Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ পিছুৱাই দিয়া হ’ল সুভাংশুৰ অভিযান !

    অন্ধ্ৰ জংঘলত গ্ৰেহাউণ্ডৰ গুলীচালনাত নিহত মাওবাদী নেতা উদয়, অৰুণা

    Isreal- Iran War Update:ক্ৰমাৎ মধ্যপ্রাচ্যৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ

    Gst Evasion:মহানগৰীৰ অটো এজেন্সীৰ দুবছৰত কে’বা কোটি টকাৰ জিএছটি ফাকি

    GST evasion of 355 establishments:ৰাজ্যত শ শ কোটি টকাৰ জিএছটি ফাকিৰ বৃহৎ ক’লা বজাৰ, ৰাজকোষত মাধমাৰ

    Bhatiapar Gas Leak Displaces: :ভটীয়াপাৰৰ অ’এনজিচিৰ খাদৰ পৰা গেছ নির্গমন ৭ দিনে ধৰি অব্যাহত

    বিজাপুৰ গাঁৱৰ বাসিন্দাক অপহৰণ কৰি ফাঁচী দি হত্যা মাওবাদীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

    অতিৰিক্ত নিদ্ৰাত হেৰাই স্মৃতিশক্তি

    কাৰ্ডবিহীনভাৱে এটিএমৰ পৰা টকাৰ লেনদেন কেনেদৰে কৰিব ?

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Colombia returned, India welcomed:কলম্বিয়াই উভতালে, ভাৰতে আদৰিলে !

শতাধিক ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ অমৃতসৰত অৱতৰণ মার্কিন সামৰিক বিমানৰ, বিতাড়িতৰ মাজত চাৰি বছৰীয়া শিশুসহ ১২ কণমানি-২৫ মহিলা, ২৫ বছৰৰ তলৰ ৪৮, যথোচিত মর্যাদা আৰু সম্মান দিয়া উচিত, ঘৰলৈ যাবলৈ মিনি বাছৰ ব্যৱস্থা কৰিলে পঞ্জাৱ চৰকাৰে

publisher by publisher
February 6, 2025
in India, News
Reading Time: 3 mins read
0
Colombia returned, India welcomed:কলম্বিয়াই উভতালে, ভাৰতে আদৰিলে !
0
SHARES
4
VIEWS
ShareShareShareShare

Colombia returned, India welcomed:

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্ধুৰ মৰ্যাদা দি অহা মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ প্ৰশাসনে দুর্ধর্ষ অপৰাধীৰ দৰে হাতকেৰায়া লগাই ভাৰতীয় অনুপ্রবেশকাৰীকো সামৰিক বিমানত তুলি বিতাড়ন কৰিলে। আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বসবাস কৰা শতাধিক ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ বুধবাৰে পঞ্জাবৰ অমৃতসৰৰ শ্রীগুৰু ৰামদাসজী আন্তর্জাতিক বিমানকোঠত এখন মার্কিন সামৰিক বিমানে অবতৰণ কৰে।

ADVERTISEMENT

এইসকল ভাৰতীয় লোকক দুর্ধর্ষ অপৰাধীৰ লেখীয়া আচৰণ কবি মার্কিন প্রশাসনে হাতকেৰায়া লগাই সামৰিক বিমানখনত তুলি বিতাড়ন কৰে বুলি অভিযোগ উত্থাপন কৰি সৰৱ হৈ উঠিছে বিৰোধী কংগ্ৰেছ। এই অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাই কয়, ‘আমেৰিকাৰ পৰা প্রত্যর্পণৰ সময়ত এই ভাৰতীয় লোকসকলক হাতকেৰায়া লগোৱা আৰু অপমান কৰা ফটো দেখি ভাৰতীয়ৰূপে মই দুখ পাইছো।’

RelatedPosts

Trump’s policies in the UK:ব্ৰিটেইনত ট্ৰাম্পৰ নীতি !

487 Indians deported again:শীঘ্ৰে আৰু ৪৮৭ ভাৰতীয়ক বহিষ্কাৰ

US Deports Indian Migrants: আমেৰিকাৰ অবৈধ ভাৰতীয়সকলক লৈ অমৃতসৰত অৱতৰণ কৰে বিমান !

