Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Magherita Coal Field:মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাৰ নেতৃত্বত কয়লাৰ ক’লা ব্যৱসায়

ক'লা হীৰাৰ ব্যৱসায় জীৱিকাৰ তাড়নাত, এশ প্ৰাক্তন আলোচনাপন্থী আলফাও নামি পৰিছে

publisher by publisher
December 12, 2023
in Uncategorized
Reading Time: 4 mins read
0
Magherita Coal Field:মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাৰ নেতৃত্বত কয়লাৰ ক’লা ব্যৱসায়
7
SHARES
65
VIEWS
ShareShareShareShare

RelatedPosts

Meghalaya Cm Announced:মেঘালয়ৰ মাইনিঙত শ্ৰমিকৰ মৃত্যুৰ ঘটনাক লৈ উদ্বিগ্ন মেঘালয়ৰ মুখ্যমন্ত্ৰী

Kharchang coal syndicate:ডিচেম্বৰৰ ভিতৰতে তিনিশ কোটি সংগ্ৰহৰ লক্ষ্য খাৰচাঙৰ কয়লা ছিণ্ডিকেটৰ

HC has taken a tough stance against illegal coal mining despite the ban:নিষেধাজ্ঞাৰ পাছতো কয়লাৰ অবৈধ খনন !

Magherita Coal Field:

বাপতি সাহোন ব’হাগৰ মাহ। নিশা প্রায় ১১ বাজিছে। চুবুৰীত তেতিয়াও ঢোলৰ মাতে ৰজনজনাই আছে। বতাহত কোনোবা ডেকাই প্রাণ ঢালি গোৱা বিহু এফাকি ৰিণিকি ৰিণিকি ভাহি আহিছে। টোপনি নগ’লেও ঘৰৰ সকলোৱে শোৱাপাটীত দীঘল দিছে। একপ্ৰকাৰ নীৰৱতাই নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ আৰম্ভ কৰিছে।

ADVERTISEMENT

একেবাৰে জোনাক নিশা বুলিও ক’ব নোৱাৰি। তথাপি নিশা সেই ১১ বজাতো চোতালত জোনাকৰ কিছু পোহৰ পৰিছে। সেই দেখা-নেদেখা পোহৰৰ মাজতেই ১৯ বছৰীয়া কাকু বৰা অকলে অকলে কাঠৰ চকী এখনত বহী আছে কাৰোবাৰ আপেক্ষাত। বুকুখন লাহে লাহে কঁপি উঠিছে, ভয় খাইছে। নিজে ক’ব নোৱাৰাকৈয়ে তেওঁৰ চকুপানী ওলাই আহিল।

ভাবিছিল মাক-দেউতাকৰ মুখখন এবাৰ চাই যাব। লাহেকৈ চৰণত স্পৰ্শ কৰি আশীর্বাদ লৈ যাব আৰু মনে মনে ক’ব- মই দেশমাতৃক স্বাধীন কৰিবলৈ ওলালো, হয়তো ঘুৰি নাহিবও পাবো। নাই নাই, কেনেবাকৈ সাৰে থাকিলে সকলো খেলিমেলি হ’ব। কথাবোৰ ভাবি থাকোতেই হঠাৎ এন্ধাৰে আবৰা চোতালৰ কাষৰ বাঁহনি জোপাৰ পৰা মাত ভাহি আহিল- ‘কাকু আহা। দেৰি হৈছে।’

সংযুক্ত মুক্তি বাহিনী অসম (আলফা)ত যোগদান কৰিবলৈ ওলোৱা ২০১১ৰ ব’হাগৰ সেই নিশাটোৰ কথাবোৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া অঞ্চলৰ গোঁসাইচুক গাঁও নিবাসী বিপুল বৰাৰ দ্বিতীয় পুত্র কাকু বৰাৰ মনত এতিয়াও সজীৱ হৈয়েই আছে। অৱশ্যে তেতিয়াৰ আৰু আজিৰ পৰিস্থিতিৰ মাজত আকাশ-পাতাল পার্থক্য। ২০১১ ত মাথোঁ ১৭ বছত ভৰি দিয়া কাকু বৰাৰ চকুত তিৰবিৰাইছিল স্বাধীন অসমৰ সপোন, পৰাধীনতাৰ শিকলি ভাঙি নিজৰ এখন দেশ গঢ়াৰ দুর্দান্ত হেঁপাহ।

