External Affairs Minister S.Jaishankar speaks in Parliament on the deportation of Indian immigrants from the US:
আমেৰিকাৰ পৰা ভাৰতীয় অনুপ্ৰৱেশকাৰীসকলক বহিস্কাৰ কৰাৰ বিষয়টো সংসদত সৃষ্টি হৈছে বিতৰ্ক । অৱশেষত, বিৰোধীৰ প্ৰতিবাদৰ সন্মুখীন হৈ ৰাজ্যসভাত মুখ খুলিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীএছ জয়শংকৰে । তেওঁ জনালে ,”আমেৰিকাৰ পৰা প্ৰত্যাৰ্পণ নতুন কথা নহয়। এইটো ২০০৯ চনৰ পৰা হৈ আহিছে। “
ওলোটাই কংগ্ৰেছৰ সাংসদ ৰণদীপ সুৰজেৱালাই প্ৰশ্ন কৰে, “চৰকাৰে জানিছিলনে নে ১০৪ জন ভাৰতীয়ক হেণ্ডকাফ আৰু ভৰিত শিকলি লগাই ৪০ ঘণ্টা ধৰি বিমানত উঠাই দেশলৈ ঘূৰাই পঠিওৱা হৈছে ?”
আমেৰিকাৰ সামৰিক বিমান চি-১৭ গ্ল’বমাষ্টাৰত হাতত হেণ্ড কাফ আৰু ভৰিত শিকলি পিন্ধাই ভাৰতলৈ ঘূৰাই পঠোৱাৰ ঘটনাক লৈ উত্তাল হৈ পৰে সংসদ ।
এই পৰিস্থিতিত জয়শংকৰে কয়, “যদি কোনো নাগৰিকে অবৈধভাৱে বহিঃৰাজ্যত বাস কৰা বুলি প্ৰমাণিত হয়, তেন্তে তেওঁলোকক ঘূৰাই লোৱাটো সকলো দেশৰ কৰ্তব্য।” লগতে তেওঁ কয় ,“হেণ্ডকাফিং আমেৰিকাৰ নিয়ম।” কিন্তু মহিলা আৰু শিশুসকলক হেণ্ডকাফ লগোৱা হোৱা নাই । শৌচাগাৰলৈ যোৱাৰ সময়ত আনসকলকো হেণ্ডকাফ খুলি দিয়া হয়।”
একে সময়তে জয়শংকৰে কয় যে নথি-পত্ৰ অবিহনে ভাৰতীয়ক আমেৰিকালৈ পঠোৱাত জড়িত চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব মোডী প্ৰশাসনে।
তাৰ পাছত জয়শংকৰলৈ প্ৰশ্ন কৰিবলৈ অনুমতি বিচাৰিছিল কংগ্ৰেছৰ সাংসদ ৰণদীপ সুৰজেৱালাই । যেতিয়া জগদীপ ধনখৰে তেওঁক অনুমতি দিয়ে, তেওঁ সুধে, “চৰকাৰে জানিছিলনে যে ১৯ গৰাকী মহিলা আৰু শিশুসহ ১০৪ জন ভাৰতীয়ক হেণ্ডকাফ লগাই ৪০ ঘন্টা বিমানত উঠাই ভাৰতলৈ ঘূৰাই পঠিয়াই দিয়া হৈছে?”
উগ্ৰপন্থীৰ দৰে তেওঁলোকক এনেদৰে ঘূৰাই অনাৰ বিষয়ে চৰকাৰে জানে নেকি? তাত কিমান জন ভাৰতীয় এনে দৰে ডিটেনচন কেম্পত আবদ্ধ হৈ আছে?” একে সময়তে তেওঁ কলম্বিয়াৰ উদাহৰণ দাঙি ধৰি সুধিলে যে , যদি কলম্বিয়াই নিজৰ দেশৰ পৰা আমেৰিকালৈ যোৱা অনুপ্ৰৱেশকাৰীৰ উভতি অহাৰ বিষয়ে ৰঙা চকু দেখুৱাব পাৰে, তেন্তে মোডী চৰকাৰে কিয় নোৱাৰিলে?
প্ৰসংগক্ৰমে ৰাজনৈতিক বিশেষজ্ঞসকলে আমেৰিকাৰ পৰা ভাৰতীয় অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠোৱাৰ ক্ষেত্ৰত মোডী চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকৰ মতে, ভাৰতীয়ক কেনেদৰে উভতাই পঠোৱা হৈছে সেই বিষয়ে কেন্দ্ৰ সচেতন হোৱা উচিত।
মোডীয়ে ৰিপাব্লিকান নেতাজনক ‘নমস্তে ট্ৰাম্প’ৰ দৰে অনুষ্ঠানৰে দেশলৈ স্বাগতম জনাইছে। আকৌ, মোডীৰ সৈতে দেশত ‘হাউডি মোডী’ হৈছে। মোডী-ট্ৰাম্প বন্ধুত্ব সকলোৱে জানে। ট্ৰাম্পৰ কাৰ্যালয়ত বহি এনে পদক্ষেপ লোৱাৰ পাছতো মোডী চৰকাৰে কিয় মাত মাতি থকা নাই, প্ৰশ্ন উত্থাপিত হয়।