাইগাৰ মেন’ বাল্মীক থাপাৰ 

May 31, 2025
বিপদসীমাৰ ওপৰত তিস্তা, ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত জাৰি ৰেড এলাৰ্ট 
India

বিপদসীমাৰ ওপৰত তিস্তা, ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত জাৰি ৰেড এলাৰ্ট 

May 31, 2025
Flood : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ- উপনৈ
India

Flood : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ- উপনৈ

May 31, 2025
পুনৰ দেশত হ’ব নেকি বিমুদ্ৰাকৰণ ? ৫০০ টকাৰ নোট নিষিদ্ধ কৰাৰ আহ্বান নাইডুৰ 
India

পুনৰ দেশত হ’ব নেকি বিমুদ্ৰাকৰণ ? ৫০০ টকাৰ নোট নিষিদ্ধ কৰাৰ আহ্বান নাইডুৰ 

May 31, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d