মৃত্যুৰ ভয়, শংকাই প্রতিটো মুহূর্তত ৰোমাঞ্চকৰ হৈ উঠিছিল; কিন্তু ১০টা বছৰ চুবুৰীয়া দেশ ম্যানমাৰৰ ঘন হাবিৰ মাজত থাকি, অৱশেষত ২০২০ত মোহভংগ হৈ আত্মসমর্পণ কৰাৰ পাছত জীৱনে নিজেই নিজৰ সংজ্ঞা নির্ণয় কৰিবলৈ আৰম্ভ কৰিলে। একালৰ আলফা (স্বাধীন)ব দুর্ধর্ষ সদস্য, অসম আৰক্ষী তথা ভাৰতীয় সেনাৰ মূৰৰ কামোৰণি কাকু বৰা ওৰফে ৰাজু অসম সম্প্রতি ২৯ বছৰীয়া আৰু বিবাহিত।

আত্মসমর্পণ কৰি ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি অহা কাকু বৰাৰ সপোন এতিয়া দেশ স্বাধীন কৰা নহয়। এতিয়া তেওঁৰ সপোন- ঘৰখনক স্বাবলম্বী কৰা, বাঢ়ি অহা সংসাৰ আৰু অনিশ্চিত ভৱিষ্যতৰ বাবে পর্যাপ্ত ধন উপার্জন কৰা। গতিকে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা এতিয়া আৰু কাকু বৰাৰ নেতা হৈ থকা নাই।

এতিয়া কাকু বৰাৰ দৰে বহু দুর্ধর্ষ প্রাক্তন আলফা সদস্যৰ বাবে নতুন নেতা হ’ল ভাস্কৰ শর্মা। ভাস্কৰ শর্মা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপিৰ বিধায়ক। ইয়াৰ কাৰণ তেনেই স্বাভাৱিক। কাকু বৰা ওৰফে ৰাজু অসমৰ দৰেই সম্প্রতি ৮০ৰ পৰা এশ প্রাক্তন আলফা মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনিত জীৱন-জীৱিকাৰ স্বার্থত খনন কার্য চলাই গৈছে, অবৈধ কয়লা সৰবৰাহত প্রত্যক্ষভাবে জড়িত হৈ পৰিছে। উদ্দেশ্য এটাই- আত্মসংস্থাপন।

কোনোবা এজনে যদি ৩০ জনীয়া গোট বনাই লৈছে, আন কোনোবাই পাঁচজনীয়া, ১০ জনীয়া গোটত বিভক্ত হৈ মাৰ্ঘেৰিটাৰ পাহাৰপুৰ, লাল পাহাৰ, জাগুন আদি ঠাইত কয়লাৰ খাদান উলিয়াই লৈছে। দিনক ৰাতি, ৰাতিক দিন কৰি এফালৰ পৰা চপৰা-চপৰে খহাই গৈছে পাটকাইৰ বুকু।

টকা লাগে। মাথোঁ টকা লাগে। জীয়াই থাকিবলৈ, পৰিয়াল চলাবলৈ, ভবিষ্যত সুৰক্ষিত কৰিবলৈ টকা লাগে। গতিকে লানি নিছিগাকৈ পাহাৰৰ বক্ষ খান্দিবলৈ সুমুৱাই দিছে এটাৰ পাছত আনটো জেচিবি কোম্পানীৰ নতুন-পুৰণি ফকলেন, ডাম্পাৰ, পিক-আপ ভান ইত্যাদি। এদিনৰ উৎপাদন হেজাৰ হেজাৰ টন।

#কোনে দিয়ে এনে অবৈধ কার্যৰ অনুমতি ?