মঙলবাৰে এটা সংবাদ সংস্থাই সূত্ৰৰ উদ্ধৃতি দি প্রকাশ কৰা বাতৰি অনুসৰি, ট্রাম্প প্রশাসনে মার্কিন বায়ুসেনা বাহিনীৰ এখন চি-১৭ বিমানত তুলি ২০৫ অনুপ্রবেশকাৰী ভাৰতীয়ক বিতাড়ন কৰে। এই ভাৰতীয়সকলক লৈ সামৰিক বিমানখনে টেক্সাছৰ ছান এন্ট’নিঅ’ৰ পবা ভাৰত অভিমুখে উৰা মাৰে। আনহাতে, বুধবাৰে অমৃতসৰৰ শ্রীগুৰু ৰামদাসজী আন্তর্জাতিক বিমানকোঠত শতাধিক ভাৰতীয়ক লৈ অৱতৰণ কৰা মার্কিন সামৰিক বিমানখনত ৪৫জন মার্কিন বিষয়াও আছিল। মার্কিন বিষয়াসকলে এই ভাৰতীয়সকলৰ প্রত্যর্পণ প্রক্রিয়া সম্পূর্ণ কৰাৰ উদ্দেশ্যে অনুপ্রবেশকাবীসকলৰ স’তে একেখন বিমানত আহি ভাৰত পায় বুলি চর্চিত হৈছে।

ৰাষ্ট্রপতি ট্রাম্পৰ এক কঠোৰ কাৰ্যবাহী নির্দেশৰ ভিত্তিত প্রত্যর্পণৰ সম্মুখীন হোৱা এই শতাধিক ভাৰতীয়ৰ মাজত ২৫গৰাকী মহিলা আৰু ১২টি কণমানিও আছে। বিমানখনত ৭৯জন পুৰুষ ভাৰতীয়কো বিতাড়ন কৰে ট্রাম্প প্রশাসনে। এই পুৰুষ ভাৰতীয়সকলৰ ৪৮জনৰ বয়স ২৫ বছৰৰ তলত। আনহাতে, ১২ কণমানিৰ মাজত এটি চাৰি বছৰীয়া শিশুও আছে। বিমানখনত ১১জন বিমান কর্মচাৰী আছিল। সূত্রই প্রকাশ কৰা অনুসৰি, ভাৰতলৈ প্রত্যর্পিত হোৱা এই শতাধিক ভাৰতীয়ৰ ৩৩জন গুজৰাটৰ, ৩০জন পঞ্জাবৰ, তিনিজন মহাৰাষ্ট্রৰ, দুজনকৈ উত্তৰ প্ৰদেশ আৰু চণ্ডীগড়ৰ লোক আছে।

▶️বিমানকোঠত কটকটীয়া নিৰাপত্তা: ঘৰলৈ যাবলৈ মিনি বাছৰ ব্যৱস্থা কৰিলে পঞ্জাব চৰকাৰে

এখন মার্কিন সামৰিক বিমানে শতাধিক প্রত্যর্পিত ভাৰতীয়ক লৈ অমৃতসৰলৈ যাত্রা কৰি থকা বুলি বার্তা পোৱাৰ পাছতে তৎপৰ হৈ উঠে পঞ্জাব আৰক্ষী। বিমানখনত অনা শিশু-মহিলাসহ ১১৬ ভাৰতীয়ক সাহায্য প্রদানৰ বাবে বিমানকোঠত বিশেষ ব্যবস্থা কৰে পঞ্জাব আৰক্ষীয়ে। তেওঁলোকক নিজ নিজ ঘৰলৈ প্রেৰণৰ উদ্দেশ্যে আৰক্ষীয়ে কে’বাখনো মিনি বাছো যোগাৰ কৰে। সূত্রই প্রকাশ কৰা অনুসৰি, প্রত্যর্পিতসকলৰ মাজৰ পঞ্জাবৰসকলক বাছত তুলি নিজ নিজ ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয়।

