Inauguration of LGNBIAirport Terminus Upgradation Project:গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনাছৰ পুনৰ উন্নীতকৰণ প্ৰকল্পৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ

LAF

Inauguration of LGNBIAirport Terminus Upgradation Project:

বৰঝাৰস্থিত উত্তৰ পূৰ্বৰ একমাত্ৰ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ এল জি বি আই এৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনাছৰ পুনৰ উন্নীতকৰণ প্ৰকল্পটি বুধবাৰে  উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই

উল্লেখ্য যে প্ৰকল্পটিৰ বৈশিষ্ট্য সমূহ হ’ল বিমানবন্দৰৰ টাৰ্মিনাছৰ সন্মুখফালৰ প্লেটফৰ্মৰ এলেকা ২৭০ বৰ্গমিটাৰৰ পৰা ১০০০ বৰ্গমিটাৰলৈ বৃদ্ধি কৰাৰ সমান্তৰালভাৱে প্ৰৱেশ পথৰ সংখ্যা ৮ লেনৰ পৰা ১৪ লেনলৈ বৃদ্ধি কৰা হৈছে ৷

একেদৰে ৩০০ বৰ্গমিটাৰৰ নতুন বাগিচা বিকশিত কৰাৰ লগতে প্ৰায় ৯০০ বৰ্গমিটাৰ পদপথ বিকশিত কৰা হৈছে ৷ আনহাতে টাৰ্মিনাছৰ প্ৰৱেশ লেন দুটাৰ পৰা চাৰিটালৈ আৰু প্ৰস্থানৰ লেন তিনিটাৰ পৰা চাৰিটালৈ বৃদ্ধি কৰা হৈছে।মুকলি কৰা হৈছে চাৰিখন ডিজি যাত্ৰা গে’ট ৷ নিৰাপত্তা চেক-ইনৰ এলেকা ৩০০ৰ পৰা ৪৫০ বৰ্গমিটাৰলৈ বৃদ্ধি কৰাৰ উপৰিও চেক-ইন লাগেজৰ স্ক্ৰীনিং প্ৰক্ৰিয়াৰ বাবে অতিৰিক্ত শাৰীৰ ব্যৱস্থা কৰা হৈছে ৷

Exit mobile version