মাৰ্ঘেৰিটাৰ অবৈধ খনন কাৰ্যৰ চৰ্দাৰ কোন সেয়া আৰু সচেতন নাগৰিকক বুজাই কোৱাৰ প্ৰয়োজন নাই। দিল্লী-দিছপুৰৰ প্রত্যক্ষ পৃষ্ঠপোষকতাত সর্বশক্তিমান মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শর্মা। স্থানীয় প্রশাসন, আৰক্ষী সকলো ফুলদানি মাথোঁ। বিধায়ক শৰ্মাৰ ইচ্ছা, অনিচ্ছা, সিদ্ধান্তই চূড়ান্ত। বিধায়ক শৰ্মাৰ আইন প্ৰযোজ্য কৰিবৰ কাৰণে অতন্দ্র প্রহৰীৰ দৰে কাম কৰে সুনিল গুৰু, গোবিন্দ ছেত্রী, কাজল দেবনাথ, ৰাকেশ জয়ছোৱাল, অতুল চেতিয়া, বি গণেশ আদিৰ দৰে মাফিয়াই।

গতিকে অবৈধ কয়লা খনন, সৰবৰাহৰ স’তে জড়িত হ’বলৈ হ’লে প্রথমেই প্রতিজন ব্যক্তি, প্রতিটো গোট শৰণাপন্ন হ’ব লাগিব বিধায়ক শৰ্মাৰ। কাৰণ তেওঁৱেই প্রৱেশ পথৰ মুকলিৰ দিন, ছিণ্ডিকেটৰ বাবে সংগ্রহ কৰিবলগীয়া ধনৰ পৰিমাণ আৰু উৎপাদিত কয়লাৰ দাম আদি সকলো নির্ধাৰণ কৰে।

এইবোৰ কাৰণতে একালত পৰেশ বৰুৱাৰ আদেশ আৰু নেতৃত্বত ২৪ ঘন্টাই কান্ধত অত্যাধুনিক মাৰণাস্ত্র ওলমাই দেশ-জাতি ৰক্ষাৰ স্বার্থত নিদ্রাহীন ৰজনী পাৰ কৰা দুর্ধর্ষ আলফাসকলেও সম্প্রতি বিধায়ক শৰ্মাৰ এটা এটা সিদ্ধান্তৰ কাৰণে আগ্রহেৰে বাট চাবলগীয়া হয়।

বিধায়কজন অসন্তুষ্ট যাতে নহয় তাৰ বাবে সকলো সময়তে সচেতন হৈ থাকিব লাগে। যিমানেই যি নহওক, এতিয়া তেওঁলোকৰ অর্থনৈতিক সংগ্ৰামৰ নতুন সেনাধ্যক্ষ বিধায়ক ভাস্কৰ শর্মা। মাথোঁ সংগ্রামৰ ভাবধাৰা আৰু উদ্দেশ্য বেলেগ। গতিকে নিয়মো বেলেগ।

মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খননৰ সন্দৰ্ভত আলফা (আলোচনাপন্থী গোট)ৰ নেতা অনুপ চেতিয়াই ‘দৈনিক অগ্রদূত’ব আগত কয়, ‘প্রথম কথা, কেন্দ্রীয় চৰকাৰৰ স’তে আলোচনাৰ প্রক্রিয়া আগবঢ়াই নিয়া আলফা (আলোচনাপন্থী) গোটৰ কোনো সদস্য মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন আৰু সৰবৰাহ কাৰ্যৰ লগত জড়িত নহয়। পূৰ্বৰ প্রাক্তন আলফাৰ কোনো সদস্য যদি জড়িত আছে, কোন কোন আছে, তাৰ সংখ্যা কিমান সেয়া মোৰ জ্ঞাত নহয়।

এতিয়া বল পুনৰসংস্থাপনৰ বিষয়টো। যেতিয়ালৈকে কেন্দ্রীয় চৰকাৰৰ স’তে আমাৰ আলোচনা এক মীমাংসালৈ নাহে, তেতিয়ালৈ পুনৰসংস্থাপনৰ প্ৰসংগত আমি কোনো পদ্ধতি অথবা বিশেষ ব্যৱস্থা হাতত ল’ব নোৱাৰো। তাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল, যদিহে মাৰ্ঘেৰিটাৰ কয়লা খনন অবৈধ তেন্তে চৰকাৰে কিয় বন্ধ কৰা নাই?