COLOMBIA2এই সম্পর্কত পঞ্জাবৰ আৰক্ষী সঞ্চালকপ্রধান গৌৰৱ যাদৱে সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্রী ভগৱন্ত মানৰ স’তে হোৱা এক আলোচনাত এই প্রত্যর্পিত ভাৰতীয়সকলক বন্ধুত্বসুলভ আচৰণেৰে আদৰণি জনোৱাৰ সিদ্ধান্ত গৃহীত হয়। লগতে প্রত্যর্পিতসকলৰ সাহাযার্থে বিমানকোঠত কক্ষ (কাউন্টাৰ) স্থাপনৰো সিদ্ধান্ত উক্ত বৈঠকত গৃহীত হয় বুলি আৰক্ষী সঞ্চালকপ্রধান যাদৱে সদৰী কৰে। আনহাতে, আৰক্ষীয়ে আজি শ্রীগুৰু ৰামদাসজী আন্তর্জাতিক বিমানকোঠত নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তোলে। সূত্রই প্রকাশ কৰা অনুসৰি, এই প্রত্যর্পিত ভাৰতীয়সকলৰ প্রসংগত পঞ্জাব আৰক্ষীয়ে কেন্দ্রীয় চৰকাৰৰ স’তে অহৰহ যোগাযোগ অব্যাহত ৰাখে। বিমানকোঠতে প্রত্যর্পিতসকল অতীতত কোনো অপৰাধৰ স’তে জড়িত আছিল নেকি, তাৰ পৰীক্ষা কৰা হয়।

▶️অবৈধভাবে বিদেশলৈ প্ৰেৰণ কৰা ‘ট্রেভেল এজেন্ট’ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী

ট্রাম্প প্রশাসনে অনুপ্রবেশকাৰীক বিতাড়ন কৰা কার্যই সমগ্র দেশত জোঁকাৰণিৰ সৃষ্টি কৰিছে। বুধবাৰে শতাধিক ভাৰতীয়ক লৈ মার্কিন বায়ুসেনা বাহিনীৰ এখন চি-১৭ বিমানে অমৃতসৰ বিমানকোঠত অৱতৰণ কৰাৰ পাছতে পঞ্জাৱত তোলপাৰৰ সৃষ্টি হয়। কাৰণ এই শতাধিক ভাৰতীয়ৰ মাজত ৩০জন পঞ্জাবৰো লোক আছে। বিষয়টোক লৈ প্রতিক্রিয়া প্রকাশ কৰি বিদেশলৈ অধ্যয়ন কৰিবলৈ যোৱা ছাত্র-ছাত্রীক দিহা-পৰামর্শ দিয়া পঞ্জাবস্থিত এটা সংস্থাৰ কার্যবাহী সদস্য নীতিন চাওলাই অবৈধ-অনৈতিক উপায়েৰে বিদেশলৈ ভাৰতীয় লোক প্রেৰণ কৰা ট্রেভেল এজেন্টসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ দাবী উত্থাপন কৰিছে। চাওলাই কয়, ‘আগতে কানাডাই ভাৰতীয় লোকক প্রত্যর্পণ কৰিলে, এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই কৰি আছে। আমেৰিকা যুক্তৰাষ্ট্রৰ হাতত ২০ হেজাৰ ভাৰতীয় অনুপ্রৱেশকাৰীৰ তালিকা আছে। নিঃসন্দেহে আমি তেওঁলোকক ভাৰতলৈ আদৰণি জনাম।

কিন্তু এই মুহূর্তত মই অনুভৱ কৰিছো, আমি নিজকে বিশ্লেষণ কৰি চোৱা উচিত।’ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্রত্যর্পিত হোৱাসকলক কোনে তেওঁলোকক দেশখনলৈ প্রেৰণ কৰিছিল সেই বিষয়ে সোধা উচিত। তেওঁলোকৰ উত্তৰৰ ভিত্তিত ব্যৱস্থা গ্রহণ কৰা উচিত বুলি চাওলাই মত পোষণ কৰে। অৱশ্যে একাংশই স্বেচ্ছাই অবৈধভাবেও আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব পাৰে বুলিও তেওঁ সন্দেহ প্রকাশ কৰে। একেদৰে বিনয় কুমাৰ হাবি নামৰ এজন লোকে কয় যে বিষয়টোক লৈ এক তদন্তৰ প্রয়োজন হৈছে। বিদেশলৈ অবৈধ আৰু অনৈতিক পন্থাৰে ভাৰতীয় লোকক প্ৰেৰণ কৰা মাফিয়া চক্রক বিচাৰি উলিওৱাৰ প্ৰয়োজন হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘ট্রেভেল এজেন্টসকলৰ অনুজ্ঞাপত্র থাকে আৰু তেওঁলোকে নীতি-নিয়ম মানি চলে। যিসকলে অবৈধ উপায়েবে বিদেশলৈ মানুহ প্রেৰণ কৰি ধন ঘটে, তেওঁলোক পঞ্জীয়নকৃত ট্রেভেল এজেন্ট নহয়। এনে এজেন্টে মানুহ প্রেৰণৰ কিছুদিন পাছতে ফোন নম্বৰ সলনি কৰী।’

▶️অহা সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব মোদীয়ে !

