Nagaon Drama:
নগাঁও জিলা পুথিভঁৰালত কালি সন্ধিয়া সফলতাৰে মঞ্চস্থ হয় ‘বিদ্ৰোহী জনা’ নামৰ পূৰ্ণাংগ নাটখন । ঊনৈশ বছৰীয়া নাট্যানুষ্ঠান ‘শিল্প কানন’ৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশেষ নাট্য সন্ধিয়া । গোলাপ চন্দ্ৰ বৰাৰ ‘বিদ্ৰোহী জনা’ নামৰ নাটখনৰ পৰিকল্পনা আৰু পৰিচালনা আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা অসমৰ জীয়ৰী দক্ষিণা শৰ্মাৰ । পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে ৰাজকন্যা জনাগাভৰুৱে আৰম্ভ কৰা বিদ্ৰোহক শীৰ্ষস্থান প্ৰদান কৰি ৰচনা কৰা হৈছে এই নাটখন ।
কেনেদৰে আজিও মহিলাসকল পুৰুষৰ হাতত লাঞ্ছিত হয় আৰু প্ৰতাৰণাৰ বলি হয় তাৰেই যথাযোগ্য নিদৰ্শন পূৰ্ণাংগ নাটখনি । মুঠ বিশটাকৈ চৰিত্ৰ সম্পন্ন নাটখনিৰ সামগ্ৰিক ব্যৱস্থাপনাত আছিল প্ৰসন্ন কুমাৰ বেজবৰুৱা, ধনঞ্জয় বৰদলৈ আৰু শোণিত কুমাৰ বৰা । নীৰ আবিদৰ সংগীতেৰে উপভোগ্য হৈ পৰা নাটখনৰ পোহৰ নিক্ষেপন কৰিছিল সুৰজ কুমাৰ শইকীয়া আৰু গৌতম শইকীয়াই ।
উল্লেখ্য যে, আগন্তুক ৮ ফেব্ৰুৱাৰীত এইখন নাটকেই ‘ভাৰত ৰঙ্গ মহোৎসৱ’ৰ উপলক্ষে দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত মঞ্চস্থ হ’ব । আনহাতে, নগাঁও জিলাৰ ননৈৰ অভিমুখ নাট্যদলেও এই মহোৎসৱত অংশগ্ৰহণৰ বাবে সুযোগ লাভ কৰিছে । নাট্যদলটোৱে বিদ্যুত কুমাৰ নাথৰ ৰচনা আৰু পৰিচালনাত আগন্তুক ৫ ফেব্ৰুৱাৰীৰ দিনা গোৰখপুৰত তেওঁলোকৰ বহু সমাদৃত নাট ‘ৰঘুনাথ’ মঞ্চস্থ কৰিব ।