চৰকাৰেইতো স্থানীয় বিধায়ক শৰ্মাৰ জৰিয়তে মুকলিকে গুণ্ডাকৰ লৈ আছে- এই কথা কোনে নাজানে?’ তাৎপর্যপূর্ণ যে আলফা (আলোচনাপন্থী) গোটৰ নেতা অনুপ চেতিয়াই তেওঁৰ গোটৰ কোনো সদস্য মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনন আৰু সৰবৰাহৰ লগত জড়িত নহয় বুলি দাবী কৰিলেও তেওঁৰেই বৰপুত্র জুমন চেতিয়াও যে প্রত্যক্ষভাবে ইয়াত জড়িত সেই কথা মাৰ্ঘেৰিটাৰ স্থানীয় ব্যৱসায়ীৰ মুখে মুখে চর্চিত।

মার্থেবিটাৰ স্থানীয় জনজাতীয় নেতা পল্লর শ্যাম বাইলুং জুমন চেতিয়াৰ অবৈধ কয়লা ব্যবসায়ৰ অন্যতম সহযোগী বুলিও বহু স্থানীয় কয়লা ব্যবসায়ীয়ে ‘দৈনিক অগ্রদূত’ৰ আগত দাবী কৰে।

আনহাতে, প্রাক্তন আলফা সদস্যৰ অবৈধ কয়লা ব্যৱসায়ৰ সন্দৰ্ভত প্রাক্তন আলফা নেতা জীতেন দত্তই ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে নিশাটোৰ ভিতৰত ধনৱান হোৱাৰ বাসনাতেই বহু প্রাক্তন সদস্যই মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাৰ শৰণাপন্ন হৈ অবৈধ ব্যবসায়ত লিপ্ত হৈছে। তেওঁ কয়, ‘আলফাত যোগদান কৰা প্ৰতিজন সদস্যই ঐতিহাসিকভাৱে অসমৰ থলুবা, খিলঞ্জীয়া, ভূমিপুত্র।

গতিকে তেওঁলোকৰ মাটিবাৰী নথকাতো হ’বই নোৱাৰে। সমস্যাটো হ’ল কর্মদক্ষতা আৰু কর্মসংস্কৃতিৰ অভাৱ। তেওঁলোকে উপলব্ধি কৰিব লাগিব যে দেশ মাতুৰ হকে যদি ম্যানমাৰৰ ঘন জংঘলত অনাহাৰে থাকি অবিচল সংগ্রাম কৰিব পাৰে, তেন্তে মূলসুঁতিলৈ ঘূৰি আহি অর্থনৈতিক সংগ্রামখনো একেই উদ্যম, প্রতিশ্রুতি আৰু শাৰীৰিক- মানসিক শক্তিৰে যুঁজি জাতিক আগুৱাই নিব পাৰিব লাগিব। অন্যথা জাতি ৰসাতলে যোৱাটোৱেই অনিবার্য।’

প্রাক্তন আলফাৰ পুনৰসংস্থাপনৰ ক্ষেত্ৰত প্রাক্তন আলফা সমন্বয়ৰক্ষী সমিতি, প্রাক্তন আলফা সমিতি আৰু অসম তথা ভাৰত চৰকাৰৰো বহু কৰণীয় আৰু দায়িত্ব আছে বুলিও প্রাক্তন আলফা নেতা দত্তই অভিমত ব্যক্ত কৰে। সম্প্রতি অসমত প্রায় ১০ হেজাৰ প্ৰাক্তন আলফাৰ সদস্য আৰু প্রায় এহেজাৰ আলফা (আলোচনাপন্থী) গোটৰ সদস্য আছে বুলি দাবী কৰি দত্তই পুনৰ কয়, ‘১০ হেজাৰ প্ৰাক্তন আলফাৰ ৯০ শতাংশই আর্থিকভাবে স্বচ্ছল নহয়।