এটি চাৰি বছৰীয়া শিশুসহ শতাধিক ভাৰতীয়ক সামৰিক বিমানত তুলি বিতাড়ন কৰা আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণৰ বাবে প্রধানমন্ত্রী মোদীয়ে প্রস্তুতি চলোৱা বুলি চর্চা হৈছে। সূত্ৰৰ মতে, আগন্তুক সপ্তাহত প্রধানমন্ত্রী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ৰাষ্ট্রপতি ট্রাম্পৰ যোৱা ২০ জানুৱাৰীৰ শপতগ্রহণ অনুষ্ঠানত ভাৰতক প্রতিনিধিত্ব কৰি বৈদেশিক মন্ত্রী ড° এছ জয়শংকৰে অংশগ্রহণ কৰী। যদি মোদীয়ে অহা সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ কৰে তেন্তে তেওঁৰ এই ভ্রমণ হ’ব ট্রাম্পৰ দ্বিতীয়বাৰ বাষ্ট্রপতিৰূপে শপতগ্ৰহণৰ পাছত ভাৰতৰ প্রধানমন্ত্রীৰ প্ৰথমটো আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ।

▶️অনুপ্রৱেশকাৰী লৈ যোৱা দুখন মার্কিন সামৰিক বিমানক অৱতৰণ কৰিবলৈ নিদিলে কলম্বিয়াই

ট্রাম্পে সামৰিক বিমানৰে অবৈধ নাগৰিকক বিতাড়ন কৰাৰ ঘটনাই বিশ্বজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰি আছে। ইয়াৰ মাজতে কলম্বিয়ালৈ অনুপ্রৱেশকাৰী লৈ যোৱা দুখন মার্কিন সামবিক বিমানক দেশখনত অৱতৰণৰ অনুমতি নিদিলে কলম্বিয়া চৰকাৰে। মার্কিন প্রশাসনৰ দ্বাৰা সামৰিক বিমানেৰে অনুপ্রৱেশকাৰী বিতাড়নক গৰিহণা দিছে লেটিন আমেৰিকাৰ দেশ কলম্বিয়াৰ ৰাষ্ট্রপতি ডক্টভ’ পেট্র’ৰে। সামাজিক মাধ্যমত দিয়া এটা প’ষ্টত ৰাষ্ট্ৰপতিজনে কয়, ‘কলম্বিয়াই কেৱল অসামৰিক বিমানত বিতাড়ন কৰা অনুপ্রৱেশকাৰীকহে আদৰি ল’ব।

অনুপ্রৱেশকাৰীসকলকো মর্যাদা আৰু সম্মান দিয়া উচিত।’ কলম্বিয়াৰ পূর্বেও মেক্সিক’ও সামৰিক বিমানত অনুপ্ৰৱেশকাৰী বিতাড়নৰ মার্কিন প্রশাসনৰ কাৰ্যক গৰিহণা দি এনে কার্য মানি নলয় বুলি স্পষ্ট কবি দিয়ে। অৱশ্যে ভাৰতে এই ক্ষেত্ৰত মার্কিন প্রশাসনৰ ওচৰত কোনো ওজৰ-আপত্তি প্রদর্শন কৰা নাই। ইয়াৰ বিপৰীতে প্রধানমন্ত্রী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণৰহে প্রস্তুতি চলোৱা বুলি চর্চিত হৈছে। লক্ষ্যণীয়ভাবে সামৰিক বিমানত অনুপ্রৱেশকাৰীক বিতাড়নৰ বাবদ মার্কিন প্রশাসনে বুজন অংকৰ ধন ব্যয় কৰিবলগীয়া হৈছে বুলি সূত্রই সদৰী কৰিছে। এনে অনুপ্রবেশকাৰী বিতাড়ন ব্যৱস্থা অতি ব্যয়বহুল বুলি চিহ্নিত হৈছে। আমেৰিকাৰ ইতিহাসতো সামৰিক বিমানেৰে অনুপ্রৱেশকাৰী বিতাড়নৰ এয়াই প্রথম ঘটনা।

▶️মোদীক ট্রাম্পৰ স’তে আলোচনাৰ মাধ্যমৰে সমস্যা সমাধানৰ দাবী

আমেৰিকা যুক্তৰাষ্ট্ৰত লাঞ্ছনা-গঞ্জনা খাই ভাৰতলৈ উভতি আহিবলৈ বাধ্য হোৱা অনুপ্রৱেশকাৰীসকলক লৈ ক্ষোভ প্রকাশ কৰিছে পঞ্জাৱৰ প্রৱাসী ভাৰতীয় মন্ত্রী কুলদ্বীপ সিং ধালিৱালে। সামৰিক বিমানত তুলি পঠিওৱাৰ দৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰা ট্রাম্প প্রশাসনৰ স’তে আলোচনাৰ মাধ্যমৰে সমস্যাটো সমাধান কৰিবলৈ প্রধানমন্ত্রী মোদীক তেওঁ দাবী জনায়। বুধবাৰে ভাৰতত উপস্থিত হোৱা শতাধিক অনুপ্রৱেশকাৰীৰ স্বাস্থ্যৰ অৱস্থা ঠিকেই আছে বুলি মন্তব্য কৰি মন্ত্রীজনে কয়, ‘মোদীয়ে ৰাষ্ট্রপতি ট্রাম্পক বন্ধু আখ্যা দিয়ে। তেওঁৰ হৈ আমেৰিকাত প্রচাৰো চলায়। গতিকে তেওঁ ট্রাম্পৰ স’তে আলোচনা কৰি এই সমস্যা সমাধান কৰক।’ একেদৰে অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক পৃথিৰাজ সাথেই ক্ষোভ প্রকাশ কৰিছে যে অমৃতসৰ বিমানকোঠত উপস্থিত হোৱা মার্কিন সামৰিক বিমানখনত ভাৰতীয় অনুপ্রৱেশকাৰীসকলক হাতকেৰেয়া লগাই অনা হয়। ‘বিশ্বগুক’ মোদীয়ে এই ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰা উচিত বুলি কংগ্রেছ নেতাজনে দাবী উত্থাপন কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amritsar AirPortIndian MigrantUS Airforce
publisher

publisher

Related Posts

পুনৰ পিছুৱাই দিয়া হ’ল সুভাংশুৰ অভিযান !
India

June 18, 2025
অন্ধ্ৰ জংঘলত গ্ৰেহাউণ্ডৰ গুলীচালনাত নিহত মাওবাদী নেতা উদয়, অৰুণা
India

অন্ধ্ৰ জংঘলত গ্ৰেহাউণ্ডৰ গুলীচালনাত নিহত মাওবাদী নেতা উদয়, অৰুণা

June 18, 2025
Isreal- Iran War Update:ক্ৰমাৎ মধ্যপ্রাচ্যৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ
News

Isreal- Iran War Update:ক্ৰমাৎ মধ্যপ্রাচ্যৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ

June 18, 2025
Gst Evasion:মহানগৰীৰ অটো এজেন্সীৰ দুবছৰত কে’বা কোটি টকাৰ জিএছটি ফাকি
News

GST evasion of 355 establishments:ৰাজ্যত শ শ কোটি টকাৰ জিএছটি ফাকিৰ বৃহৎ ক’লা বজাৰ, ৰাজকোষত মাধমাৰ

June 18, 2025
Bhatiapar Gas Leak Displaces: :ভটীয়াপাৰৰ অ’এনজিচিৰ খাদৰ পৰা গেছ নির্গমন ৭ দিনে ধৰি অব্যাহত
News

Bhatiapar Gas Leak Displaces: :ভটীয়াপাৰৰ অ’এনজিচিৰ খাদৰ পৰা গেছ নির্গমন ৭ দিনে ধৰি অব্যাহত

June 18, 2025
বিজাপুৰ গাঁৱৰ বাসিন্দাক অপহৰণ কৰি ফাঁচী দি হত্যা মাওবাদীৰ
India

বিজাপুৰ গাঁৱৰ বাসিন্দাক অপহৰণ কৰি ফাঁচী দি হত্যা মাওবাদীৰ

June 18, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d