গতিকে জীৱন-জীৱিকাৰ তাড়নাত বৈধ-অবৈধ যিকোনো উপাৰ্জনৰ পথ বাচি লোৱাটো অস্বাভাবিক নহয়। কথা হ’ল, অকলে একো কৰিব নোৱাৰে। বহু প্রাক্তন আলফাই আত্মসমর্পণ কৰাৰ পাছত, ঘৰ, গাঁও, সমাজতো গ্রহণযোগ্যতা নাপায়। গতিকে অকলে অকলে খুঁজ নিদি সকলোকে বিভিন্ন অর্থনৈতিক গোটত বিভক্ত কৰি আমি নতুন অর্থনৈতিক সংগ্রাম এখন গঢ়ি তুলিব লাগিব। ইজনে আনজনৰ সহযোদ্ধা হ’ব লাগিব।’

প্রাক্তন আলফা সদস্যৰ গৰিষ্ঠ সংখ্যকেই ডিব্রুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ জিলাৰ বুলি দাবী কৰি দত্তই লগতে কয়, ‘অবৈধ কয়লা খনন আৰু সৰবৰাহ যিকোনো মুহূর্ততে বন্ধ হ’ব পাৰে। গতিকে, আহক আমি সকলোৱে মিলি এক নতুন অর্থনৈতিক বিকল্পৰ সন্ধানত আগবাঢ়ো আৰু জাতিক পুনৰুদ্ধাৰ কৰো।’

উল্লেখ্য যে প্রাক্তন আলফা সদস্যসকলক অবৈধ কয়লা খনন আৰু সৰবৰাহৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা দত্তব ভ্রাতৃ মনোজ দত্তও যে বহু বছৰ ধৰি মাৰ্ঘেৰিটাৰ কয়লা অবৈধ খনন আৰু সৰবৰাহৰ লগত জড়িত এই কথা স্বয়ং প্রাক্তন আলফা সদস্যসকলেই ‘দৈনিক অগ্রদূত’ৰ আগত মুকলিকৈ প্ৰকাশ কৰে।

ইপিনে, প্রাক্তন আলফা তথা প্রাক্তন আলফা (স্বাধীন) ঐক্য মঞ্চৰ উপ-সভাপতি কাকু বৰাই ‘দৈনিক অগ্রদূত’ৰ আগত কয়, ‘আমাৰ কথা হ’ল সম্পদ অসমৰ। গতিকে অসমৰ প্রাকৃতিক সম্পদ যদি কোনো বহিৰাগতই নিৰৱচ্ছিন্নভাবে ভোগ কৰিব পাৰে তেন্তে থলুৱাই কিয় নোৱাৰিব। আমি আহ্বান জনাইছো, মাৰ্ঘেৰিটাৰ কয়লা খনিৰ অৱস্থিতি থকা সমগ্র অঞ্চল জৰীপ কৰি চৰকাৰে বৈধ ঘোষণা কৰক, এই সম্পদৰ ওপৰত সম্পূর্ণ অধিকাৰ থলুৱাৰ হাতত ন্যস্ত কৰক। আমি ৰাজহ দিবলৈ প্রস্তুত আছো।

অন্যথা আমাৰ সম্পদৰ দ্বাৰাই সাধাৰণ বহিৰাগত পুঁজিপতিলৈ উন্নীত হ’ব আৰু থলুৱাই অবৈধ ব্যৱসায়ীৰ দ্বাৰা আজীৱন শোষিত, বঞ্চিত আৰু লাঞ্ছিত হৈ থাকিব লাগিব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BHASKAR SARMAEx ulfaILLEGAL COAL BUSINESSILLEGAL COAL MINING
publisher

publisher

Related Posts

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান
Assam

দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

September 5, 2026
তেজপুৰত শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন ছিঙি নিলে দুৰ্বৃত্তই
Uncategorized

তেজপুৰত শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন ছিঙি নিলে দুৰ্বৃত্তই

September 4, 2026
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ

September 4, 2026
শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ
Uncategorized

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ

September 4, 2026
ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ
Uncategorized

ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d